শিৰোনামাটো আচহুৱা যেন লাগিছে নিশ্চয়।
লাগিবই। দৈনন্দিন কিমানৰ ঘৰত, বিশেষকৈ উৎসৱ, পাৰ্বণ, দেওবাৰ, বন্ধৰ দিনত, দৈনিক বজাৰত,
সন্ধিয়া তিনিআলিটোৰ মুৰত কিমান যে কুকুৰা চৰাইৰ
বিনাশন হৈ থাকে
তাৰো
হিচাপ কোনোবাই ৰাখিছেনে? এয়া অৱেশ্যে নিন্তান্তই খাদ্য হিচাপেহে বধ কৰা হয়। আমাৰ
শৰীৰৰ বাবে
আৱশ্যকীয় মাংসসাৰ, খাদ্যপ্ৰাণৰ প্ৰয়োজন পূৰণৰ বাবেহে। দৈনিক অগণন কুকুৰাৰ প্ৰাণনাশ চলি থাকিলেও
ইয়াত বিশেষ “এটা কুকুৰাৰ মৃত্যু”ৰ
বিষয়েহে লিখিবলৈ লৈছো।
খাবলৈ অনা কুকুৰা এটাৰ মৃত্যুও
সচাকৈয়ে এক বিষাদৰ কাৰণ হ'ব পাৰে। লিখিবলৈ
লোৱা কুকুৰাটোৰ মৃত্যু
হোৱা ঘটনাটো কেইবামাহো
আগৰ যদিও কুকুৰাটোৰ এমাহজোৰা সান্নিধ্যই আমাৰ ছোৱালীজনীক মাজে মাজে আমনি
দি থাকিবলৈ যথেষ্ট। তাই এতিয়াও কিছুমান মুহূৰ্তত আমাক কুকুৰাটোৰ কথা
মনত পেলাই অলপ
হলেও ব্যথিত কৰি তোলে। কুকুৰা কোনোদিনে পুহি পোৱা নাছিলো। কিন্তু
কুকুৰাৰ কণী আৰু
মঙহ মনত থকা দিনৰে পৰাই ভক্ষণ কৰি আহিছো। আমাৰ পৰিয়ালৰ কনিষ্ঠতম সদস্যৰ মুখৰ
পৰাও এই দুয়োবিধ নিস্তাৰ পোৱা নাই। যি নহওক ঘটনাটো আপোনালোকক কৈ লও। এটা দেওবাৰৰ ৰাতিপুৱা।
টোপনিৰ মজা লৈছো। হঠাত ওচৰ-চুবুৰীয়া এজনৰ চিঞৰ-বাখৰত সাৰ পালো। চকু দুটা মুদি বিচনাতে কিনো
হৈছে উমান লবলৈ চেষ্টা কৰিলো।
: ধৰা ধৰা! দেউতা!
: কোনফালে গৈছে?
: 'আঙ্কল'ৰ ঘৰৰ ফালে। 'ওৱাল' পাৰ হৈ
গৈছে।
ৰাতিপুৱাই ৰাতিপুৱাই ওচৰৰ ঘৰৰ বাপেক
আৰু পুতেকৰ চিঞৰ-বাখৰত চিন্তিত হৈ পৰিলো। নিশ্চয় কাহিলি পুৱাতে চুৰি চাপাচি। এনেয়েও
এইকেইদিন চোৰৰ বৰ উপদ্ৰব হৈছে। চোৰ কৰিবলৈ আহি ধৰা পৰাৰ উপক্ৰমত এয়া নিশ্চয় চোৰৰ পৃষ্ঠভঙ্গ।
চকু দুটা মুদি ঘটনাৰ ওমান লৈ আছিলো যদিও টোপনিৰ আমেজৰ পৰা নিজকে সম্পূৰ্ণকৈ বঞ্চিত
কৰি চকু দুটা জোৰকৈ মেলি দিলো। বিছনাত উঠি বহিলো। খিৰিকীৰ পৰ্দা আঁতৰাই দিলো। উজ্জ্বল ৰদৰ পোহৰে
চকু দুটাত চাত মাৰি ধৰিলে। সময় দেখিলো আঠ বাজি গৈছে। নিশ্চয় চোৰ নহয়! চোৰে এই আঠ বজাত
বাহিৰে ভিতৰে মানুহেৰে গিজগিজাই থকা পৰিবেশ এটাত জানিবুজি আত্মঘাত কৰিবলৈ নিশ্চয় নাহে।
'আফটাৰ অল' কুম্ভীলক বৃত্তিধাৰী সকলৰো ধৰা পৰি যোৱাৰ ভয় এটা অনবৰতে থাকেই দিয়কচোন!
