Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্রাবাসৰ মিঠা ৰোমন্থন


-কেৰ কেৰ কেৰ কেৰ...
-অই, চাবি চাবি, ' '...
-গৰৰৰৰৰৰৰৰৰ... গুৰুমমমম
-আইঔ... মৰিলোও মৰিলো, ' '
-৪০৭ কোনো নাছিল ৪০৮ টলা বন্ধ, ৪০৯ৰ পৰা শৰৎদা দৌৰি আহিল
-দুপ দাপ... দুপ দাপ...
জোতা, চেন্দেল, খালি ভৰিৰ শব্দৰে ১০১, ১০৯, ২০৮, ৩০৫, ৩০৮, ৩১০ৰ পৰা পলাশ, বগা, চেলিমদা, চৌবে, মুকুল, শচী, সত্যজিত, ইংতি, জৌভা, সুব্ৰতদা, অঞ্জন, ফিলিপ, সিংদা দৌৰি আহিল আটাইবোৰ ছাত্ৰাবাসৰ ৪০৬ নং কোঠালিটোলৈ সোমাই আহিল শব্দটো নিশ্চয় যথেষ্ট ডাঙৰ আছিল, সেয়ে গেটত থকা আমাৰ চৌকিদাৰ তিৱাৰীও দৌৰি আহিল...

পঢ়ুৱৈসকলে নিশ্চয় অনুমান কৰিছে যে এয়া কোনোবা এটা ছাত্ৰাবাসৰ কাহিনীয়ে ' হয়, সেই সোণসেৰীয়া দিনবোৰৰ কথাই ৰোমন্থন কৰিবলৈ লৈছো আজি আমি পশুচিকিৎসকল বিভিন্ন ধৰণে কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছো অধিক দায়িত্বও কান্ধ পাতি লব লগা হৈছে সংসাৰৰ মেটমৰা বোজা বোৰটো আছেই ভেজাল খাদ্য লগতে বাঢ়ি অহা বয়স বোৰেতো সততে আমনি কৰেই। এই গোটেইবোৰেই শাৰীৰিক তথা মানসিক ভাবে আউল লগাই পেলাইছে এইবো মাজতে কেইজনমান বন্ধু অথবা ছাত্ৰাবাসত একেলগে কটোৱা অনুজ অথবা অগ্ৰজসকলৰ সৈতে স্মৃতি ৰোমন্থন কৰিবলৈ সুযোগ পালে কাৰনো হেৰুৱাবৰ মন যায়! অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনবোৰেও এনে এটা সুযোগ আমাৰ মাজলৈ আনি দিয়ে দুটা বা তিনিটা দিনৰ বাবে যেন আমাৰ মাজলৈ সেই দিনবোৰ ঘূৰি আহে ব্যস্ততাবোৰৰ পৰা দুদিনমান আতঁৰি থাকি পুলকিতও হও স্মৃতিৰ ভৰালবোৰ জাগ্ৰত হয় এইবাৰ গোৱালপাৰা জিলাত বছৰটোৰ আৰম্ভিনতেই আমিও এই সুযোগটো পালো এই উপলক্ষে প্ৰকাশ হব লগা স্মৃতিগ্ৰন্থখনিৰ সম্পাদক মহোদয়ে কিবা এটা লিখিবলৈ অনুৰোধ কৰাত এইবাৰ ছাত্ৰাবাসৰ কিছু স্মৃতি উগাৰিবৰ মন ' অৱেশ্যে পৰিবেশন কৰোতে নাম ধাম সলাই সজাই পৰাই লৈছো কাহিনী আগবঢ়োৱাৰ স্বার্থত কল্পনাৰ ৰহণো সনা হৈছে। তাৰ পিছত বাকিখিনি-

-কি ', কি ', কেনেকৈ '
-কাম নাই আৰু তহঁতৰ
-হাঃ হাঃ হাঃ, বঢ়িয়া কেনে মজা ' পাবি এতিয়া, 'চুপাৰ' আহি আছে
: তহঁতে কিবা 'লাইফ'টো উপভোগ কৰিব জাননে, আমি কিবা অলপ স্ফূৰ্তি কৰিলে তঁহতৰ হিংসাহে হয়- সত্যজিত খুব হাঁহি থকা দেখি অঞ্জন আৰু ইংতিৰ ওপৰত খং উঠিল।
