'টুং... টুং...'
'টুং... টুং...' অপৰ্ণা শুৱা ঠাইখিনি পোহৰ হৈ উঠিল। মাজে মাজে পোহৰখিনি নোহোৱা হয়। অকণমান পিছত আকৌ 'টুং...
টুং...' 'টুং... টুং...'। আকৌ চাৰি-পাঁচ মিনিটমানৰ বাবে অৰ্পণাৰ মুখমণ্ডল পোহৰ হৈ উঠে। পোহৰখিনি মুখমণ্ডলৰ পৰা আতৰি শোৱা গাৰুটোৰ কাষলৈ গৈ কিছু সময়ৰ বাবে আকৌ আন্ধাৰ হৈ পৰে।
নিশা এপৰলৈকে বুবুই বহুত ভাবিলে। সময়ত এনেকৈ ভবা হ'লে কথাই নাছিল। আজি এনেখন হবলৈ সুবিধাই নাপালেহেতেঁন। বিয়াৰ আগৰ কোনো এটা দিনত সৰস আলোচনাত ভাগ লৈ এজনে কৈছিল-
: জান নহয় কথাফাকি, যে- “মেকুৰীটোক প্ৰথম দিনাই এপিটন দিব লাগে। তেহে যদি আগলৈ স্বভাব চৰিত্ৰ ঠিকে-ঠাকে থাকে।”
সময়ত সেইফেৰা কাম কৰি থোৱা নহ'ল। গতিকে
“খা বাপ্পেকে ভীমকলটো”। অৱেশ্যে তাৰ বাবে নিজেও ঠিক থাকিব লাগিব। কিন্তু এনেকুৱা হ'ব বুলি মনলৈ যে এবাৰো অহা নাছিল! কথাবোৰ ঠিক তেনেকুৱাও নহয়। মুঠতে কিবা নহয় কিবা খেলিমেলি। বুবু, মানে বাপন কলিতাৰ কথা কৈছোঁ। মনত পেলাবৰ বাবে চেষ্টা কৰিব নালাগে। চিনি পাবলগীয়া মানুহ নহয়!
বুবুই 'মোবাইল ফোন'টো এবাৰ টিপি চালে। নিশা দুই বাজিবলৈ বিশ মিনিটমানহে বাকি! ধেৎ হৈছে আৰু আজি! কালি
'অফিচ'তে চকিত বহি বহি টোপনিয়াব লাগিব। আকৌ লগৰ তিনিজনৰ বিদ্ৰুপৰে ভৰা কথাবোৰ শুনিব লাগিব। হেৰৌ বিয়াৰ পিছৰ তিনি-চাৰি মাহলৈ কিবাকিবি জোকাইছিলি। ঠিক আছে। কিন্তু এতিয়া সাত-আঠ বছৰ পিছত এনেকৈ ঠাট্টা কৰিলে 'টেমা'টোহে কিবা উতলি অহা যেন লাগে। বাপ্পেকে ঠাট্টাবোৰ দহ শতাংশ সঁচা হলেও বেলেগ কথা। কেতিয়াবাটো চিধাই বৰুৱাৰ তপিনাত সৌকাৰে
চটৌপ চটৌপ শব্দ কৰি খুব কোবাবলৈ মন যায়। যেনেকৈহে কব-
: আমাৰ কলিতাৰ কপালখনেই ভাল। নিশা এপৰলৈকে 'ৰোমাঞ্চ' চলিয়েই থাকে। আমাৰ জনীয়ে আকৌ মুখ ওন্দোলাই থকাৰ কিবা এটা 'ৰেকৰ্ড'
কৰিবহে যেন পাওঁ।
আপোনালোকে ভবাৰ দৰে কিন্তু বুবু ওৰফে বাপন কলিতাৰ পত্নীৰ লগত অশান্তিৰ কাৰণ সাংঘাতিক আন একো নহয়। ঘৰত থকা সময়খিনিত তিনি বছৰীয়া কন্যাৰ আবদাৰ ধৰা, 'বাথৰুম'ৰ যোৱাৰ প্ৰয়োজনত দৌৰাদৌৰিবোৰ বাৰু বুবুৱেহে কিয় কৰিবলগীয়া হয়, পানীখিনিয়ো জীয়েকক কিয় খুৱাই দিবলগীয়া হয়! 