হাতত চশমাযোৰ লৈ বাহিৰলৈ ওলালো। ইতিমধ্যে আমাৰ ঘৰৰ চৌহদৰ 'গেইট'খন খুলি ওচৰ-চুবুৰীয়া
নিৰ্মল সোমাই আহিছেহি। আমাতকৈ সৰু, কাষতে থকা ঘৰটোত বহুবছৰ ধৰি ভাৰাতীয়া হিচাপে
আছে। হাতত দীঘল
লাঠি এডাল। দুমহলীয়া ঘৰটোৰ
ছাদৰ পৰা পাঁচ
নে
ছয় বছৰীয়া পুতেকে দেউতাকক কিবাকিবি নিৰ্দেশ দিয়াত ব্যস্ত। মই এবাৰ
পুতেকৰ ফালে এবাৰ
দেউতাক নিৰ্মলৰ ফালে চালো। ঘটনাৰ উমঘাম একো নাপালো। ইতিমধ্যে আমাৰ ঘৰৰ চৌহদতে ইফাল
সিফাল কৰি নিৰ্মলে মোৰ উপস্থিতি উপলব্ধ কৰি মাত লগালে-
: দাদা, মুৰ্গী এটা বিচাৰি আহিছো।
: নিৰ্মল, মুৰ্গী আমাৰ ঘৰত?
: চাৰিদিন আগতে 'শ্বশুৰবাড়ি' যাওতে
দেশী মুৰ্গী এটা দি পঠিয়াইছিল। আমাৰ ই আকৌ 'ব্ৰইলাৰ' মুৰ্গী নাখায়।
: ঠিক আছে বাৰু। তোমাৰ ঘৰ পাৰ হৈ মুৰ্গী
আমাৰ ঘৰত যে!
: নহয় দাদা। আজি খাম কালি খাম বুলি ৰছী এডালেৰে
ঠেঙত বান্ধি ৰাখিছিলো। পুত্রই ৰঙ চাবলৈ বুলি ৰছীডালৰ বান্ধটো খুলি দিলে। এতিয়া
এই মুর্গীৰ পিচে পিচে দৌৰি ফুৰিচো। ক’ত জানো সোমাল!
নিৰ্মলৰ লগত বাহিমুখে ময়ো কুকুৰা চৰাইটো
বিচৰাত লাগিলো। নাই কুকুৰাৰ উমঘামেই নাই! নিৰ্মলো আতঁৰি গ'ল। দেওবাৰৰ
দিনটো পাৰ হ'ল। সোমবাৰৰ পৰা আকৌ ব্যস্ত কৰ্মজীৱন আৰম্ভ হ'ল। আৱেলি কৰ্মস্থলৰ পৰা উভতি
ঘৰ সোমাইছোহি। ছোৱালীজনী মোৰ 'গেইট' খোলাৰ শব্দ শুনি প্ৰায় দৌৰি অহাদি কাণত
ফুচফুচাই কব ধৰিলে।
: দেউতা জানানে,
কুকুৰা
চৰাইটো!
: কি কুকুৰা চৰাই অ'!