: গাধহঁত! মৰিলোও', উঠাই দে মোক কোনোবাই... - মজিয়াত পৰি থকাৰ পৰা হেমন্তই কেকাই গেথাই 'লে
: ' ইয়াৰ আকৌ কি ' হাত ভৰি ভঙা নাইতো? এম্বুলেন্স খন মাতিব লাগিব যেন পাইছো যা যা পিচিও টোতে ফোন এটা কৰি আমাৰ ডাঃ শইকীয়া চাৰ আছেনে খবৰ ' নাই যদি বাহিৰতহে নিব লাগিব- পলাশে হেমন্ত লৈ ব্যস্ত হৈ পৰিল হেমন্ত আকৌ তাৰ দূৰসম্পৰ্কীয় জেঠায়েকৰ লৰা সিংদা আৰু চেলিমদাই হেমন্তক তুলি ধৰিলে
: সিংদা, চেলিমদা চাওঁ এৰি দিয়কছোন... নিজে নিজে থিয় ' পাৰো নেকি চেষ্টা কৰো আইঐ বৰ বিষাইছে দেখোন- লেকেছিয়াই লেকেছিয়াই কোনোমতেহে কিশোৰৰ বিছনাখনত হেমন্তই বহি 'লে
: ' ' মোৰ আটাইবোৰ শেষ, কলহো ' গোটেইবোৰ ভাঙি ছিগি শেষ- হঠাতে দেখোন মুকুলে চিঞৰি উঠিল 
: তই কিন্তু ৰাতি মোৰ লগত 'চেয়াৰ' কৰিব নোৱাৰ দেই তোৰ গা গোন্ধায়, গা-পা নোধোঅ' মাখনহঁত নাই, তাতে শুই থাকিবি -মুকুলৰ 'ৰুমমেট' কিশোৰে 'লে
: ' ', পঢ়োতে পঢ়োতে ৰাতি দেখোন তোৰ শুৱলৈ যাওঁতে সদায়ে এক বাজে আজি আকৌ এই ফুট গধূলিতে তোৰ শুবলৈ হলেইনে দৰকাৰ নাই তোৰ বিছনা, মজিয়া খনতে শুই থাকিম কবিৰাজ কৰবাৰতইতো ভালেই পাইছ মোৰ কলহ কেইটা ভঙাত -মুকুলৰ উত্তৰ এনেয়ে কিশোৰৰ ওপৰত খং, ইমান অপমান কৰে সি কলহকেইটাক মুকুলে 'মিউজিক চিষ্টেম' টো বজাই থাকিলে কিশোৰে কাণত তুলা ভৰাই পঢ়ি থাকে
হয়তো! অলপতে সাঁচতীয়া টকাকেইটাৰ লাখটকীয়াৰ নং গেটৰ পৰা 'পাৰ্টচ' বোৰ আনি ভালকৈ 'চাউন্দ' ওলাবৰ বাবে 'এমপ্লিফায়াৰ' এটা সাজি উলিয়াইছিলহে সন্ধিয়া 'হাইওৱে' টোৰ কাষৰ বিহাৰী পৰিয়ালটোৰ পৰা দুটা কলহো কিনি আনিছিল চিনাকী ট্ৰাক চালক এজনৰ পৰা ২০০ টকাত 'কাৰ টেপ' এটা সি আগতে কিনি ৰাখিছিল 'ফিটিং' কৰাৰ পিছত কি 'চাউন্দ' কলহ কেইটাও বৰ জোখৰ আছিল দুটা কলহত দুটা 'স্পিকাৰ' কলহ দুটা সি তাৰ বিছনাৰ তলতে ৰাখিছিল ইফালে কোনে কিমান জোৰত গান বজাব পাৰে তাৰে প্ৰতিযোগিতাটো চলেই বন্ধৰ দিনতহে 'জমনি' হয় বেছিভাগেই যাৰ ৰুমত যি আছে  বজোৱা আৰম্ভ কৰে, তাতে আকৌ 'ফুল ভলিউম' গতিকে কাৰ ৰুমত কি গান বাজি আছে 'স্পিকাৰ' কাণ পাতি শুনিলেহে ধৰিব পাৰি; জেনেট জেকছন নে মাইকেল জেকছন, বিটিলচ, বনিএম নে লতা মঙ্গেশকাৰ, কিশোৰ কুমাৰ নে যেছুদাছৰ গান বাজি আছে এতিয়া সেই দুয়োটা কলহে ভাঙি চুৰমাৰ বাকী সৰঞ্জাম বোৰ ঠিকে আছেনে নাই তেৰাইহে জানে গতিকে মুকুলৰ মাথা গৰম নহ'বনো কিয়
