Featured post
মুদ্রা আৰু দ্রব্যমূল্য :: এতিয়াৰ আৰু তাহানিৰ
- Get link
- Other Apps
মুদ্রা আৰু দ্রব্যমূল্য :: এতিয়াৰ আৰু তাহানিৰ
দিগন্ত
যাদৱ শৰ্মা
ঘৰুৱা পৰিবেশত অথবা আড্ডাত কেইজনমানৰ সৈতে এনেয়ে কথা পাতি থাকোতে, তাহানিৰ লগত আজিৰ বয়-বস্তুৰ
তুলনামুলক মূল্য সম্পৰ্কেও কিছু কথা ওলাই। আমাৰ মাজৰ এজনে তাহানিৰ দুটামান বস্তুৰ মূল্য সম্পৰ্কে
কওতে ১৮-২০ বছৰীয়া ল'ৰা দুজনমানেও কান পাতি শুনি থাকিছিল। বিশ্বাস-অবিশ্বাসৰ দোমোজাত সিহতঁৰ চকুকেইটা ডাঙৰ ডাঙৰ হৈ গৈছিল। আমাৰো কিছুমানৰ জানিবলৈ মন যায় আগৰ দিনত বয়-বস্তুৰ মূল্যনো কেনেধৰণৰ আছিল। আমাৰ মাজতো বোধকৰো বহুতৰে পকেটত ৫ পইছা অথবা ১০ পইছাতকৈ
তলৰ মুদ্ৰা লৈ দোকানত লুজন, মৰ্টন,
চানাচুৰ কিনাৰ অভিজ্ঞতা নাই। এতিয়া কিজানি ১০ পইছা বা তাতোকৈ তলৰ মূদ্ৰাবোৰ চাবলৈকো
কোনোবা সংগ্ৰহালয়লৈহে যাব লাগিব! শৈশবত আমিও ৫ পইছাতে মৰ্টন কিনিছিলো, গোল গোল সৰু-সৰু মৰ্টন ১০ পইছাৰে কেইবাটাও কিনি কেইবাজনেও ভাগ কৰি খাইছিলো। মই অৱশ্যে যোৱা শতিকাৰ অষ্টম দশকৰ কথাহে কৈছো। পইছা পইছা কৰি যে আছো, পইছা শব্দটোৰো ব্যৱহাৰো উঠিয়েই গৈছে নেকি!
১৯৫৭ চনৰ এপ্ৰিল মাহৰপ্ৰথম দিনটোতে আমাৰ দেশত আজি ব্যৱহাৰ হোৱা দশমিক পদ্ধতিৰ মুদ্ৰা
সমূহৰ প্ৰচলন হৈছিল। আৰম্ভনিতে ইয়াক 'নয়া পইছা' বুলিহে কোৱা
হৈছিল। ইয়াৰো আগতে আকৌ 'অনা'ৰ হে প্ৰচলন আছিল। 'অনা',
'ডাবল অনা' (মানে দুই অনা), 'সিকি' (মানে চাৰি অনা), 'আধলি'
(দুটা সিকি মিলি এটা আধলি) আৰু 'টকা'। এইবোৰৰ বেছিখিনিয়ে
তাম আৰু পিতলৰে গঢ়িছিল বুলি কোৱা শুনিছো। মাত্ৰ
টকাটোহে একেবাৰে খাটি ৰূপৰ দ্বাৰা নিৰ্মিত আছিল। অৱেশ্যে 'সিকি'টোত আৰু 'আধলি'টোত কিছু পৰিমানৰ ৰূপ মিহলি হৈ থকা কথাটো ডাঙৰ সকলৰ মুখত শুনিছিলো। 'অনা'ৰ প্ৰচলনৰ পূৰ্বতে 'পাতি' পইছা,
'ডাবল' পইছাৰেহে ক্ৰয় বিক্ৰয় কৰা হৈছিল। এইবোৰো বিশুদ্ধ তামেৰে নিৰ্মিত আছিল। ৰজা দিনীয়া 'পাইন', 'পোনেকীয়া' বোৰটো আছিলেই। সেইবোৰ উঠি গৈহে 'অনা' প্ৰচলিত হৈছিল। এক 'অনা' টোক ৬ ৰতিৰ সমান ওজনৰ বাবে 'অনা'ক 'ছৰতীয়া' বুলিও কোনো কোনোৱে কৈছিল।