: অ' কুকুৰা চৰাই। বৰ ধুনীয়া। ৰঙচুৱা কুকুৰা চৰাইটো
কালি যে
তেওঁলোকে বিচাৰি ফুৰিছিল! এতিয়া আমাৰ ঘৰতে আছেহি। মই চাউল
দিছিলো। সব খালে। ইমান ভাল লাগিলে। মই কিন্তু কাকো নিবলৈ নিদিও।
বুজিলো, নিৰ্মলহতে খাবলৈ অনা কুকুৰা চৰাইটো আমাৰ ঘৰত
চৰি আছে। হয়তো
লুকাই আছিল এটা দিন! আৰু তাই মোক কাণত ফুচফুচাই কোৱাৰ অৰ্থ যাতে তেওলোকে গম পাই
কুকুৰাটো আকৌ নিবলৈ
নাহে। ঘৰত সোমাই দেখিলো ইতিমধ্যে কুকুৰাটোৱে গেৰেজটোৰ এটা কোণ নিগাজি পত্তা
কৰি লৈছে। এইটোৱে
সেই সময়ত ঘৰৰ আটাইকেইজন সদস্যৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে।
ছোৱালীজনীৰ প্ৰিয় 'কাৰ্টুন চেনেল' কেইটাও আজি জিৰণি লবলৈ পাইছে। আইতাকৰ মতে নিৰ্মলক
কৈ হলেও
এতিয়াই কুকুৰাটো ধৰাই দিব লাগে। হাজাৰ হলেও পুতেকলৈ বুলি খাবলৈ
অনা!
নহলে ৰাতিপুৱা আকৌ কৰবালৈ গুচি যাব। মাক জীয়েকৰ মতে কুকুৰাটো ধৰাই দিব
নালাগে। লাগিলে কুকুৰাটোৰ মূল্যটোৱে
দি দিব লাগে। মই সচাকৈয়ে এক ধৰ্মসংকটত পৰিলো।
মঙ্গলবাৰ ৰাতিপুৱা দেখিলো আপনমনে কুকুৰাটো চোতালতে
চৰি আছে। ‘স্কুল’লৈ
যাবলৈ ওলোৱা ছোৱালীজনীয়ে 'স্কুল'ৰ পোছাকযোৰ পৰিধান কৰি
চাউল ডালি কিবাকিবি ছটিয়াই আছে। 'টিফিন'ৰ পৰা উলিয়াই ৰুটিৰ দুই এটা টুকুৰাও দিছে। কুকুৰাটোৱেও টপাটপ
গিলিছে। দৃশ্যটোৱে
মনটোত এক অনাবিল
আনন্দৰ
পোহাৰ বিলালে। মহানগৰত থকাৰ বিড়ম্বনা বহুতো। মনলৈ আহিল যান্ত্ৰিকতাই
নাশ কৰিবলৈ ধৰা মহানগৰৰ পৰিবেশৰ মাজত এটা কুকুৰাৰ প্ৰাণভিক্ষাৰ বাবে কণমানি এজনীৰ কাতৰ অনুৰোধ। তাইৰ এইকণ অনুৰোধো
ৰাখিবলৈ মই অপাৰগনে! ধৰ্মসংকটৰ পৰা আঁতৰি আহিলো।
মনতে স্থিৰ কৰিলো নিৰ্মলক লগ ধৰি অন্য এটা কুকুৰা লৈ দিম। তেঁও
নিশ্চয় মান্তি হ'ব।
কুকুৰাটোক মোৰ ছোৱালীজনীয়ে তাইৰ খেলৰ সঙ্গী
কৰি লৈছে। ইতিমধ্যে দহ দিনমান পাৰ হৈছিল। পিছে পিছে দৌৰি ফুৰিছিল। কেতিয়াবা কোচতে জপিয়াই
আহি উঠে। ৰঙচুৱা পাখিৰে জিকমিকাই থকা দেহাটোত হাতৰে ফুৰাই দিলে নিশ্চুপ হৈ থাকে।
কুকুৰাটোৱে তাইৰ হাতৰ
তলুৱাতে খাবলৈ লৈছিল। অৱেশ্যে তাইৰ কোমল হাতৰ তলুৱাত শক্তিশালী ঠোঁটৰ খোট সহিব নোৱাৰি
আকৌ মজিয়াতে দিবলৈ লৈছিল। কুকুৰাটোৱে ইতিমধ্যে বাৰান্দাত থকা জোতাৰ বাকচত নিশাৰ
আস্থান কৰি লৈছিল। কবলৈ পাহিৰিছিলোৱেই। নিৰ্মলে কুকুৰাটোৰ কোনো
মূল্য নললে। মাথো কলে-
: দাদা, মই কিবা এটা ললে মোক পাপে
চুব। দেখিছোৱেই
নহয় কুকুৰাটোৱে কেনেকৈ আপোনাৰ ছোৱালীজনীৰ লগত খেলি থাকে।
কালি স্কুল বন্ধ আছে নহয়। মোৰ লৰাটোও আহিব খেলিবলৈ। পূৰা এমাহ কুকুৰাটো লৈ আমিও
ব্যতিবস্ত হৈ থাকিলো। ইহঁতে নাম এটাও থৈছিল। 'মুনু' বুলি মাতিলে দৌৰি আহিছিল।
-'মুনু' ক'ত গলগৈ?