'চুপাৰ চাৰ' অহাৰ কথা আছিলেই, সাধাৰণতে চাৰি মহলীয়া ছাত্ৰাবাসটোৰ 'গ্ৰাউন্ড ফ্লোৰ' পৰাই মানে ১০১ নং কোঠাৰ পৰাই চাৰে 'চেক' কৰি আহে আজি যেনিবা তলতে ওপৰত কিবা এটা গন্ডগোলৰ উমান পাই 'ডাইৰেক্ট' মানে একেবাৰে হোষ্টেলৰ চাৰি মহলাত থকা ৪০৬ নং কোঠালিটোলৈ সোমাই আহিল  আমি কোঠাটোত ১৬ জনমান আছিলোৱেই বহি থকা দুজনো থিয় ', হেমন্তও কোনোমতে কেকাই গেঠাই থিয় দিলে বাকীবোৰেটো থিয় হৈয়ে আছিল, বহিবনো '
চুপাৰ চাৰে ঘটনাৰ আদ্যোপান্ত বিছাৰিলে  ঘটনাটো এইধৰণৰ পিছদিনাখন দেওঁবাৰ, গতিকে বহু কেইজনে চাৰৰ পৰা অনুমতি লৈ এদিন কটাবলৈ নিজৰ নিজৰ কোনো আত্মীয়ৰ ঘৰলৈ গৈছে যি কেইজন আছে তাৰো কেইজনমানে 'ফাৰ্স্ট শ্বো চিনেমা' চাবলৈ গৈছে মুকুল আৰু কিশোৰৰ কোঠাত আমি চাৰিজনে তাছ যোৰ উলিয়াই 'টোৱেন্টি নাইন' খেলিবলৈ লৈছিলো মুকুলৰ কলহ দুটাত 'ফুল ভলিউম' জিতুল সোণোৱালৰ : ' মৰমী লগৰী, নাযাবা আঁতৰি- বাজি আছিল কিশোৰ ' এক মহা কবিৰাজ এনেয়ে 'লে আমি খেলি থকা সময়ত সি ৪০৮ত থকা বিজিতৰ তালৈ পঢ়িবলৈ যায় আজি আকৌ বিজিতো নাই, তাৰ ৰুমমেটো নাই কেইজনমানে আকৌ এনেয়ে ভিৰ কৰিছিলহি চাৰিজনেহে খেলিব, লগতে চাৰি-পাঁচ জন দৰ্শকৰ ৰুপত মুকুলৰ বিছনাত দুজনীয়া কোঠাটোত চকী দুখনহে থাকে গতিকে জন মান একেলগে মুকুলৰ বিছনাত এজনীয়া বিছনা খনে আৰু ইমানকৈ সহিব পাৰেনে শেষ মুহূৰ্তত ফলাফল, বিছনাখন মাজতে ভাঙি থাকিল লগে লগে জিতুল সোণোৱালৰ ' মৰমী লগৰীও মুকুলৰ হিয়াখন ভাঙি চুৰমাৰ কৰি আঁতৰি ' বিছনাৰ তলতে আছিল মুকুল অমুল্য সম্পদ, কলহ দুটাৰে সৈতে নতুনকৈ সঁজা 'এমপ্লিফায়াৰ' টো সেইটোৱে ভাঙি চুৰমাৰ চাৰে আকৌ ' ' সিঁচৰিত হৈ থকা ভঙা কলহৰ টুকুৰা কেইটা দেখি আচৰিত হৈছিল, একো অনুমান কৰিব নোৱাৰি মুকুলকে সুধিলে
: ইয়াত আকৌ কলহৰ দৰকাৰ কিয়? কি কৰা তোমালোকে? - চাৰৰ বেলেগ কিবা এটাহে সন্দেহ হৈছিল কিয়নো এক কিঃমিঃ দূৰৰ পাহাৰৰ দাঁতিকাষৰীয়া ঠাইখিনিত কেইঘৰমান মানুহৰ তাত 'সেইবিধ' তৈয়াৰ কৰি বিক্ৰিও কৰে আমাৰ মাজৰে অত্যুতসাহী দুজনমানৰ 'সেইবিধ' অভিজ্ঞতাও নথকা নহয় 'সেইবিধ' বুলি ভাবি চাৰে হাতত ভঙা কলহৰ এটুকুৰা লৈ গোন্ধায়ো চালে, নহয় দেখোন! মুকুলে দুখতে সেপ ঢুকি 'লে : চাৰ, সেই দুটা মোৰ গানৰ কলহ আছিল
: গানৰ কলহ! ... তুমি সঙ্গীতৰ কথা কোৱা নাইতো! - অবাক হৈ কিনো কৈছে ভালদৰে বুজিব নোৱাৰি চাৰে অঞ্জনৰ ফালে চালে