'অফিচ'ৰ পৰা আহি বুবুই অলপ হলেও জিৰণি বিচাৰে। এনে দিনো পৰিছে যে আটাইবোৰ ঘৰত এনেয়ে থকাৰ পিচতো ৰাতি ভাত ৰান্ধিবলৈ সময় নাই। নিশা ন-দহ বজাত এক কিলোমিটাৰ আঁতৰত থকা 'ৰেষ্টুৰেণ্ট' খনত 'ফোন' কৰি ৰাতিৰ সাঁজ কেইবাদিনো আনিবলগীয়া পৰিস্থিতি হৈছে। অৰ্পণাই ৰান্ধিবলৈ গৈ কেইবাদিনো যি অৱস্থাৰ সৃষ্টি কৰি থৈ গৈছে, তাতকৈ নিজে কিবা এবিধ ৰান্ধি নহ'লে 'ৰেষ্টুৰেণ্ট'ৰ পৰা আনি খোৱাই ভাল! বিয়াৰ সময়ত যিবোৰে অৰ্পণাৰ হাতৰ ৰন্ধা খাইছে, তেওঁলোকে এইবোৰ বুবুই মিছাতেহে কোৱা যেন ভাবিব। হ'ল বুলিনো নিতৌ বুবুই ভাত ৰান্ধি খুৱাব নোৱাৰে নহয়! তাতে আকৌ এবাৰ বিশেষ সকামত বুবুহতঁৰ ঘৰৰ ওচৰতে থাকিবলৈ লোৱা মোমায়েক মামীয়েক হালৰ আগত কমখন লাজ পাইছিলনে? মোমায়েক-মামীয়েকেই ঠিক কৰি দিয়া ছোৱালীজনীৰ সৈতে বুবুই বিয়া পাতিছিল। মামীয়েকৰ দূৰ সম্পৰ্কীয় অপৰ্ণাৰ লগত প্ৰথম কথা পাতি একেবাৰে চালাক-চতুৰ যেন লগা নাছিল। তেতিয়া কেইবাজনেও কৈছিল-
: ঘৰত সোমাই থকা ছোৱালীটো! ভালহে, তোৰ মতে তাইক গঢ় দিব পাৰিবি। অকণমান শিকাই বুজাই লবি আৰু!
বিয়াৰ সময়ত মামীয়েকে ছোৱালীজনীৰ সৈতে কেনেকৈ চলিব লাগিব, কেনেকৈ হাতত ৰাখিব লাগিব ইত্যাদি ইত্যাদি বহুতো 'টিপচ' দি গৈছিল। এতিয়া যদি তেওঁলোকে এনেদৰে আহি অকল বুবুকেই পাকঘৰত ব্যস্ত হৈ থকা দেখে আৰু ইফালে লগতে কন্যাৰ ওজৰ-আপত্তিৰো মীমাংসা কৰি থকা দেখে তেতিয়া বাৰু বুবুৰ অৱস্থাটো কেনে হ'ব চিন্তা কৰি চাওকছোন! অৰ্পণাৰ বিশেষ একো নোহোৱাকেও বুবুক একেৰাহে তিনিদিন ভাত ৰান্ধি থকা অৱস্থাত দেখিছিল। সম্পৰ্কীয় ছোৱালী হয়ো মামীয়েকৰ লগত অন্যমনস্ক হৈ কথা পাতিছিল। তিৰোতাজনীৰ অইন কাম মানে কামত অহা কামৰ কথা কৈছোঁ তেতিয়াহলেও এক কথা।
ঘৰত এতিয়া এনে এটা পৰ্যায় পাইছেগৈ এই অশান্তিৰ মুলৰ কাজিয়াখন কৰিবলেও হেনো অপৰ্ণাৰ আহৰি নাই। এদিনটো কণমানিজনীক পানী খুৱাবলৈ গৈ কমখন হুৱাদুৱা লগাইছিলনে! পিয়াহত আতুৰ হৈ থকা জীয়াৰীক অকণমানি গিলাচটো লৈ অপৰ্ণাই পানীখিনি নাকেৰে ভৰাই দিছিল। কাৰণ চকু আছিল আন কৰবাত। কিলোগ্ৰামত আঠশ টকাৰ ইলিশ মাছ খাবলৈ আনি যদি কেৰাহিতেই জ্বলাব লগা হয়, তেন্তে আনোতাৰ মনৰ অৱস্থা কেনে হ'ব,
সেইটো সহজেই অনুমেয়! 'বাথৰুম'ত বাল্টিত পানী ভৰাই লবলৈ গৈ আধা 'টেঙ্কী'
পানী শেষ কৰিবলৈ হয়, তেন্তে বুবুই বা কৰে কি? এইবোৰ দেখাৰ পিচত বুবুই বাৰু কেনেকৈ 'ৰিক্স' লয়! কবলৈ সহজ!