১৯৬০ চনৰ অক্ট'বৰ মাহৰ পৰা
'নয়া পইছা' শব্দটো উঠাই দি তাৰ ঠাইত অকল
'পইছা' বুলি কোৱাৰ আৰম্ভনি হৈছিল। ১৯৫৭ আৰু ১৯৬০ চনৰ মাজত সেই তিনিবছৰ আকৌ পুৰণি মুদ্ৰা
মানে 'অনা'ৰ প্ৰচলন থাকি গৈছিল। তাৰ
পিছতেই 'অনা'ৰ প্ৰচলন একেবাৰে বন্ধ হৈ পৰিল। সেই তেতিয়াই পুৰণি মুদ্ৰাবোৰ উঠি গৈ পইছাৰ প্ৰচলন হৈছিল। তাকো এতিয়া আমি সৰুতে দেখা আৰু ব্যৱহাৰ কৰা ১ পইছা, ২ পইছা, ৩ পইছা,
৫ পইছা, ১০ পইছা, ২০ পইছা,
২৫ পইছা উঠিয়েই গল। এতিয়া
থকাৰ ভিতৰত ৫০ পইছাটোহে ৰল যদিও আজিকালি দেখিবলৈ নোহোৱা হল। এটকীয়া মূদ্ৰাটো আকৌ আমি এটকা বুলিহে
কওঁ। আজিৰ এটকাটোৰো যিহে
আকাৰ আৰু ওজন ! ১৫
_ ২০ বছৰ আগৰ এটকীয়া মুদ্ৰা কেইটামান আছে এতিয়াও মোৰ লগত, ১০ টা মান একেলগ কৰি যদি দলিয়াই পঠিয়াই দিয়া হয়, গাত
লাগিলে চাল-বাকলি যে যাব সি ধুৰূপ। হয়তো গছত লাগি থকা কেঁচা পকা আমো ফৰ্মুতিয়াব পৰা হ'ব। এতিয়াৰ বোৰ হাতত ললে কাগজৰ টুকুৰাই লৈছো নে অইন কিবাহে
লৈছো চকু মেলি চালেহে ধৰিব পাৰি। আকৌ
এটকীয়া দুটকীয়া মূদ্ৰাবোৰো একাকাৰ হৈ যায়, একে যেন দেখি। নতুন
দুটকীয়া মূদ্ৰাবোৰৰটো যিটোহে অবস্থা ক্ষয় গৈ গৈ আগে পিছে একো মণিব নোৱাৰাকৈ সমান হৈ
পৰাৰহে যেন দিন গণি আছে। নতুন পাঁচ টকীয়া
মূদ্ৰা বোৰৰো সেই একে অৱস্থা।
আমাৰ ল'ৰা ছোৱালী
বোৰক এইবোৰ কলে হৈছে আৰু, অ' দেউতাই সাজি
সাজি ভাল গল্প ক'ব পাৰে দেই। ১ পইছা, ২ পইছাও থাকেনে বাৰু, কি যে বলকি থাকে আৰু অবেশ্যে আমাৰো
এটা সময়ত তেনে এটা অৱস্থাই হৈছিল, যেতিয়া আইতাহতৰ মুখত সোণ ৰূপৰ
মোহৰৰ কথা শুনিছিলো। ৰূপৰ
মোহৰ দেখাৰ সোভাগ্য এবাৰ সৰুতে এঘৰত হৈছিল। দুটামান
ৰূপৰ মোহৰ আমাৰো আছিল বোলে, ভালদৰে মূল্য
নজনাৰ ফলত আইতাই অইনক দি দিছিল। তলৰ অনুচ্ছেদটোত মুদ্রা সম্বন্ধে ভালকৈ আৰু কিছু কথা যোগ দিবলৈ চেষ্টা কৰা
হল।
বিভিন্ন
পণ্ডিতৰ মতে লিডিয়ান ষ্টেটাৰক বিশ্বৰ আটাইতকৈ পুৰণি মুদ্ৰা হিচাপে গণ্য কৰা হয়।
ইলেক্ট্ৰম নামৰে সোণ আৰু ৰূপৰ মিশ্ৰণেৰে নিৰ্মিত এই আদিম মুদ্ৰাবোৰ খ্ৰীষ্টপূৰ্ব