: চাৰ, মানে ইয়াত কলহ দুটাৰ মুখত কেছেট প্লেয়াৰটোৰ পৰা 'কানেকছন' কৰা স্পিকাৰ দুটা ৰাখিছিল, ভালকৈ 'বেছ' ট্ৰেব'' পোৱা যায়, শুনিও ভাল লাগে -অঞ্জনে কলে
চাৰে শুনি বোধকৰো খুব ৰস পালে, মন খুলি হাঁহিলেও; 'লে-
: বাপৰে, তোমালোকে ভাল 'লাইফ এঞ্জয়' কৰিছা দেই কলহত আমি পানীহে থওঁ, তোমালোকে গানো বজোৱা বাঃ কি সুন্দৰ ব্যৱস্থা
: কলহ নোহোৱাকে এনেয়েটো শুনিব পাৰা, নহয়নে- চাৰে আকৌ সুধিলে
: বাকী বোৰে ইমান জোৰে বজায় যে মই নিজৰটোৱেই শুনিবলৈ নাপাওঁ, সেয়ে এই ব্যৱস্থা কৰি লৈছিলো- দিলীপে কলে
নাজানো চাৰৰ কি ' তাছ খেলাৰ বাবে আমাক একো টানকৈয়ো নক'লে আমাৰ সন্মুখতে 'হোষ্টেল মনিটৰ' স্বপনদাক কলে 'ষ্টোৰ ৰুম' খাট এখন আছে তমালক কৈ এতিয়াই মুকুলহতঁৰ ৰুমলৈ অনাৰ ব্যবস্থা কৰা

ছাত্ৰাবাস ঘটা ৰসাল ঘটনাবোৰৰ কেতিয়াও অন্ত নপৰিব বোধকৰো! আৰু এটা ৰসাল ঘটনাৰ আপোনালোকৰ আগত ভাগ কৰি লোৱাৰ লোভ সামৰিব নোৱাৰিলো এইটো অইন এটা ছাত্ৰাবাসৰ কাহিনী ঘটনাটো এনেধৰণৰ আবেলি সময়ত হঠাতে নৰহৰি বৰ্মনে ফোঁপাই জোঁপাই আহি ডঃ গোস্বামী চাৰৰ পদুলিমুখত উপস্থিত ' জপনাখন খুলি চিঞৰিলে-
: চাৰ, চাৰ আপোনাৰ হোষ্টেলত সাংঘাতিক কাণ্ড এটা হৈছে- ডঃ গোস্বামী চাৰ শৰীৰতত্ব বিজ্ঞানৰ অধ্যাপক আৰু আমাৰ মহাবিদ্যালয়খনৰ ছাত্ৰাৱাস এটাৰ তত্ত্বাৱধায়ক
: কি হৈছে বৰ্মন, ভালদৰে কওঁকছোন- _গোস্বামী চাৰে অণুজীৱবিজ্ঞানৰ প্ৰশিক্ষক বৰ্মনক সুধিলে
: হোষ্টেলৰ ছাদত ছোৱালী এজনীক বহু কেইজনে আগুৰি ধৰি কিবাকিবি কৰি আছে কি কম চাৰ, মোৰ 'বলৈ লাজেই লাগিছে তাইৰ দোপাট্টাখনো দুজনমানে ধৰি টনাটনি কৰি আছে কি যে ' চাৰ ঘোৰ কলিকাল, লাজ-মান নোহোৱাই ' আজিকালিৰ এই 'ৰা-ছোৱালীবোৰৰ মোৰ চাবলৈয়ে মন যোৱা নাছিল 'ৰাটোক টিউচনত লৈ যাওঁতেই দেখিছিলোঁ এতিয়াও দেখি আহিছোঁ এতিয়া আপুনি কি কৰে কৰক চাৰ হোষ্টেলটোৰ বৰ বদনাম ' বহুতেই দেখিছে- _এক উশাহতে বৰ্মনে কথাখিনি কলে
: চেহ! ডাঙৰ কথাটো ' নহয়! এতিয়া কি কৰা যায়  স্বভাৱতে ঠাণ্ডা আৰু নিৰ্জু প্ৰকৃতিৰ গোস্বামী চাৰে ভাবিবলৈ ধৰিলে নিজৰ আৱাসটো ভিতৰলৈ গৈ মহাবিদ্যালয়ৰ বিজ্ঞানগুৰুজনৰ লগত ফোনত কথাও পাতিলে প্ৰকৃততে এনে ধৰণৰ পৰিস্থিতিত পৰিব বুলি চাৰে কেতিয়াও ভবা নাছিল কিহে যে পাইছিল তেওঁক 'হোষ্টেল চুপাৰ' 'বলৈ! কি কৰিব, কি নকৰিবৰ দোমাজাত পৰি নৰহৰি বৰ্মনকে অনুৰোধ কৰিলে-