বুজাই-বঢ়াই ঠিক কৰি লোৱা। কথাবোৰ অইন কাৰোবাক ভাঙি-পাতি কবলৈও বুবুক এক সঙ্কোচবোধে ক্ৰিয়া কৰে। ইফালে বুজিবলৈ, শুনিবলৈ অপৰ্ণাই সহাঁৰিয়ে নজনাই। মাত্ৰ ক'ব-
: এক মিনিট ৰবা।
কিন্তু সেই একমিনিটটো
'স্মাৰ্ট' হোৱাৰ পৰা আজিলৈকে শেষেই হোৱা নাই! 'স্মাৰ্ট'
হোৱাৰ কিবা প্ৰকাৰে যতি পৰিলেহে যেন বুবুৰ নিজা 'পৃথিৱী'খন ঘুৰি আহে! সেইদিন আহিবনে বাৰু বুবুৰ জীৱনলৈ! কেতিয়াবা ইয়াকে লৈ অহিংসাৰো সুত্ৰপাত নঘটাকে থকা নাই। সেয়া অৱশ্যে ঘৰৰ প্ৰয়োজনীয় দুই-এপদ সামগ্ৰী ধ্বংস কৰাতে আবদ্ধ আছে। ইয়াতকৈ আৰু ওপৰলৈ যাবলৈ দেখোন বুবুৰ সাহসে নহয়!
এইবোৰৰ গুৰিতেই আছে অপৰ্ণাৰ 'আনস্মাৰ্ট'ৰ পৰা 'স্মাৰ্ট'
হোৱাৰ কাহিনী। বুবুৰ মাক-দেউতাক ঢুকাইছে। দুজন ককাই-ভাই, বায়েক এজনী। ককায়েক বেলেগে থাকে। ব্যস্ত মানুহ,
নিজৰ সংসাৰ আছে। বায়েকজনীক বহু দূৰলৈ বিয়া দিলে। এতিয়া তাইৰো ব্যস্ত জীৱন। বছৰেকত গঢ়ে এবাৰ নে দুবাৰহে লগ হোৱাৰ সুযোগ মিলে। চহৰৰ জীৱন-যাপন। বুবুৰ বৈবাহিক জীৱনৰ প্ৰাককাল অতি সুখেৰে ভৰা আছিল। যিমান পাৰে সিমান সোনকালে বুবুই 'অফিচ'ৰ পৰা আহিছিল। ঘৰত অপৰ্ণা ঘনাই ঘনাই দেৱাল ঘড়ীটোলৈ চাই থাকিছিল। জপনাখন খুলিবলৈ নৌপাওতেই ঘৰৰ দুৱাৰ খুলি অপৰ্ণা চোতালত হাজিৰ হৈছিল। ভজা-পোৰাবোৰ খাই ভাল পোৱা অৰ্পণালৈ প্ৰায় সদায়ে বুবুই পকোৰা, আলু 'চপ',
সিঙ্গাৰা নহলে বাদাম ভজা আনি দিছিল। সুন্দৰকৈ দুডাল বেণী গাঠি দেখি মনটো ভাল লাগি যোৱাকৈ কাপোৰ এসাজ পিন্ধি অৰ্পণাই ইতিমধ্যে চাহ দুকাপ সাজু কৰি ৰাখিছিল। বুবুই হাত-মুখ ধুই
'টিভি”টো লগাই চাহত চুমুক দিবলৈ লয়। অপৰ্ণাই লৰালৰিকৈ
'টিভি”টো বন্ধ কৰি কৈছিল-
: তুমিয়ো যে আৰু! 'টিভি'টো চলি থাকিলে আমি কথা পাতিম কেনেকৈ। কিমান যে কথা পাতিবলৈ আছে।
ঠিকেই! কথা পতাবোৰ আচলতে বাহানা! প্ৰকৃততে সাত-আঠ ঘন্টাৰ অন্তত আকৌ এবাৰ দুয়োজন নিবিড় হোৱা। বুবুৰো দিনটোৰ ভাগৰবোৰ নিমিষতে নোহোৱা হৈ যায়। ক’ত জানো অন্তৰ্ধান হৈ গৈছিল দিনটোৰ অৱসাদবোৰ!