৬০০ চনৰ আশে-পাশে তুৰস্কৰ লিডিয়া ৰাজ্যত চলিছিল। পশ্চিমীয়া ক্ষত্ৰপৰ শক
মুদ্ৰা সম্ভৱতঃ ভাৰতৰ প্ৰথম আৰু আটাইতকৈ প্ৰাচীন তাৰিখৰ মুদ্ৰা ৭৮ খ্ৰীষ্টাব্দৰ
পৰা আৰম্ভ হোৱা শক যুগত প্রচলিত হৈছিল। শক যুগে ভাৰতীয় গণৰাজ্যৰ চৰকাৰী
কেলেণ্ডাৰক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় মুদ্ৰাৰ পিতৃ বুলি উল্লেখ কৰিবলৈ হলে শ্বেৰ
শ্বাহৰ নাম লব লাগিব। শ্বেৰ শ্বাহে ৰূপৰ এটা মুদ্ৰা উলিয়াইছিল যাক ৰূপিয়া বুলি
কোৱা হৈছিল। ইয়াৰ ওজন আছিল ১৭৮ দানা আৰু আধুনিক টকাৰ পূৰ্বসূৰী আছিল।
প্ৰথমে টকা ব্যৱহাৰ কৰিছিল মেচোপটেমিয়াৰ লোকসকল। টকা আৱিষ্কাৰ হোৱাৰ
আগতে মানুহে সামগ্ৰী আৰু সেৱাৰ বিনিময় কৰিছিল। প্ৰায় ৫,০০০ বছৰ আগতেহে মেছ’পটেমিয়াৰ
জনসাধাৰণে শ্বেকেল সৃষ্টি কৰিছিল, যিটোক প্ৰথম মুদ্ৰাৰ ৰূপ বুলি
গণ্য কৰা হয়। সোণ আৰু
ৰূপৰ মুদ্ৰা প্ৰায় ৬৫০ৰ পৰা ৬০০ খ্ৰীষ্টপূৰ্বৰ। যেতিয়া ষ্টাম্পযুক্ত
মুদ্ৰা সেনাবাহিনীক ধন দিবলৈ ব্যৱহাৰ কৰা হৈছিল। আজি আমি বুজি পোৱা কাগজৰ
মুদ্ৰাৰ প্ৰথম উদাহৰণ চীনত ছং বংশৰ সময়ত (খ্ৰীষ্টপূৰ্ব ৯৬০–১২৭৯) সৃষ্টি
হৈছিল। "জিয়াওজি" নামেৰে
জনাজাত প্ৰতিশ্ৰুতিপত্ৰ সম্ৰাট জেনজঙৰ ৰাজত্বকালত (খ্ৰীষ্টপূৰ্ব
৯৯৭–১০২২) ছিচুয়ানৰ এদল ব্যৱসায়ীয়ে টকা
ছপা কৰিছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫০ চনত ভাৰত গণৰাজ্যত পৰিণত
নোহোৱালৈকে ব্ৰিটিছ ভাৰতীয় মুদ্ৰাসমূহ ফ্ৰ'জেন মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত ভাৰত গণৰাজ্যৰ
প্ৰথম টকাৰ মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ১/২ টকা, ১/৪ টকা, ২ আন্না, ১ আনা, ১/২ আনা আৰু ১ পাইচ মুদ্ৰা, আৰু ইয়াক আন্না শৃংখলা বা
প্ৰাক-দশমিক মুদ্ৰা বুলি কোৱা হয়। আন্না শৃংখলাৰ অধীনত
এক টকা ১৬ আনা বা ৬৪ পাইচত ভাগ কৰা হৈছিল, প্ৰতিটো আন্নাৰ সমান ৪ পিচ। ১৯৫৭ চনত ভাৰত দশমিক ব্যৱস্থালৈ স্থানান্তৰিত হয়
যদিও কম সময়ৰ বাবে দশমিক আৰু অদশমিক দুয়োটা মুদ্ৰা প্ৰচলিত আছিল। প্ৰচলিত দুটা পাইচ মুদ্ৰাৰ
