Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

এটা শল মাছ (চুটিগল্প)

তেওঁ বৰ অসহায় হৈ পৰিল চেঃ বৰষুণজাকো হঠাতে আহিল দহ বছৰীয়া পুতেকটোৰ বাবে বৰ চিন্তা হ' ঘৰৰ পৰা আহোতে ছাটি এটাও আনিবলৈ নহ'! আচলতে বৰষুণ এজাক যে আহিব ঘৰৰ পৰা আহোতে তাৰ উমানে পোৱা নাছিল এতিয়া জুন মাহ যদিও বতৰটোৰ বাবে এইকেইদিন উষ্ণতাৰ তাৰতম্য হৈ আছে বৰষুণত তিতি-বুৰি পুতেকে যদি ছৰ্দি কাহত ভোগে! স্কুল দেখোন ক্ষতি হ' পঢ়াবোৰো ৰৈ যাব দেখোন! পঞ্চম শ্ৰেণীত পঢ়া পুতেকে এইবছৰৰ পৰা ইংৰাজী আখৰকেইটাও শিকিবলৈ পাইছে দেউতাকৰ কিমান যে কল্পনা! পুতেকে পঢ়ি শুনি জনা বুজা হ' ডাঙৰ হৈ সকলোৰে দায়িত্ব ল' দেউতাকৰ, বংশৰ নাম উজলাব দেউতাকে ইফালে সিফালে চাবলৈ ধৰিলে  কিনো পাব দুই হাতত দুই মোনা সোঁহাতত পাচলিৰে ভৰা এটা প্ৰকাণ্ড মোনা আৰু বাওঁহাতে ৰছিৰে বন্ধা দুটা মাটিকঁঠাল আৰু আঙুলি এটাত সুমুৱাই লোৱা অকণমানি বেগ এটাত সাতশ গ্ৰাম ওজনৰ শল মাছ এটা বৰষুণজাক ডাঙৰকৈ পৰিবলৈ ধৰিলে বৰষুণৰ বাবে পুতেকে ভালদৰে খোজো দিব পৰা নাই পথটোৰ দাতিঁত কৰবাত যে আশ্ৰয় ল'ব পাৰিব তাৰো কোনো সুবিধা নাই পথটোৰ দুয়োকাষে মাজে মাজে জংগল কি কৰে! ইফালে হঠাতে বিজুলী চাকিবোৰ নুমাই যোৱাত অন্ধকাৰো নামি পৰিছে হঠাত তেখেতৰ মনত বুদ্ধি এটা খেলালে মোনাটো আৰু মাটিকঁঠালৰ সৈতে মাছৰ অকণমানি বেগটো পথৰ দাঁতিত থলে জেপৰ পৰা ৰুমালখন উলিয়াই পুতেকৰ মুৰটো ভালদৰে ঢাকি বান্ধি দিলে তাৰ পিছত হাওলি পৰি কলে-
: দুলু, মোৰ কান্ধত উঠি ল' চাবি ভালদৰে ধৰি লবি বৰষুণজাক ডাঙৰ হৈ আহিছে মই কিন্তু বেগাই যাম
: 'ব দেউতা মই ভালদৰে ধৰি ল'
দেউতাকে আকৌ দুই হাতত বস্তুবোৰ লৈ বেগাই ঘৰলৈ খোজ ল'লে

: হেৰি কি কৰে? বজাৰলৈ নাজায় নেকি?
: কেনেকৈনো যোৱা! দেখিছাই দেখোন! বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
: হয়তো! মই ভিতৰত থকা বাবে মনেই কৰা নাছিলো ছাটি লৈয়ো যাব নোৱাৰিবা
: উপায়টো নাই! 'ব দিয়া! আজি কিবা এটা কৰি মিলাই থোৱা ৰাজাই দেখোন কণী ভাল পায় তাৰে কিবা এটা পাগ কৰি দিয়া ডালিমো এটা আছে আজিলৈ হ'ব যোৱা

দুলু দুলুমণি বৰা ঘৰৰ বাৰান্দাত বৰষুণজাক কমাৰ বাবে অপেক্ষা কৰি আছিল চকীখনত বহি বহি শৈশৱৰ কথাবোৰ মনলৈ টানি আনিছিলঅফিচৰ পৰা আহোতে বজাৰত শল মাছ দুটামান দেখি আহিছিল ভাবিছিল তাৰে এটা আনি দেউতাকক জোল অকণ কৰি দিব এইটো সময়ত শল মাছ পোৱাই নাযায়! মাটিকঁঠাল এটা আনি এচকল খুৱাব পৰা হলে! হওঁতে মাটিকঁঠাল তেওঁৰ বাবে ভাল নহয় বুলি চিকিৎসকে কৈ থৈছে

