অতীজৰে পৰাই মানুহে আবেগজনিত আৰু অন্যান্য কাৰণত অঙ্গ-প্ৰত্যঙ্গৰ সঞ্ছালনৰে বিভিন্ন ভঙ্গিমা প্ৰকাশ কৰিছিল। কালক্ৰমত অঙ্গ-প্ৰত্যঙ্গৰ সঞ্ছালনা আৰু বিভিন্ন অংগী-ভঙ্গীৰ আৰ্হিত প্ৰকাশ কৰা ভঙ্গিমাবোৰেই সমাজ, সংস্কৃতি আৰু সময়ৰ সৈতে পৰিবৰ্তনৰ ৰূপ লয় আৰু ইয়ে হৈ পৰে নৃত্য। আদিম অবস্থাত নিশ্চয় নৃত্যৰ বিষয়বস্তু আছিল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ। ক্ৰমে নৃত্যই সমাজৰ বিভিন্ন কৃষিভিত্তিক উংসৱত সোমাই পৰে। সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত নৃত্যৰ আমুল পৰিবৰ্তন ঘটিছে। প্ৰকৃতিৰ লগত ওতপ্ৰোতঃভাবে জড়িত নৃত্যসমূহৰ অঞ্চলভেদে সুকীয়া বৈশিষ্ট আছে। বহুতো নৃত্যত প্ৰকৃতিৰ বিভিন্ন ৰূপ তথা জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপন দেখা যায়। আমাৰ সমাজ জীৱনত ধৰ্মীয় লোকবিশ্বাস বা পূজা-পাতলক কেন্দ্ৰ কৰি ধৰ্মীয় নৃত্যও দেখা যায়। অর্থাৎ প্ৰাচীন কালৰে পৰাই নৃত্য-কলাৰ প্ৰচলন হৈ আহিছে। এই নৃত্যধাৰা লাহে লাহে আধুনিক মঞ্চলৈ ওলাই আহে। ইয়াৰে কিছুমান নৃত্য পৰাম্পৰাগতভাবে কিছু লোকৰ মাজতে আৱদ্ধ আছিল যদিও আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে।
ভাৰতৰ শাস্ত্ৰীয় নৃত্যকলা হিচাপে মৰ্য্যদা পোৱা ৮টা নৃত্যশৈলী হৈছে ওদিছি নৃত্য, কথক নৃত্য, ভাৰত নাট্যম, কথাকলি নৃত্য, কুচিপুড়ি নৃত্য, সত্ৰীয়া নৃত্য, মণিপুৰী নৃত্য আৰু মোহিনীঅট্টম। এই আটাইবোৰ নৃত্যকলাই স্বকীয় মহিমাৰে মহিমামন্ডিত।
প্ৰকৃতিৰ মাজত থাকিয়েই মানুহে বিভিন্ন পৰিৱেশত সময়ে সময়ে বিভিন্ন নৃত্য-গীতৰ সৃষ্টি কৰি আহিছে। প্ৰকৃতিৰ কোলাত থকা বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰো বিভিন্ন সময়ত কৰা কিছুমান অঙ্গী-ভঙ্গীকো আমি নৃত্য বুলি কব পাৰো। এই লেখাটোত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ নৃত্যৰ বিষয়ে খুব চমুকৈ কিছু কথা ব্যক্ত কৰিবলৈ লোৱা হৈছে। প্ৰকৃতিৰ এই অমুল্য সৃষ্টিসমুহৰ ভিতৰৰ কিছুমান প্রাণীয়ে বিভিন্ন সময়ত কৰা দেহ-পাখি-ঠেং সঞ্চালনৰ অনুকৰণত কিছুমান নৃত্য-গীতৰ পদ সঞ্চালনকো বুজোৱা হয়। যেনে আমাৰ সমাজ জীৱনৰ এক অঙ্গস্বৰূপ ওজাপালিৰ কিছুমান পদ-সঞ্চালনক বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ নামেৰে নামাকৰণ কৰা হৈছে। যেনে ময়ুৰ বুলন, হস্তী বুলন, ধুপুনী (বালিমাহী চৰাই) বুলন ইত্যাদি। ঠিক তেনেকৈ সুকনান্নী ওজাপালিৰ ক্ষেত্ৰত ওজাই পিন্ধা বগা পাগুৰীটো দহটা ভাঁজ দি ইয়াক ময়ুৰৰ পাখীৰ দৰে কৰি লোৱা হয়।
প্ৰজননৰ সময়ত বহুতো চৰাইৰ মতাটোৱে মাইকীজনীক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰে। এই সময়ত মতাটোৱে বিশেষ মাত, নাচ, উড়ন্ত অৱস্থাত কৰা ডেউকাৰ কৌশলে প্ৰধান। এনে প্ৰদৰ্শনৰ ভিত্তিতেই মাইকী চৰায়ে নিজৰ লগৰীয়া নিৰ্বাচন কৰি লয়। মতা ময়ুৰ চৰায়ে লগৰীয়া জনীক আকৰ্ষণ কৰিবলৈ প্ৰথমতে ভৰি আৰু মুৰ লৰাই সুন্দৰ নৃত্য কৰিবলৈ লয়। লাহে লাহে পাখীৰ আকৰ্ষণীয় ৰঙৰ সমাহাৰেৰে পেট নচুৱাই নচুৱাই নৃত্যৰতা হয়। ময়ুৰ পক্ষী প্ৰকৃতিৰ এক লেখত লবলগীয়া নাচনী। উত্তৰ আমেৰিকাত পোৱা ডঁৰিক চৰাইয়েও বুকু আৰু নেজৰ পাখীসমূহৰে দেহ সঞ্চালন কৰি সুন্দৰ নৃত্য কৰা দেখা যায়। ইহঁতে প্ৰায় গোটেই সপ্তাহটো ধৰি নৃত্য কৰি থাকে। ই কেবল মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈহে কৰে। এনেকৈ মতা চৰাইটোৱে দেহৰ প্ৰায় আধা ওজন হেৰুৱাই পেলায়। আনকি জাপানত পোৱা 'মাডস্কিপাৰ' নামৰ এবিধ বিশেষ মাছেও লগৰীয়াজনীক আকৰ্ষণ কৰিবলৈ মনমোহা নৃত্য কৰে। প্ৰশান্ত মহাসাগৰৰ 'ডেভিল ৰে' মাছবিধেও পানীৰ মাজৰ পৰা ওপৰলৈ জপিয়াই ভয়ানক ভাবে নৃত্য কৰে। 'হাম্পবেক' নামৰ তিমিমাছেও নৃত্য কৰে, অৱশ্যে ধীৰ গতিত।
জীৱ বিজ্ঞানী
সকলে গৱেষণাৰ অন্তত
ঠিৰাং কৰিছে যে
মানুহৰ উপৰিও আন
ছয় বিধ প্ৰাণীৰো
নৃত্য কৰাৰ সক্ষমতা
আছে। এই ছয়
বিধ প্ৰাণী হৈছে
মৌমাখি, কাকাটোজ (Cockatoos), ময়ুৰপক্ষী, গুবৰুৱা
পোক (Dung beetles), পৰিষ্কাৰ পানীত
হোৱা এবিধ শেলুৱৈ
(Freshwater algae) আৰু মানাকিন
পক্ষী (Manakin)।
মৌমাখিয়ে ইটোৰ
লগত আনটোৰ যোগাযোগৰ
মাধ্যম হিচাপেহে নৃত্যৰত
হয়। খাদ্যবস্তুৰ সন্ধানত
অথবা খাদ্যবস্তুৰ সন্ধান
পালে মৌমাখিৰ নৃত্যও
ভিন ভিন হয়।
মৌমাখিৰ নৃত্য সৰ্বপ্ৰথমে
এৰিস্টটলে লক্ষ কৰিছিল
আৰু পিছলৈ ইয়াক
ন'বেল বিজয়ী
জীৱ বিজ্ঞানী কাৰ্লে
কিছু অধ্যয়নৰ অন্তত
বিশ্লেষণ কৰিছিল।
কাকাটোজ নামৰ চৰাইবিধেও
স্বভাৱসিদ্ধভাবে গীতৰ তালে
তালে বিভিন্ন লয়ত
নৃত্য কৰে।
ইহঁতক অলপ প্ৰশিক্ষণ
দিলে মনোমোহা নৃত্য
কৰিব পাৰে।
ময়ুৰপক্ষীৰ নৃত্যৰ কথা
ওপৰত উল্লেখ কৰা
হৈছে।
প্ৰকৃতিৰ এক আশ্চৰ্য হৈছে গুবৰুৱা পোকৰ নৃত্য। সৰু সৰু বিষ্ঠাৰ ধোপবোৰৰ ওপৰত বহি লৈ সিহঁতে এক আচহুৱা নৃত্য কৰে। বিশেষকৈ শত্ৰুপক্ষক দেখিলে সিহঁতৰ পৰা বিষ্ঠাৰ ধোপবোৰক ৰক্ষা কৰাৰ কিটিপ হিচাপে এনে কৰে বুলি জনা গৈছে। পৰিষ্কাৰ পানীত পোৱা এককোষী জীৱ এবিধ শেলুৱৈও একেলগে নৃত্য কৰে বুলি জীৱবিজ্ঞানীৰ গৱেষণাত জনা গৈছে। প্ৰকৃততে সিহঁতে তেনেদৰে বংশবৃদ্ধি কৰে। কল'ম্বিয়া আৰু ইকুৱাডৰত উপলব্ধ মানাকিন পক্ষীবিধে প্ৰজনন কালত কৰা নৃত্যই প্ৰাণীজগতৰ সবাতোকৈ আকৰ্ষণীয় নৃত্য বুলি প্ৰকৃতিবিদ সকলে ঠিৰাং কৰিছে।
ডাঃ দিগন্ত যাদৱ শৰ্মা (Dr. Diganta Yadav Sarma)
Comments
Post a Comment