-'মুনু'ক কিবা খাবলৈ দিলি নে?
-'মুনু'ৱে বাৰান্দাখন লেতেৰা কৰিলে।
পানী মাৰি দেছোন।
মুঠতে আমাৰ সকলোৰে মাজত
দিনটোৰ কোনোবা নহয় কোনোবা এটা সময়ত 'মুনু'ৱে অলপ হলেও সময় অধিকাৰ কৰি ৰাখে।
দেখাতো কুকুৰাটো দেখনিয়াৰ
হৈ উঠিছিল। গাৰ ৰঙটোও উজ্জ্বল হৈছিল। বাহ এটা সাজি দিয়াৰ কথাও ভাবিছিলো। তেনেতে আহিল
সেই অনাকাঙ্ক্ষিত ঘটনাটো। এদিন কৰ্মস্থলৰ পৰা আহোতে দেখিলো ঘৰত গোমা পৰিবেশ এটাই বিৰাজ
কৰি আছে। ছোৱালীজনীয়েও মেজৰ খোৱাখিনিও লিৰিকি বিদাৰি আছে। মাজে মাজে বাহিৰলৈ আহি 'মুনু' মুনু'
বুলি কৈ চিঞৰে। আবেলিৰ
পৰাই 'মুনু'ৰ সন্ধান নাই। যৰে চাউল ততে পৰি আছে। নাই কতো নাই। আন্ধাৰ নামিছিল। 'টৰ্চ'টো
লৈ আগফাল পিছফাল চালো। এঠাইত চকুত পৰিল- সৰু সৰু পাখি দুখনমান। হয় মুৰ্গীটোৰ পাখিয়েই
হ'ব। ঘৰত একো নকলো।
আমাৰ ফালে বান্দৰৰ জাক এটা মাজে মাজে
আহে। উপদ্ৰবো চলাই মাজে মাজে। আচলতে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ অভাব। সেয়ে ঠাই সলাই
সলাই মাজে মাজে আমাৰ ফালেও খাদ্যবস্তুৰ সন্ধানত আহে। একো নাপালে অমিতা গছৰ পাতকে খাই
যায়। দুৱাৰ খিৰিকী খোলা থাকিলেটো কথাই নাই! বান্দৰৰ জাক
এটা সেইদিনাখনো আহিছিল। কোনোনবা এজনে এবাৰ নে দুবাৰ 'মুনু'ৰ চিঞৰো শুনিছিল। নকলেও হ'ব বান্দৰৰ
জাকটোৰ অত্যাচাৰতেই 'মুনু'ৰ মৃত্যু ঘটিছিল। কুকুৰাটোৱে হয়তো নিজকে বচাবলৈ সুবিধাই নাপালে!
পিছদিনা ৰাতিপুৱা
ওচৰৰ এঘৰৰ চাদৰ ওপৰত ঘৰৰ গৰাকীয়ে 'মুনু'ৰ নিঠৰ দেহটো দেখি আমাক জনাইছিল। ছোৱালীজনীয়ে
কান্দি কান্দি ভাত নোখোৱাকৈ সেমেকা চকু দুটাৰে 'স্কুল'লৈ বুলি বাছত উঠিছিল। মোৰো চকু
দুটা সেমেকি উঠিছিল। এতিয়াও মাজে মাজে তাই মোৰ 'মোবাইল কেমেৰা'ৰে উঠাই থোৱা
'মুনু'ৰ 'ফটো'খন চাবলৈ ইচ্ছা কৰে।
দিগন্ত যাদৱ শৰ্মা
Comments
Post a Comment