: বলক বৰ্মন, চাই আহোঁ কি একচন্ লওঁ পিছত দেখা যাব
: চাৰ বেয়া নাপাব মোৰ মানে ডাঙৰ কাম এটা আছে- নিজৰ মান-সন্মানত কিবা চেকা লাগিব বুলি ভাবি নৰহৰি বৰ্মনে তেনেকৈয়ে আঁতৰি ' বৰ্মনে অলপ ভয়ো খাইছিল এই যে 'ৰাবোৰ, সিহঁতে জানি যাব যে তেওঁহে 'চুপাৰ চাৰ' এইবোৰ কথা লগাইছিল ওচৰৰ আবাসতে থাকে বাবে 'ৰাবোৰৰ পৰা কিছু শঙ্কা থাকিবই তাতে তেওঁৰ একাদশ শ্ৰেণীত পঢ়া গাভৰু জীয়েক এজনীও আছে
চাৰে পিন্ধি থকা চোলাটো 'ইন' কৰি ললে হাতদীঘল চোলাটো কিলাকুটিলৈকে কোঁচাইয়ো 'লে বাৰাণ্ডাৰ চুক এটাত থকা জোতাযোৰ মোজা নোহোৱাকৈয়ে পিন্ধি ছাত্ৰাৱাসলৈ আগবাঢ়িলে জপনাখনো বন্ধ কৰিবলৈ পাহৰিলে
: এই 'ৰাহতঁক ভালকৈ এজাউৰি দিব লাগিব কি ভাবিছে সিহঁতে, ছাত্ৰাবাসত ছোৱালী এজনী লৈ কিহৰ ধেমালি! কটা! নিধক! পঢ়িবলৈ আহি কি কৰিছে! গোটেইকেইজনৰে অভিভাৱকক মাতি আনিব লাগিব নহ'লে বাপ্পেকে সিহঁত কেইটাৰ ছাত্ৰাৱাসকে সলনি কৰি দিব লাগিব!-  মনৰ ভিতৰতে তেওঁ কথাবোৰ ভোৰভোৰালে
গোস্বামী চাৰ আহি ছাত্ৰাৱাসটোৰ ওচৰ পালেহি
: হে ঈশ্বৰ! নৰহৰি বৰ্মনে ঠিকেই কৈছিল, কথাবোৰ ষোল্লঅনাই সঁচা- ছাৰ বিমোৰত পৰি গল ছাদত ছোৱালী এজনীৰ লগত দহ-পোন্ধৰজন 'ৰা এজনে তাইৰ কান্ধত ধৰি ডিঙিটোৰে হাতখন আগফালে পাৰ কৰি দিছে অইন এজনে তাইৰ পিঠিখনত কথাই প্ৰতি হাত এখনৰে আলফুলে ঢকা দি আছে
কি অতপালি ইহঁতৰ -আগবাঢ়ি গৈ থাকিল তেওঁ নাচাওঁ বুলিও আকৌ ওপৰলৈ চকু ' আটাইকেইজনে হাঁহি-খিকিন্দালি কৰি আছে! দুজনমানৰ চকুৱে-চকুৱেও পৰিল নাই! সিহঁতৰ কোনো প্ৰতিক্ৰিয়াই নাই ধৈৰ্যৰ বান্ধ ছিঙি ' চাৰৰ তেওঁক দেখিও দুজনে তাইৰ হালধীয়া ৰঙৰ দোপাট্টাখন দুইমুৰে ধৰি কেচুঁৱা ওমলোৱাৰ দৰে ওমলাই আছে ' ছোৱালী ' পাৰে? ছাত্ৰীবাসৰ? নে বাহিৰৰ? চুলিখিনি বেছ দীঘল পথটো ফালে পিছ দি থকাত ছোৱালীজনীৰ মুখখনো দেখা নাই! তাইৰ পৰা কেনেকৈ দোপাট্টাখন লৈ যাব পাৰে 'ৰাহঁতে এজন নহয়! দুই-তিনিজনে তাইৰ শৰীৰত হাত দি আছে কথাই প্ৰতি হাঁহি-খিকিন্দালি মাযে মাজে গাত হাত! কি আচৰিত! _গোটেই ক্ৰিয়াকলাপ তলৰ পৰাই দেখি গোস্বামী চাৰে খঙত ফোঁপাবলৈ ধৰিলে
ছাৰ গৈ ছাত্ৰাৱাসৰ দুৱাৰমুখ পাওঁতে চকিদাৰ তিলোৱাই দৌৰি আহি চাৰক প্ৰণাম এটা জনালে তিলোৱাক মস্ত এটা ভেকাহি মাৰি 'লে-
: কি কৰি থাক তই, ডিউটি কৰিব আহিছ! ' কি হৈ থাকে চকু দি থাকিব নোৱাৰ'?”
তিলোৱাই 'লে একো তৎ ধৰিব নোৱাৰি চাৰৰ চকুলৈ ভেবা লাগি চাই থাকিল চাৰেতো কেতিয়াও এনেকৈ কথা নকয়! তেওঁক চিৰিৰে ওপৰলৈ বেগাই যোৱা দেখি সিওঁ পিছে পিছে ' গোস্বামী চাৰে মনৰ ভিতৰতে গুণাগঁথা কৰি 'লে এনেহেন পৰিস্থিতিটোৰ কেনেকৈ মুখামুখি ' শেষ চিৰিটোত তেওঁ অকনমান ' দীঘলকৈ উশাহ কেইটামান 'লে আৰু আগবাঢ়ি 'ৰাহতঁৰ মুখামুখি '
: চাৰ এতিয়া ওলালেহি যে- _স্বৰুপে আগবাঢ়ি আহি 'লে দোপাট্টা লোৱা দুজনৰ এজনে হাতত দোপাট্টাখন লৈয়ে চাৰৰ ওচৰত থিয় '
: চাৰ কিবা কথা আছিল নেকি- বিতুল নামৰ জনে সুধিলে
চাৰ অকণমান সময় 'লে উত্তৰ দিওঁতে মুখত এমোকৰা হাঁহি যেন সকলো ধৰণৰ উদ্বিগ্নতাৰ পৰা মুক্তি পালে
: নাই এনেয়ে! পাক এটা মাৰি যাওঁ বুলি ভাবি আহিলোঁ তোমালোকক দেখি উঠি আহিলোঁ আজি বৰ গৰম ছাদৰ ওপৰত ভাল লাগে, মলয়া বতাহে শৰীৰ জুৰাই থাকে নহয়নে! - -গোস্বামী চাৰে 'ৰাহতক 'লে
: হয় চাৰ! হয় চাৰ!- সকলোৱে সমস্বৰে 'লে
: যাওঁ দিয়া থাকা তোমালোক ভালদৰে পঢ়াশুনা কৰিবা 'ফাৰ্ষ্ট টাৰ্মিনেল'লৈ বেছি দিন নাই!”
পিছে পিছে থকা তিলোৱাই একো তলামুধা নাপালে অকণমান আগতে ধমক দি যোৱা চাৰে তাৰ ফালে চাই হাঁহি এটা মাৰি বিদায়হে 'লে আহিল আৰু ' ছাত্ৰাৱাসত ভৰি থোৱাৰ সময়ৰ ক্ৰোধান্বিত আৰু অসন্তুষ্টি ভৰা মুখখন এতিয়া দেখোন হৰ্ষ আৰু আমোদিত হোৱাহে দেখা '

: মেৰা পাগ্ৰি কা স্কাৰ্ফ দে ' সায়দ পুৰা শুখ গিয়া আভি পাগ্ৰি বানানা পৰেগা -সঞ্জয় সিঙে পাগুৰি বান্ধিবলৈ ব্যবহাৰ কৰা দীঘল কাপোৰখন লৈ কোঠালৈ ' বহুদিনৰ পিছত চুলিখিনি ধুইছিল আজি দীঘল চুলি বাবে শুকাবলৈ সময়ো 'লে পাগুৰি বন্ধা স্কাৰ্ফখনো ধুই দিছিল তাৰ লগৰ দুজনে পাগুৰি বন্ধা দীঘল কাপোৰখন দুইমুৰে ধৰি জোকাৰি থকাত ৰিব ৰিব বতাহত সোনকালে শুকায়ো '

'Return of the evil dead' কাহিনীটো আপোনালোকক কৈহে আজি ছাত্ৰাবাসৰ কাহিনী সামৰিম এইটো আমাৰ ছাত্ৰাবাসত ঘটা ঘটনা আগৰ দুটা ঘটনাৰ নিচিনাকৈ এইটোতো নাম ধাম সলনি কৰা ৰহণ সনা হৈছে

সময় আনুমানিক মাজৰাতি তিনিমান বাজিবৰ হৈছে হঠাৎ ভয়াৰ্ত কণ্ঠেৰে উৎপলদাৰ চিঞৰ-
: তিৱাৰী, তিৱাৰী, নুশুন নেকি? ইমানকৈ চিঞৰি মাতি থাকিব লাগে!
: কি ' বাবুজী?
: পিছফালে চাচোন! চৰ-চৰ-চৰ-চৰ, ফৰ-ফৰ-ফৰ-ফৰৰ নিচিনা শব্দ হৈ আছে!