মাজত পাৰ্থক্য কৰিবলৈ ১৯৫৭ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত মুদ্ৰা প্ৰস্তুত কৰা মুদ্ৰাবোৰত “নয়া পইছা” ছপা কৰা হৈছিল। সেই সময়ত প্ৰচলিত ধনৰাশি
আছিল ১, ২, ৩,
৫, ১০, ২০, ২৫, ৫০ (নয়া) পইচা আৰু এক টকা। যিহেতু টকাই দশমিকৰ পূৰ্বৰ মূল্য ধৰি ৰাখিছিল, সেয়েহে দশমিকীকৰণৰ পিছতো এক, আধা আৰু চতুৰ্থাংশ টকাৰ প্ৰাক-দশমিক মুদ্ৰা প্ৰচলনত থাকিল।
১৯৬৪ চনত
"নয়া" শব্দটো বাদ দিয়া হয় আৰু ৩ পইচাৰ
নতুনকৈ প্ৰচলন আৰম্ভ হয়। ১৯৬৮ চনত ২০ পইচাৰ মুদ্ৰা এটা প্ৰস্তুত কৰা হৈছিল।এই দুয়োটা মুদ্ৰাই বিশেষ জনপ্ৰিয়তা লাভ কৰা নাছিল। ১, ২ আৰু ৩ পইচা মুদ্ৰা ক্ৰমান্বয়ে সত্তৰৰ দশকত
বন্ধ কৰি দিয়া হৈছিল। ১৯৮২ চনত ২ টকীয়া নোটৰ সলনি পৰীক্ষামূলকভাৱে ২ টকীয়া নতুন
মুদ্ৰা প্ৰৱৰ্তন কৰা হয়। তাৰ পিছৰ
প্ৰতিটো বছৰতে এই মুদ্ৰা প্ৰস্তুত কৰা হয়। ১৯৮৮ চনত ১০,
২৫ আৰু ৫০ পইচা ষ্টেইনলেছ ষ্টীলৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হয়। ১৯৯২ চনত পুৰণি টকাতকৈ
সৰু আৰু লঘু নতুন ষ্টেইনলেছ ষ্টীলৰ টকাৰ মুদ্ৰা এটাৰ লগতে ৫ টকীয়া কপাৰ-নিকেল মুদ্ৰা প্ৰস্তুত কৰা হয়। ২০০৫ চনত প্ৰথমবাৰৰ
বাবে ১০ টকীয়া মুদ্ৰা প্ৰৱৰ্তন কৰা হয়। পৰিৱৰ্তনৰ চাহিদা বৃদ্ধি আৰু ২, ৫ আৰু ১০ টকীয়া নোট ছপা কৰাৰ ব্যয় বৃদ্ধিৰ
বাবে উচ্চ মূল্যৰ মুদ্ৰাৰ প্ৰচলন কৰা হৈছিল। ২০১১ চনৰ ৩০ জুনত ২৫
পইচা আৰু তাৰ তলৰ মূল্যৰ সকলো মুদ্ৰা আনুষ্ঠানিকভাৱে বিমুদ্ৰাকৰণ কৰা হয়।
আমাৰ দেশত স্মৰনীয় মুদ্ৰা বিভিন্ন মূল্যত পোৱা যায়। ইয়াত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ইন্দিৰা
গান্ধী, বি আৰ আম্বেদকাৰ, ৰাজীৱ গান্ধী,
১৯৮২ চনৰ এছিয়ান গেমছ, চৰ্দাৰ বল্লভভাই পেটেল,
সুভাষ চন্দ্ৰ বসু, শ্ৰীঅৰবিন্দো, চিত্তৰঞ্জন দাস, ছাত্ৰপতি শিৱাজী, বিভিন্ন বিশেষ অনুষ্ঠান বা লোকৰ চিত্ৰণ, কমনৱেলথ গেমছ,
ভগত সিং, ৰবীন্দ্ৰনাথ ঠাকুৰ, অটল বিহাৰী বাজপেয়ী, জালিয়ানৱালা বাগ হত্যাকাণ্ড ইত্যাদিয়ে
ঠাই লৈছে। ২০১৯ চনৰ ৬ মাৰ্চত বিত্ত মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি দেশত
৫টা নতুন মুদ্ৰা ক্ৰমে নতুন ₹1, ₹2, ₹5, ₹10 আৰু ₹20 মুকলি কৰাৰ
কথা ঘোষণা কৰে। নতুন মুদ্ৰাৰ
শৃংখলাটো উন্নত ডিজাইনৰ আৰু দৃষ্টিশক্তিহীনসকলৰ বাবে সুবিধাজনক। এই মুদ্ৰাসমূহ মুকলি
কৰে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে। এই মুদ্ৰাৰ ডিজাইন নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইনে
প্ৰস্তুত কৰে। ছিকিউৰিটি
প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড আৰু বিত্ত মন্ত্ৰালয়ে দেশত
নতুন মুদ্ৰাৰ প্ৰৱৰ্তনত মূল ভূমিকা গ্ৰহণ কৰে। দৃষ্টিশক্তিহীন লোকসকলে
ব্যৱহাৰ কৰাত অধিক সহজ কৰি তুলিবলৈ নতুন প্ৰচলন মুদ্ৰাৰ শৃংখলাত বিভিন্ন নতুন বৈশিষ্ট্য
সন্নিবিষ্ট কৰা হৈছে। মুদ্ৰাসমূহৰ
বৈশিষ্ট্য হৈছে আকাৰ আৰু ওজন কম মূল্যৰ পৰা উচ্চ মূল্যলৈ ₹1 ৰ পৰা ₹20 লৈ বৃদ্ধি
পায়। নতুনকৈ
অন্তৰ্ভুক্ত কৰা ₹20 ৰ মুদ্ৰাটোৰ বাহিৰে সকলোবোৰ মূল্যৰ আকৃতি ঘূৰণীয়া
হ’ব, যিটো হ’ব ১২
পক্ষীয় মুদ্ৰা আৰু ইয়াৰ কোনো দাঁত নাথাকিব। মুদ্ৰা কাগজত কাঠৰ আঁহ
বা ষ্টাৰচ নাথাকে। বৰঞ্চ উচ্চমানৰ
ষ্টেচনাৰীৰ দৰেই মুদ্ৰাৰ কাগজো কপাহ আৰু লিনেন আঁহৰ বিশেষ মিশ্ৰণেৰে গঠিত।
পুৰণি
মুদ্ৰাৰ মুল্যও যথেষ্ট। যেনে ১০০
বছৰীয়া মুদ্ৰাৰ দাম ৫০ লাখ টকা পর্যন্ত হয়। বিক্ৰী কৰি ২৫ লাখ টকা। তাৰ
মানে ১৯১৩ চনত নিৰ্মিত এটা টকীয়া মুদ্ৰাৰ মূল্য ৫০ লাখ টকা বুলি অনুমান কৰা হয়। পৃথিবীৰ আটাইতকৈ বিৰল পুৰণি মুদ্ৰাটো হৈছে ১৭৯৪
চনৰ ফ্লয়িং হেয়াৰ ৰূপালী ডলাৰ। ১৭৯৪ চনৰ ফ্লয়িং হেয়াৰ ছিলভাৰ ডলাৰ হয়তো
এতিয়ালৈকে বিক্ৰী হোৱা আটাইতকৈ দামী মুদ্ৰাৰ ৰেংকিঙৰ শীৰ্ষত।
আগতে বয়-বস্তুৰ দাম
ইমান কম আছিল… আজিকালি জুই ছাইদাম হ'ল। আগতে বয়-বস্তও উভৈনদী আছিল, আজিকালি আছে জানো সেই দিন। জনসংখ্যাও কম বৃদ্ধি হলনে! ডাঙৰসকলে লগ হলেই এইবোৰ কথাই মাজে মাজে আলোচনাত
ঠাই পায়। সচাকৈয়ে তেনে দিনবোৰ
যদি আজিও থাকিলহেতেন। আমাৰ দেউতাহঁতে
যে মাহত ৪০০-৫০০ টকাৰে
আমাক পঢ়াই-শুনাইও গোটেই পৰিয়ালটোক সুন্দৰ ভাবে চলাই লৈ গৈছিল,
ভাবিবলৈকে দেখোন আচৰিত লাগে। উৎসব পাৰ্বণ বোৰটো আছিলেই। প্ৰকৃততে মূদ্ৰামূল্য হ্ৰাসকৰনে ইয়াৰ কাৰন। মুদ্ৰামূল্য দিনক দিনে হ্ৰাস হৈয়েই আছে। এতিয়া আমাৰ ক্ৰয় ক্ষমতাও যথেষ্ট বাঢ়িছে। কিন্তু দুখীয়া মানুহ বোৰৰ অৱস্থা এতিয়াও সেই একেই হৈ আছে।
মূল্য বাৰু যিয়েই হওঁক, কিমান নিৰ্ভেজাল
ভাৱে বস্তুবোৰ আমাৰ পেটত পৰে ? ইয়াত অৱেশ্যে এইবোৰ আলোচনা নকৰো,
বস্তুৰ মূল্য সম্পৰ্কে তুলনামুলক কিছু তথ্যহে দিব বিছাৰিছো। আগৰ দিনত আকৌ অনা, সেৰ এইবোৰৰেহে কিনা বেচা কৰা হৈছিল। গতিকে আজিৰ দিনৰ লগত বুজাত সুবিধা হোৱাকৈ তাৰো এটা আভাস
লৈ থও।
এক সেৰ আজিৰ আমাৰ এক কিলোগ্ৰামতকৈ প্ৰায় ৭০ গ্ৰাম মান কম হ'ব। ৪০ সেৰ হৈছে এক মোনৰ সমান। আকৌ ১ মোন হৈছে ৩৭.৩২ কিলোগ্ৰামৰ সমান। ৬৪ পইছাই ১৬ অনা (চাৰি পইছাই এক অনা)।
তাৰ মানে এক অনা হৈছে এটকাৰ চৌষষ্টি ভাগৰ এভাগ পৰিমাণৰ এটা তামৰ মোহৰ। আৰু আজিৰ হিচাপত যদিও প্ৰচলন নাই ১৬ অনাত ১০০ পইছা মানে
এটকা।
সংগ্ৰহিত তথ্যমতে যোৱা শতিকাৰ আৰম্ভনিতে মানে প্ৰথম দশকতে কিছু বস্তুৰ দাম আছিল
এনে ধৰনৰ:
(দেবেশ্বৰ শৰ্মাৰ গ্ৰন্থ 'হেৰাই যোৱা দিনবোৰ'ৰ আঁত ধৰি) লাহী চাউল ২০ সেৰ=এটকা; জুই শলা ২ বাকচত=এপইছা;
নিমখ ২ সেৰ=পাঁচ পইছা।
সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকাৰ মতে দ্বিতীয় আৰু তৃতীয় দশকত কিছু বস্তুৰ মূল্য
আছিল তলত দিয়াৰ মতেঃ চাউল এক মোনত=তিনি টকা; ডাঙৰ ৰৌ গোটে=দুই বা তিনি টকা; সৰু মাছ এপাছিত=এটকা; গাখীৰ চাৰি সেৰত=এটকা; পঠা একোটাত=এটকা; কণী পাঁচ টাত=এক অনা; জুইশলা দুবাকচত=তিনি পইছা।
চতুৰ্থ দশকৰ বস্তুৰ দামৰ আভাসঃ চাউল এক মোন=১০-১৫ টকা;
দাইল এক সেৰ=৪-৮ অনা; মিঠতেল এক সেৰ=১২ অনা;
কেৰাছিন তেল এক সেৰ=৮ অনা;
পঠা/খাহীৰ মাংস এক সেৰ=৬-৮ অনা;পাৰ এযোৰ=৩-৪ অনা।
চতুৰ্থ দশকৰ আৰম্ভনিতে দ্বিতীয় মহাযুদ্ধ চলিছিল। যুদ্ধই বয়-বস্তুৰ মূল্যৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাই এই তথ্যটোৱেই কৈ দিয়ে যে বৰপেটাত
যুদ্ধৰ আগতে গাখীৰৰ মূল্য আছিল এটকাত ৩২ সেৰ, যুদ্ধৰ শেষ হোৱাৰ
পিছত গাখীৰৰ মূল্য বাঢ়িগৈ এটকাত ১০ সেৰকৈহে পোৱা গৈছিল।
১৯৭০ চনত কিছু বস্তুৰ মূল্য আছিল এনেধৰনৰঃ
লাহী চাউল এক কেঃজিঃ=১ টকা ৫০ পইছা;
মচুৰ দাইল এক কেঃজিঃ=১ টকা ৩৫ পইছা;
ৰহৰ দাইল এক কেঃজিঃ=১ টকা ৫০ পইছা;
নিমখ এক কেঃজিঃ=১৫ পইছা;
চেনী এক কেঃজিঃ=১ টকা ১০ পইছা;
মাংস এক কেঃজিঃ=৯ টকা;
চাহপাত এক কেঃজিঃ=৬ টকা;
জুইশলা এক বাকচ=১০ পইছা;
মিঠাতেল এক লিটাৰ=৬ টকা ২৫ পইছা।
১৯৮১ চনত সেই একেখিনি বস্তুৰ মূল্য আছিল এনেধৰনৰ, এইখিনিতে এটা মন কৰিবলগীয়া কথা যে দশকটোত আগৰ
দশকটোতকৈ বস্তু সমূহৰ মূল্য প্ৰায় দুই-তিনিগুন বাঢ়ি গৈছিল। যেনেঃ লাহী চাউল এক কেঃজিঃ =
তিনি টকা; মচুৰ দাইল এক কেঃজিঃ=৫ টকা ৫০ পইছা; ৰহৰ দাইল এক কেঃজিঃ=৫ টকা ৮০ পইছা; নিমখ এক কেঃজিঃ=১ টকা; চেনী এক কেঃজিঃ=৬ টকা; মাংস এক কেঃজিঃ=১৬ টকা; চাহপাত এক কেঃজিঃ=২০ টকা; জুইশলা এক বাকচ=২৫ পইছা; মিঠাতেল এক লিটাৰ=১৫ টকা।
২০১২ চনৰ গুৱাহাটীত আগষ্ট মাহৰ বস্তুৰ মুল্যঃ
আইজুং চাউল এক কেঃজিঃ=২৫-২৭ টকা; জহা চাউল এক কেঃজিঃ=৪৮-৫০ টকা; মচুৰ দাইল এক কেঃজিঃ=৭২ টকা;
ৰহৰ দাইল এক কেঃজিঃ=৭৮ টকা;
মুগ দাইলএক কেঃজিঃ=৭৮ টকা;
নিমখ এক কেঃজিঃ(পেকেট)=১৬ টকা; চেনী এক কেঃজিঃ=৪৪ টকা;
মাংস (পঠা/খাহী)=২৮০ টকা; চাহপাত এক কেঃজিঃ(খোলা)=১৮০ টকা; জুইশলা এক বাকচ=১ টকা মিঠাতেল এক লিটাৰ=১১০ টকা;
আটা এক কেঃজিঃ (পেকেট)=৩০ টকা।
২০২২ চনৰ গুৱাহাটীত আগষ্ট মাহৰ বস্তুৰ মুল্যঃ
আইজুং চাউল এক কেঃজিঃ=৪২-৫২ টকা; জহা চাউল এক কেঃজিঃ=৮০-১০০ টকা; মচুৰ দাইল এক কেঃজিঃ=৯৫-১২০ টকা; ৰহৰ দাইল এক কেঃজিঃ=১৩০ টকা; মুগ দাইলএক কেঃজিঃ=২২০ টকা; নিমখ এক কেঃজিঃ (পেকেট)=৩০ টকা; চেনী এক কেঃজিঃ=৪৫ টকা; মাংস (পঠা/খাহী)=৭৫০ টকা; চাহপাত এক কেঃজিঃ (খোলা)=২২০-৩০০ টকা; জুইশলা এক বাকচ=২ টকা;
মিঠাতেল এক লিটাৰ=১৮০ টকা; আটা এক কেঃজিঃ (পেকেট)=৫০ টকা।
১৯৮৫ চনত গুৱাহাটীৰ 'অপচৰা'
চিনেমা হলত এটা টিকটৰ সৰ্বোচ্চ মূল্য আছিল ৩টকা ৬০ পইছা। ভাল 'ফাটাফাটি চিনেমা' এখনত 'ব্লেক'
চলিছিল ৫ টকাত। আজিৰ
দিনত চিনেমা হলত এটা টিকটৰ সৰ্বোচ্চ মূল্য ১৫০ টকা। নতুনকৈ হোৱা 'মাল্টিপ্লেক্স” বোৰৰ টিকটৰ নিৰীখৰ কথা নকলোৱেই যেনিবা।
১৯৮১ চনৰ গুৱাহাটীৰ এখন 'ৰেষ্টুৰেন্ট'/ 'হোটেল'ত এসাজভাত
খোৱাৰ নিৰীখ আছিল এনেধৰনৰ (উদাহৰন লৈছো 'হোটেল টুৰিষ্ট', পল্টন বজাৰ, গুৱাহাটী)ঃ নিৰামিষ ভাত জনে প্ৰতি=তিনি টকা;
মাছ ভাত জনে প্ৰতি=চাৰি টকা ৫০ পইছা; পঠাৰ মাংস ভাত জনে প্ৰতি=পাঁচ টকা।
২০১২ চনত গুৱাহাটীৰ পল্টনবজাৰৰ 'মোটামোটি চলি যায়' ধৰনৰ 'ৰেষ্টুৰেন্ট'
এখনত এজন মানুহৰ ভাত খোৱাৰ নিৰীখ এনেধৰনৰঃনিৰামিষ ভাত জনে প্ৰতি=৩৫-৪০ টকা;
মাছ ভাত জনে প্ৰতি=৫০-৬০ টকা; পঠাৰ মাংস ভাত জনে প্ৰতি=৭০-৮০ টকা।
২০২২ চনত এনে ধৰণৰ 'ৰেষ্টুৰেন্ট'ত ঠাই বিশেষে ভাতৰ নিৰীখ হৈছেঃ
নিৰামিষ ভাত জনে প্ৰতি=৬০-৭০ টকা; মাছ ভাত জনে প্ৰতি=৯০-১২০ টকা; পঠাৰ মাংস ভাত জনে প্ৰতি=১২০-১৫০ টকা।
কভিড ১৯ৰ পৰবৰ্তী কালত প্ৰায় সকলো বস্তু বাহিনীৰ মূল্য অস্বাভাবিক ভাবে বৃদ্ধি
পাইছে। ক'ভিদ সৃষ্ট পৰিবেশত বহু মানুহৰ কৰ্ম সংস্থান নাইকিয়া
হৈছে। যোৱা দুটা বছৰত
বস্তুৰ জুইছাই দামে অসমৰ লগতে দেশৰ সকলো অঞ্চলৰ বাসিন্দা সকলক জুৰুলা কৰিছে। এই সময়ছোৱাত ব্যপক মুদ্ৰাস্ফীতিৰ ফলত হোৱা মূল্যবৃদ্ধিত
দেশবাসী জুৰুলা হৈছে। মূল্যবৃদ্ধিৰ কাৰণবোৰ যদি আমি ফহিয়াই চাওঁ, ইয়াৰ অন্তৰালত আছে আন্তৰাষ্ট্ৰীয় বজাৰত সামগ্ৰীৰ
মূল্য বৃদ্ধি পোৱা। বহুতো
সামগ্ৰীৰ আমদানি ব্যয় বৃদ্ধি পোৱা বাবে তেনেধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। তদুপৰি খাৰুৱা তেলৰ, কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি ইত্যাদি। উৎপাদনকৈ খৰছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো নিয়ন্ত্ৰণহীন
ভাবে বৃদ্ধি পাইছে।
বিঃদ্ৰঃ ওপৰত দিয়া তথ্যসমূহ সংগ্ৰহিত। লগতে নিজৰ কিছু স্মৃতি আৰু দুই এখন পূৰণি আলোচনীৰ পৰাও
সহায় লোৱা হৈছে। কিছু তথ্যৰ হয়তো
সামান্য ইফাল-সিফাল হ'ব পাৰে।
- Get link
- Other Apps
Comments
<a href="https://www.saraaxom.in/2023/03/50-question-of-general-kowledge-gk-gk.html> Very Nice</a>
ReplyDelete