Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

শাৰদীয়া অনুভৱ


(অম্বিকাগিৰী নগৰ সার্বজনীন শ্রীশ্রীদুৰ্গা পূজা উদযাপন সমিতিৰ স্ম্রৃতিগ্রন্থ "ধৰিত্রী" ১৯৪০ শক, ২০১৮ চনত প্রকাশিত)
সেমেকা আহিনৰ আমোলমোল শেৱালি ফুলৰ সুঘ্ৰাণ লৈ ভৰিৰ তলৰ স্নিগ্ধ দুৱৰিৰ পৰশত ৰং-বিৰঙৰ বেলুন, পুতলা লৈ অহা শাৰদীয়া দুৰ্গোৎসৱে শিশুৰ পৰা বৃদ্ধলৈকে নাৰী-পুৰুষ সমন্বিতে সকলোৰে মনবোৰ অকণমান হলেও উৎফুল্লিত কৰি তোলে  শৰতৰ বিশাল নীলা আকাশখনেও যেন বসুন্ধৰালৈ এই সময়চোৱাতেই অনেকজনলৈ আশাৰ বতৰা কঢ়িয়াই আনে আমাৰ দেহ মনতো এক সুকোমল শান্তিৰ নিজৰা বোৱায়
দুৰ্গা পূজা ভাৰতবৰ্ষৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ  শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱকে দুৰ্গা পূজা বুলি কোৱা হয় পূৰাণত দুৰ্গা শব্দটোৰ বাখ্যা কৰা হৈছে এনেদৰে- “যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব হিন্দু শাস্ত্ৰ মতে শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী হৈছে দুৰ্গা দেৱী ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'  সতী, পাৰ্বতী, কৌশিকী, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, কালিকা, ৰক্তদণ্ডিকা, ইত্যাদি দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায় হিন্দুশাস্ত্ৰত "দুৰ্গা" শব্দটিক ব্যাখ্যা কৰোঁতে এনেধৰণেৰে কোৱা হৈছে:
দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ
উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত।।
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ
ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত।।
অৰ্থাৎ, """ বৰ্ণই দৈত্য বিনাশ কৰে, -কাৰে বিঘ্ন নাশ কৰে, ৰেফে ৰোগ নাশ কৰে, "" বৰ্ণই পাপ নাশ কৰে আৰু অ-কাৰে শত্ৰু নাশ কৰে ইয়াৰ অৰ্থ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি ৰক্ষা কৰে, তেঁৱেই দুৰ্গা" আনহাতে শব্দকল্পদ্ৰুমত কৈছে, "দুৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীৰ্তিতা" অৰ্থাৎ, যি দুৰ্গ নামে অসুৰক বধ কৰিছিল, তেঁৱেই সকলো সময়ত দুৰ্গা নামে পৰিচিত কথিত আছে খুব প্ৰাচীনকালত ৰামচন্দ্ৰই অযোধ্যাত লঙ্কাৰাজ ৰাৱনক বধ কৰিবলৈ শৰতকালত দুৰ্গা দেৱীৰ বন্দনা কৰিছিল সেই বাবেই হেনো শাৰদীয়া দুৰ্গোৎসৱ বুলি কোৱা হয়
দুৰ্গা পূজা উৎসৱৰ সময়ত ধনী-দুখীয়া, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আনন্দ আৰু ভক্তিৰসত নিমজ্জিত হয় সময়ৰ সোতত দুৰ্গা পূজাৰ বাহ্যিক কথাবোৰৰ দ্ৰুত গতিত সলনি হৈ আছে  পুজাস্থলীৰ ৰঙ-বিৰঙৰ আলোকসজ্জাৰ লগত অইন সাজ-সজ্জাবোৰো দিনক দিনে চকুত লগা হৈ পৰিছে ইয়াতে যথেষ্ট ব্যয়ো কৰা হয় অৱেশ্যে মূল পূজাভাগ একেই আছে বুলি ঠাৱৰ কৰিব পাৰি বিভিন্ন সময়ত বিজ্ঞজনৰ পৰা আজিৰ পৰিপ্ৰেক্ষিতত শাৰদীয়া দুৰ্গোৎসৱ সম্বন্ধে বিভিন্ন কথাৰ অবতাৰনা হয় যেনে আমাৰ মাজৰ এচামে আগ্ৰহেৰে অশেষ কষ্টেৰে দুৰ্গা পূজা পাতে কিন্তু প্ৰকৃততে কিমান সংখ্যক লোকে প্ৰকৃত উপাসনাৰে দুৰ্গা দেৱীক উপসনা কৰে কথাবোৰ এনে নেকি বাৰু যে আমি এচামে দুৰ্গা পূজা কৰিবলৈ নাযাও, চাবলৈহে যাও পূজাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাব ধৰিছে আনহাতে বেছ কিছুসংখ্যক ঠাইত উদযাপন প্ৰীতিৰ মাজত প্ৰদৰ্শনধৰ্মী মানসিকতাহে দেখিবলৈ পোৱা যায় যেন আমাৰ মাজৰ এচামে দুৰ্গা পূজাৰ নামত 'টিভি চেনেল'টি.আৰ.পি.' বঢ়োৱাৰ দৰে চাহিদা, মান বঢ়োৱাৰ দৌৰৰ প্ৰতিযোগিতাত নামি পৰিছো একোখন শুদ্ধ অন্তৰেৰে দেৱীৰ চৰণত প্ৰণিপাত লৈ আমি সঙ্কল্প লব নোৱাৰোনে যে পূজাৰ সংখ্যা হ্ৰাস কৰি গোট খোৱা বৰঙনিৰ এটা অংশেৰে সমাজৰ হিতৰ বাবে ব্যবহাৰ কৰাটো অৱেশ্যে ঠাই বিশেষে কিছু পূজা সমিতিয়ে গোট খোৱা বৰঙনিৰ এটা অংশ সমাজৰ ভাল কামৰ বাবে সুকীয়াকে থোৱা দেখা যায় এনে কৰিলে নতুন প্ৰজন্মক এটা শুদ্ধ বাট দেখুওৱাৰ দৰে হ'
আশা কৰিছো শাৰদীয়া দুৰ্গোৎসৱৰ আনন্দৰ মাজতে যেন আমাৰ মনবোৰ প্ৰফুল্লিত কৰি তোলে অপায়-অমঙ্গলবোৰো নিপাত যাওক শেষত মনলৈ অহা এটি গীতৰ কলিৰে সামৰিছো-
আহিনক কোনে আনে,
আহিনক কোনে আনে
নিয়ৰে জনালে শেৱালিয়ে
আৰু শেৱালিয়ে কলে নিয়ৰে আনে।
দুৱৰীয়ে কলে কোমল হাঁহিৰে
দুয়োজনে দুয়োজনে…”

Comments

Post a Comment

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)