অলপ সময় পাঁচ বেটেৰিয়া টৰ্চটোৰে ভালদৰে ইফালে-সিফালে চাই নৈশ পহৰাদাৰ তিৱাৰীয়ে 'লে-
: একো নাই বাবুজী আপুনি শুই থাকক এতিয়াতো একো শব্দও নাই!
: তেন্তে শব্দ ' পৰা আহিছিল?
: এন্দুৰো ' পাৰে
: ধেৎ এন্দুৰ-নিগনিৰ শব্দ নহয়! তই ভালদৰে চোৱাই নাই!
: হয়তো কোনো মায়াবিনীৰো শব্দ ' পাৰে মই কেতিয়াবা নূপুৰৰ শব্দ শুনোঁ! আপুনি ঈশ্বৰৰ নাম লৈ শুই থাকক ৰাতি পুৱাবলৈ বেছি পৰ নাই
গোটেই ৰাতি উৎপল কাকতিয়ে ইছাটি-বিছাটি কৰি থাকিল মাজতে তিৱাৰীয়ে এবাৰ মাত লগালে তাৰ কিবা এটা মনত পৰাত উত্তৰ নিদিয়াকৈ মনে মনে থাকিল টোপনি 'লে অলপো নাহিল উৎপলদা এনে কিন্তু বৰ খামিডাঠ মানুহ এজন ভাল ভলী খেলুৱৈ অসমৰ বাহিৰত দুবাৰো বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে টোপনি এনেয়েও অহা নাছিল ৰুমমেট নাছিল ভয় ভয়তো লাগি আছিলেই! তাতে আকৌ শব্দৰ উৎসৰ সন্ধান উলিয়াব নোৱাৰি ঠাণ্ডাতো ঘাম বাহিৰ হৈ গৈছিল এবাৰ ভাবিলে দুৱাৰখন খুলি নৈশ পহৰাদাৰ তিৱাৰীৰ লগতে বাহিৰত বহি থাকোঁ সেইটো কৰিবলৈও ভয় লাগিল কিজানি তিৱাৰীৰ সলনি আন কোনোবাহে ওলায় সেই যে অদৃশ্য হৈ চৰৰ-চৰৰ, ফৰৰ-ফৰৰ শব্দ কৰি আছিল শব্দ শুনি লগে লগে ভয়ে ভয়ে 'টৰ্চ'টোৰে বাহিৰলৈ চাইছিল আচৰিত ভাবে শব্দ হৈ থকা সময়তো একোৱেই চকুত ধৰা নপৰিল শব্দটো প্ৰায় এক-দুই মিনিটমান আছিল গতিকে ৰাতি ওলোৱা ভয় লগা অদৃশ্যবিধে ' সন্দেহ নাই! কিহে পাইছিলনোঁ 'Return of the Evil Dead' খন চাবলৈ কথাছবিখনত ওলোৱাৰ দৰে প্ৰেতাত্মাও ' পাৰে বুলি এবাৰ মনলৈ আহিল প্ৰেতাত্মাকেইটা অন্ধ আছিল, নেদেখে কিন্তু সিহঁতে শব্দৰ উৎসৰ সন্ধান কৰি আক্ৰমণ কৰে সেয়ে পিছলৈ মনত পৰাত তিৱাৰীয়ে মাত লগোৱাতো উৎপলে মনে মনে থাকিল অৰূপক কিমান 'লে
: বোলো আহ আজি মোৰ লগতে শুই থাক, তোৰো ৰুমমেটো নাই মোৰো নাই -সি বেটা বৰ খামিডাঠ ওলাইছে! তাৰ বোলে বেলেগৰ বিছনাত টোপনি নাহে গোটেই ৰাতি সেই আবোল-তাবোলবোৰ ভাবিয়েই পোহৰ হোৱালৈয়ে বাট চালে উপাই নাই কি কৰিব আৰু!