: দুলু, বজাৰলৈ গৈ চাবিচোন শল মাছ ওলাইছে নেকি?
চাৰিদিন আগতে দেউতাকে শল মাছৰ জোল অকণ খাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল দুলুই সেইদিনা ক'ত যোৱা নাছিল! বজাৰে বজাৰে বগাই বগাই শল মাছ নাপাই অৱশেষত শিঙি মাছ এপোৱাকে লৈ আহিছিল শুনি দেউতাকে কৈছিল-
: হয়তো! এতিয়া শল মাছ পাবলৈ টান
কথাখিনি আকৌ এবাৰ মনলৈ অহাত দুলুই আৰু ৰব নোৱাৰিলে উচপিচাব ধৰিলে যদি শল মাছ নোখোৱাকৈ মৰমৰ দেউতাক যাবলগীয়া হৈ যায়! উঃ আৰু নোৱাৰিলে মাছ এটুকুৰাৰ অকণো যে দেউতাকৰ পেটলৈ নিব অসুবিধা হয় সেই কথাটো দুলুই বুজি পায় কিন্তু দেউতাকৰ ইচ্ছাবোৰ পূৰণ কৰি কিবা অলপ হলেওঁ তৃপ্তি পায় পত্নীক চিঞৰিলে-
: হেৰা ছাটি এটা দিয়াচোন অকণমানি মোনাটোও দিবা
এবাৰ উঠি গৈ দেউতাকৰ কোঠাটোলৈ গৈ চাই আহিলে চকু দুটা মুদি কাতি হৈ শুই আছে পত্নীয়ে কিবা এটা কৈছিল কি কলে মন নকৰিলে নিজে বিচাৰি ছাটি এটা আৰু মোনাখন লৈ আহিল ৰবৰৰ জোতাযোৰ পিন্ধি ললে জোতাযোৰ দেউতাকৰ যোৱাবছৰ বাৰিষাৰ সময়তেই দেউতাকে নিজেই কিনি আনিছিল এইবছৰ বাৰিষা যাবলৈয়ে হ' দেউতাকৰ ভৰিত কিন্তু জোতাযোৰ এবাৰো নোসোমাল জোতাযোৰ দেউতাকে আৰু ভৰিত সোমাবলৈ নাপাব! দুলুই বেগাবেগিকৈ যাবলৈ ধৰিলে বাহিৰত সচাকৈয়ে মুষলধাৰে বৰষুণ দি আছিল অকণমান আগবাঢ়োতেই তলৰছোৱা তিতিল
পথৰ ওপৰত লোকজন বৰ বিশেষ নাই গাঢ়ী-মটৰো দুই এখনহে মাছ এটামান থাকিবনে বাৰু? পুতেকক ঙ্গীত বিদ্যালয়লৈ নিবলৈ সময় নোহোৱা হলে তেতিয়াই লৈ আনিবলৈ পাৰিলেহেতেঁন! বৰষুণৰ বাবে ঙ্গীত বিদ্যালয়লৈও যাব নোৱাৰিলেবজাৰ পায়গৈ মানে ছাটিটো লৈয়ো দুলু প্ৰায় তিতি গৈছিল কিন্তু দুলুৰ বাবে সঁচাকৈয়ে দুৰ্ভাগ্য ৰৈ আছিল মাছটো বাদেই মাছ বেপাৰীও উধাও স্বৰগ পৰা মানুহৰ দৰে দুলু বজাৰৰ মাজত কিছুপৰ ঠিয় হৈ থাকিল এজনৰ লগত খকা-খুন্ডা এটা লগাতহে সম্বিৎ ঘূৰাই পালে বৰ অলশভাবে ঘৰলৈ উভতি আহিল
ঘৰ আহি তিতা কাপোৰযোৰ সোলোকাই সলনি কৰাৰ আগতে দেউতাকৰ কোঠালৈ গ' দেউতাক আগৰদৰেই শুই আছে মাত্ৰ এবাৰ কপালখন খুজোওৱাৰ দৰে কৰিলে ভিতৰলৈ নোসোমাল পত্নীয়ে তেওঁক একো নকলে মাত্ৰ মুখৰ ফালে চালে এবাৰ বোধকৰো কিবা এটা বুজিলে ভিতৰলৈ গৈ হাওলি  শহুৰ দেউতাকক কিবা এটা সুধিলে দুৱাৰখন আকৌ এনেয়ে জপাই থলে দুলু 'বাথৰুম'লৈ যোৱাৰ পিছত তেওঁৰ গাৰ পৰা পানী পৰি তিতি যোৱা মজিয়াখনত শুকান মৰাপাটৰ বস্তা এখন পাৰি দিলে
দুলুই বেলেগ কাপোৰ এযোৰ পিন্ধি ৰান্ধনী ঘৰলৈ গৈ কটাৰী আৰু বাটি এটা লৈ খোৱা মেজত থলে চকী এখনত বহি ডালিম গুটিবোৰ এৰুৱাই বাটিটোত থবলৈ ধৰিলে তাৰেই ৰস উলিয়াই দেউতাকৰ কোঠালৈ গ'
: দেউতা!
: ', কি আনিছ?
: ডালিমৰ ৰস
: কমকৈ দিবি ডালিমৰ ৰস খাই খাই আমনি লাগিছে
: 'ব দেউতা 'টিভি'টো চলাই দিম নেকি?
: নাই নালাগে ছবিবোৰ চাবলৈ অসুবিধা পাও অকল মাতটো শুনি থাকি ভাল নালাগে
অকণমাণ ৰৈ সেহাই সেহাই দেউতাকে আকৌ কলে-
: মূৰটো পিতিকি দিব পাৰিবি নেকি অলপ?
: হয় দেউতা, কিয় নোৱাৰিম!
: দুই এটা কথা কচোন ভাল লাগে ৰাজাই কি কৰিছে?
: পঢ়ি আছে দেউতা
: ঠিকেই আছে তাক এইবোৰত সোমাবলৈ নিদিবি মাত্ৰ ৰাতিপুৱা এবাৰ এবাৰ মোৰ কাষলৈ আহিবলