Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

পুণ্য অৰ্জনৰ ভোক (চুটিগল্প)



তেওঁলোকৰ ইমান ভোক লাগেনে?
চোৱাচোন কেনেকৈ সৰু লৰাটোৱে জাবৰৰ দমটোৰ পৰা বস্তু বিচাৰি খাইছে!
দেউতা তেওঁলোকে কিয় কাম নকৰে?
দেউতা কুকুৰটো চোৱাচোন। ইমান মৰমলগা!
তেওঁলোক মন্দিৰৰ সন্মুখতে কিয় বহি থাকে?
দেউতা তেওঁলোক কিয় পথৰ ওপৰত শুই থাকে?
দেউতা বলানা আমিও মন্দিৰৰ ভিতৰলৈ যাওঁ।
দেউতা ভগবান আছে নে নাই?
ভগবান কত থাকে?
মন্দিৰত থাকে নেকি?”
ভগবানে তেওঁলোকক খোৱাবস্তু নিদিয়ে নেকি?

      দেওবাৰৰ দিনটোত সাত বছৰীয়া ইমনৰ ইমানবোৰ প্ৰশ্নৰ সন্মুখিন হব বুলি জনা লে হয়তো ডেকাই কেতিয়াও পুতেকক ব্ৰহ্মপুত্ৰ নদী দেখুৱাবলৈ নানিলেহেতেন! ইমনে বহুদিনৰ পৰাই ব্ৰহ্মপুত্ৰ চাম চাম বুলি জোৰ দি থকাত ডেকাই লৈ আহিছিল। দুপৰীয়াৰ ভাত খাই ভেটাপাৰাৰ পৰা বাছত উঠি শুক্ৰেশ্বৰ মন্দিৰ পাইছিলহি। তেওঁ ভাবিছিল মন্দিৰটোৰ পাছফালৰ খটখটিৰ পৰাই পুতেকক সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদী দেখুৱাব পাৰিব। আঁকোৰগোজালিৰ বাবেই বাপেকৰ দৰে সিওঁ চিট এটা দখল কৰি আহিছিল। ডেকাই অতিৰিক্ত বাছভাড়া দিব লগা হৈছিল।

ইমনে হেপাহ পলুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য্য উপভোগ কৰিলে। জোৰ কৰিছিল যদিও বতৰ বেয়া হোৱাৰ আশংকাত দেউতাকে মন্দিৰৰ ভিতৰলৈ ইমনক লৈ নগল। বাহিৰখনকে দেখুৱাই দুয়ো পানবজাৰ চিটিবাছআস্থানলৈ বুলি মন্দিৰৰ দুৱাৰেৰে লাহে লাহে খোজ কাঢ়ি আহি থাকিল। কেইটামান দৃশ্য বাপেকৰ লগতে ইমনৰো চকুত নপৰকৈ নাথাকিল! সচাঁকৈয়ে আমিবোৰ আজিকালি পুণ্য অৰ্জনৰ প্ৰতিযোগিতা নামি পৰিছো! বন্ধৰ দিন বাবে কিছুলোকে গাড়ীৰ পৰা নামি পদপথৰ ওপৰত বহা ভিক্ষাৰীবোৰৰ মাজত নানা ধৰণৰ খাদ্য সামগ্ৰী বিলাবলৈ ধৰিছিল। পদপথৰ ওপৰত ভিৰৰ বাবে ইমনৰো খোজৰ গতি মন্ঠৰ হৈ পৰিছিল। তাৰ মাজতে কিছুমান দৃশ্যই ডেকাৰ লগতে ইমনৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ বাধ্য কৰিছিল। লগত আছিল পুতেকৰ এৰাব নোৱাৰা বহুতো প্ৰশ্ন? বোধকৰো ইমনৰ মনতো নানা কথাই দোলা দি গৈছিল।
:
দেউতা সেই মানুহকেইজনে তলত বহি থকা লেতেৰা মানুহবোৰক কিয় নতুন কাপোৰ আৰু খোৱা বস্তু দিছে।
:
তেওঁলোক দুখীয়া মানুহ বাবে কিনিব নোৱাৰে।
:
কিনি দিয়া মানুহবোৰ তেওঁলোকৰ পৰিচিত নেকি?
:
নহয়।
:
তেন্তে কিয় দিছে?
:
এনে লোকক সহায় কৰাটো ভাল কাম। তুমি যে এদিন সুধিছিলা পুণ্য কি? এইটোও এটা পুণ্যৰ কাম।
:
তেওঁলোক বৰ ভাল মানুহ। তেওঁলোকৰ বহুত পুণ্য হব। নহয়নে দেউতা? তুমিও তেওঁলোকক কিবাকিবি কিনি দিয়ানা। আমাৰো পুণ্য হব।
ডেকাই পুতেকক একো উত্তৰ নিদিলে। তেওঁ আয় অনুপাতেহে খৰচ কৰিব পাৰে। ইমনে আৰু দুবাৰমান কৈ চাইছিল। সিও জানে দেউতাকে একো নামাতিলে মানে কামটো নকৰে। ডেকাই স্বগতোক্তি কৰিলে- মই ইমান মহানো নহয়। আৰু মহান হবও নোৱৰো! প্ৰধান চিন্তাটো হৈছে সীমিত আয়েৰে ইমনক মানুহ হিচাপে গঢ়ি তোলা। মোৰ পুণ্যৰ ভোকো নাই!পদপথৰ ওপৰত বান্ধি থোৱা কুকুৰটোৱে ইমনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁলোক দুয়ো তাৰ পৰা আহি থাকোতে দৃশ্য এটাই ইমনক মনত বৰকৈ আঘাট দিলে। এটা পুণ্য অৰ্জনৰ দৃশ্য। ডেকাৰ এই সুন্দৰ বন্ধৰ দিনটো অথলে যোৱা যেন লাগিল! তেওঁলোকৰ সন্মুখত হোৱা পুণ্য অৰ্জনৰ এই কাহিনীটো আছিল এনে ধৰণৰ। কাহিনীটো বুজিবলৈ নায়কৰ এটা নাম দিয়া হওঁক- জয়ন্ত। পুণ্য অৰ্জনৰ বিলাসিতাৰ মুল নায়ক।

জয়ন্তৰ হাতলৈ হঠাতে বহুত টকা আহিল। লৰা-ছোৱালী হালক নামজাদা শিক্ষানুষ্ঠানত পঢ়ুৱাইছে। তেওঁ হয়তো ভাবিলে -মইতো বহুত অৰ্জন কৰিলো। এতিয়া পুণ্যকে অৰ্জন কৰো।সেয়ে আজি জয়ন্তই পৰিয়ালৰ লগত শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত বাস কৰা ভিক্ষাৰীবোৰক খাদ্যবস্তু বিলাই পুণ্য অৰ্জন কৰিবলৈ আহিছে। পথৰ কাষত ৰখাই থোৱা গাড়ীখনলৈ এবাৰ চালে। ভিতৰত বিলাতী কুকুৰটোৰ লগত ছোৱালীজনীয়ে গান শুনি বহি আছে। ভিক্ষাৰীবোৰ বৰ লেতেৰা। তাইৰ ঘিণ লাগে। সেইকাৰণে মাকে কৈছে- মাজনী তুমি আহিব নালাগে। গাড়ীত বহি গানেই শুনি থাকা।খোৱাবস্তু বিতৰণ কৰি থাকোতে হঠাত জয়ন্তৰ পত্নীৰ শাড়ীখনত টান পৰাত দেখিলে খাবলৈ নোপোৱা লেৰেলা-চেপেটা দেশী কুকুৰ পোৱালী এটাই খাবলৈ পোৱাৰ আশাত শাড়ীৰ পাতলিত লাহেকৈ টানি ধৰিছে। ইমান দামী শাড়ীখনত লেৰেলা দেশী কুকুৰ পোৱালীটোৱে মুখ লগোৱা আৰু পত্নীৰ বিৰক্তিভৰা খং দেখি জয়ন্তই পিন্ধি থকা জোতা এপাতেৰে এক গোৰ মাৰিলে। সি হয়তো বহুত দুখ পালে, ভয়ো খালে। চিঞৰি চিঞৰি সি ভিক্ষাৰী এজনীৰ গাত কুচিমুচি সোমাবলৈ চেষ্টা কৰিলে। জয়ন্তই দেখিলে ৰচী এদালেৰে পদপথৰ ৰেলিঙত কুকুৰটোক বন্ধা আছে। পাত এখন লৈ ভিক্ষাৰীজনীয়ে অপেক্ষা আছিল তাইৰ পাল পৰালৈ। পত্নীয়ে যেতিয়া জানিব পাৰিলে কুকুৰটো তাইৰেই তেতিয়া তাইক ভাগ নিদিয়াকৈ আগবাঢ়ি গল। কিন্তু তাই বৰকৈ কাকূতি-মিনতি কৰাত পাতখনত অলপমান দলিয়াই থৈ গল। কাগজৰ প্লেটখনৰ কাষৰ অংশ ফালি তাত তাইৰ নিজৰ ভাগৰ পৰা কুকুৰটোকো খাবলৈ দিলে। কুকুৰ পোৱালীটোৱেও দুখ পাহৰি নেজ জোকাৰি জোকাৰি খাবলৈ মুখ লগালে। মাকৰ পিছ পিছে থকা তেওঁলোকৰ বৰ পুত্ৰই ভৰিৰে কুকুৰটোৰ সন্মুখৰ খোৱা বস্তুখিনি মোহাৰি নৰ্দমাটোত পেলাই দিলে। কুকুৰটো নিশ্চুপ হৈ ৰল। ভিক্ষাৰীজনীয়ো খাবলৈ এৰি ৰাটোৰ ফালে চাই ৰল। এই কাৰ্য্যত মাক-পুতেক দুয়ো এক অনাবিল আনন্দ লাভ কৰিলে। মন্দিৰটোৰ দুৱাৰমুখতে সেৱা লৈ তেওঁলোক হাহিঁ হাহিঁ আগবাঢ়ি গল।

: দেউতা তুমি কুকুৰটোক এপেকেট বিস্কুট কিনি দিয়ানা। মই বাছত তোমাৰ কোলাতে উঠি যাম। তুমি মোৰ ছিটৰ পইচা দিব নালাগে।
-
ডেকাই ইমনৰ মুখৰ পৰা এইষাৰ কথা শুনাৰ বাবেহে যেন ৰৈ আছিল। তেওঁ ইমনৰ হাতত ধৰি এপেকেট বিস্কুট কিনিবলৈ সন্মুখত থকা দোকানখনলৈ খোজ ললে।
(দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)