'চেমিষ্টাৰ ব্ৰেক' বেছিভাগেই ঘৰলৈ গৈছে দূৰৈৰ কিছুসংখ্যক ৰৈ ' এদিন বা দুদিন পিছত যাব ছাত্ৰাবাসত এটা ৰঙীন টিভি আছিলেই সকলোৱে ঠিৰাং কৰিলে 'ভি.চি.আৰ' আনি 'চিনেমা' চাব 'চিনেমা' কেছেট কেইবাধৰণৰো অনা হৈছিল তাৰ মাজত আছিল 'Return of the Evil Dead' নামৰ 'ৰৰ 'চিনেমা'খনো সেইখন আকৌ শেষতহে চাইছিল প্ৰেতাত্মাকেইটাৰ ভয়ত এনে অৱস্থাৰ সৃষ্টি হৈছিল সেই কেছেটটোৱে কোনোৱে ৰাখিবলৈ ইচ্ছা কৰা নাছিল যদি ৰাতি তাৰ পৰাই সেইকেইটা ওলাই আহে! কি ঠিক! চাৰিমহলীয়া চল্লিশটা কোঠা থকা, আশীজন আবাসী থকা ছাত্ৰাবাসটোত সেইদিনাখন আছিল মাত্ৰ পোন্ধৰ-বিশজন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত, ওচৰত বৰ বিশেষ আবাসিক এলেকা নথকাত এনেও এটা নিমাও-মাও পৰিবেশে বিৰাজ কৰিছিল গতিকে ভয় খোৱাকেইজনে একেলগে শোৱাৰ বন্দোবস্ত কৰিলে থকা কেইজনৰ 'ৰুমমেটো' নাছিল দুটা কোঠাত চাৰিজনকৈ থাকিল বাকীকেইজনৰ সেই সুবিধা নিমিলিল গতিকে অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিল তাতে আকৌ দুজনমানৰ নাকৰ শব্দ আদি সমস্যাবোৰটো আছিলেই
মুনিন গগৈৰো ৰুমমেট নাছিল ঘৰ শিৱসাগৰত পিছদিনাখন ঘৰলৈ যাব মুনিনদায়ো চাইছিল শেষ 'চিনেমা'খন ভয় লাগিছিল যদিও কনিষ্ঠ কেইজনৰ আগত দুৰ্বলতা জাহিৰ কৰিবলৈ নিবিচৰাত অকলেই শুৱলৈ লৈছিল দৌৰাদৌৰিকৈ শুৱলৈ অহাত সৰুপানী চুই আহিবলৈ পাহৰিলে তেতিয়ালৈকে গোটেইবোৰে দুৱাৰবোৰ জপালেই তাতে আকৌ সেইটো মহলাত তেওঁৰ ওচৰে পাঁজৰে আন কোনো নাই দুৱাৰ খুলি সৰুপানী চুই আহিবলৈ মুনিনদাৰ মনটোৱে নক'লে তেনেকৈ বহুপৰ উচপিচাই থাকি আৰু নোৱাৰিলে কোনোনে দেখিব! তাতেই দোভাগ নিশা! সেইবুলি মুনিনদাই খিৰিকী এখন খুলি কামফেৰা সমাধা কৰি মুক্তি লভিলে
উৎপলদা চাৰিমহলাৰ একেবাৰে তলৰ মহলাত ১০৫ নং কোঠাত থাকে মুনিনদা একেবাৰে ওপৰ মহলাৰ ৪০৫ নং কোঠাত থাকে তাৰ মানে উলম্বভাবে মুনিনদাৰ তিনিটা মহলা পাৰ হৈ একেবাৰে তলত উৎপলদাৰ কোঠা ছাত্ৰাবাসৰ পেলনীয়া বস্তু যেনে ব্ৰেড, বিস্কুট, বাদাম-ভুজীয়াৰ পেকেটবোৰ খিৰিকীৰে ওপৰৰ পৰা বহুতেই পেলাই দিয়ে তেনেকৈ উৎপলদাৰো কোঠাৰ বাহিৰত খিৰিকীৰ তলত বহুতো প্লাষ্টিক, কাগজ এইবোৰ গোটখাই পৰি ৰৈছিল মুনিনদাৰ সৰুপানী গৈ সেই প্লাষ্টিকবোৰৰ ওপৰত অৱস্থান কৰাতহে উৎপলদাৰ সেই বিলাই-বিপত্তিখন হৈছিল ৰাতিপুৱা প্ৰথমতে কোনোৱে একো কোৱাই নাছিল পহৰাদাৰ তিৱাৰীয়েহে কথাটো আনসকলৰ আগত উলিয়াওতে ৰাতিৰ 'RETURN OF THE EVIL DEAD' কাহিনীটো জনাজাত হৈছিল
         এইবাৰলৈ এৰিলো বেছিকৈ লিখি থাকিলে পঢ়িবলৈও আমনি লাগিব গোৱালপাৰা জিলাত অনুস্থিত হোৱা অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ কৰ্মকতা সকলক ধন্যবাদ জনাই লগতে সেৱা সন্থাৰ সমূহ সদস্যক শুভেচ্ছা জনাই অধিবেশনখনিৰ সফলতা কামনা কৰিলোঁ
(ডাঃ দিগন্ত যাদৱ শৰ্মা)


Comments

Post a Comment

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)