কলৈ গ'ল বাৰু সেই দিনবোৰ?
বুবুই এটা হুমুনিয়াহ কাঢ়িলে। চ'ৰা ঘৰৰ ঘড়ীটোৰ পৰা অহা দুই বজাৰ ঘন্টি শুনা গ'ল।
'টুং... টুং...' 'টুং... টুং...'। অপৰ্ণা শুৱা ঠাইখিনি তেতিয়ালৈকে আকৌ এবাৰ পোহৰ হৈ উঠিছিল। আকৌ পোহৰখিনি নোহোৱা হ'ল। অকণমান পিছত আকৌ 'টুং... টুং...'
'টুং... টুং...'। আকৌ চাৰি-পাঁচ মিনিটমানৰ বাবে অপৰ্ণাৰ মুখমণ্ডল পোহৰ হৈ উঠে। পোহৰখিনি মুখমণ্ডলৰ পৰা আতৰি আহি শোৱা গাৰুটোৰ কাষলৈ গৈ কিছু সময়ৰ বাবে আকৌ আন্ধাৰ হৈ পৰে। এনেকৈ থাকিলে বাৰু বুবুৰ টোপনি আহিব পাৰেনে! কণমানিজনীৰ অভ্যাস হৈ গৈছেগৈ।
ঢাৰিখনৰ নক্সাৰ দৰে অকণমানি 'মোবাইল ফোন'টো এনেয়ে এবাৰ লিৰিকি-বিদাৰি চালে। বহুজনে বহুসময়ত বুবুৰ এই 'মোবাইল ফোন'টো লৈ কম ঠাট্টা-মস্কৰা কৰা নাই! বুবুক যেনেকৈ ইমান বছৰে 'ফোন'টোৱে বিপদত পেলোৱা নাই তেনেকৈ বুবুৱেও আজিলৈকে 'ফোন'টোক অবজ্ঞা কৰা নাই। কিন্তু যেতিয়া একেখিনি কথা অপৰ্ণায়ো কবলৈ ধৰিলে তেতিয়া আৰু বুবুই কথাটো বেলেগকৈ ভাবিবলৈ ধৰিলে। অৰ্পণাই কৈছিল-
: আজিকালি সকলোৰে হাতে হাতে 'স্মাৰ্ট ফোন'। তুমি যে মাজে মাজে আমাৰ 'কম্পিউটাৰ'টোত 'ফেচবুক'
চোৱা, 'ই-মেইল'
চোৱা _সেইবোৰ 'স্মাৰ্ট ফোন'ত যেতিয়াই তেতিয়াই কৰিব পাৰিবা। এনেয়ো কোনোবাই 'ৰিং' এটা কৰিলে তুমি সেই মান্ধাতা আমোলৰ 'ফোন'টো উলিয়ালে কাষত কোনোবা থাকিলে মোৰ লাজহে লাগে।
বুবুই ভাবিলে
'স্মাৰ্ট ফোন' এটা থাকিলে ক্ষতিনো কি? এইটোতো আছেই। দুয়োটাই থাকিব। থাকক। অপৰ্ণাৰ এটা সাধাৰণ 'ফোন' আছে। বেছিভাগ ঘৰত থাকে, চলি যায়। ফোন কৰিবলৈ আৰু ধৰিবলৈহে লাগে। তাই অৱশ্যে এইবোৰৰ বৰ বিশেষ আওভাও নাপায়। এদিন দুয়ো গৈ ভাল 'ব্ৰ্যান্ড'ৰ 'স্মাৰ্ট ফোন' এটা কিনি আনিলেগৈ।
বুবুই সপোনতো ভবা নাছিল এই 'স্মাৰ্ট ফোন'টোৱে যে তেওঁলোকৰ সংসাৰখনত আওল লগাব। চাৰি-পাচঁদিনমানৰ পিছতো বিশেষ আওভাও নোপোৱা 'স্মাৰ্ট ফোন'টো লৈ বুবুক আহুকালে নধৰা হ’ল। নতুন 'ফোন'টোত আগৰ
'চিম'খন ভৰাই লৈ বুবুৰ ভাল লটিঘটি হ'ল। কাৰবাৰ লগত কথা পাতিবলৈ গৈ অইন কৰবাতহে সংযোগ হয়। দোকানতে 'এপ' বুলি যে কয়, তেনে 'এপ্লিকেশ্যন' কেইবাটাও 'ফোন'টোত সোমোৱাই দিলে। অৱশেষত কেইদিনমানৰ পিছত বুবুই সিন্ধান্ত ললে যে এই 'স্মাৰ্ট ফোন'টোৰ লগত বুবুৰ কেতিয়াও ৰাহি-যোৰা নাহিব। আগৰটোৱেই ভাল। অপৰ্ণাক নিজৰ সিন্ধান্তৰ বিষয়ে জনোৱাত দুয়োৰে মাজত কিছু ৰগৰৰো সৃষ্টি হ'ল।
অলপ অচৰপকৈ অপৰ্ণাৰ ঘৰৰ ওচৰৰ সমবয়সীয়া তিনি চাৰিজনীমান বান্ধবী গোট খাইছিল। দিনটো ঘৰতে থাকে। 'স্মাৰ্ট ফোন'টো টিপাটিপি কৰি থাকে। এদিন উৎসাহতে বুবু ঘৰ আহি পোৱাৰ পিছত অপৰ্ণাই ক'লে-
: আজি জানা হাজৰিকানীয়ে কেনেকৈ 'ফেচবুক' কৰে, 'হোৱাটচাপ'
কৰে শিকাই দি গ'ল। প্ৰায় তিনিঘন্টা বহিছিল তেওঁ।
বুবুই বৰ বিশেষ নাভাবিলে। হওঁক তেওঁ! 'স্মাৰ্ট ফোন'টো কিবা এটা কামত লাগিছে। কণমানিজনীক লৈ দিনটো অকলে থাকে। নিশ্চয় আমনিয়ো লাগে। 'স্মাৰ্ট ফোন'টোৰ জহত এতিয়া পূৰণি বান্ধবী কেইজনীক পাব। তায়ো ভাল পাব, মনটোও ভালে থাকিব। অকলশৰীয়াও অনুভব নকৰিব।
প্ৰথমতে কথাবোৰ বুবুই ভবা দৰেই হৈছিলগৈ। কিন্তু কব নোৱাৰাকৈ শিপাবোৰেহে বহু দূৰলৈ গৈ খোপনি পুতি লৈছিল। 'ফেচবুক', 'হোৱাটচাপ'ত বন্ধুত্ব্বৰ সংখ্যা আশাতীত ভাবে বাঢ়িছিল। প্ৰায় সময়তে এইবোৰ লৈয়ে ব্যস্ত হৈ পৰা অপৰ্ণাৰ বাবে তিনিজনীয়া সংসাৰখনত কেৰোণ ধৰিছিল। কিবা এটা 'আপডেট'
দি অনবৰতে 'স্মাৰ্ট ফোন'টো লিৰিকি বিদাৰি থকাটো অপৰ্ণাৰ অভ্যাসত পৰিণত হৈছিল। কোনোবাই কিবা এটা লিখি দিলেও প্ৰথমতে উত্তৰ দিয়াৰ প্ৰতিযোগিতাত নামি পৰিছিল। 'হোৱাটচাপ'ৰ কেইবাটাও গোটত সোমাই নিশা এপৰলৈকে ব্যস্ত হৈ থাকি ঘৰুৱা কাম কাজত অমনোযোগী হৈ পৰিছিল।
বুবুই ইতিমধ্যে ঠিক কৰি ললে কাইলৈ কি কৰিব। অপৰ্ণাই ব্যবহাৰ কৰা
'চিম'খন বুবুৰ নামতেই আছে। গতিকে 'মোবাইল কোম্পানী'টোৰ সেৱা কেন্দ্ৰটোলৈ গৈ 'চিম'খন 'ব্লক' কৰি থৈ আহিবগৈ। তাৰ পিছত ভাবিব কি কৰা যায়। অন্তত দুদিনমানৰ কাৰনে হলেও এই 'টুং...
টুং...' 'টুং... টুং...'ৰ পৰা মুক্তি পাব।
(দিগন্ত যাদৱ শৰ্মা Diganta Yadav Sarma)
Comments
Post a Comment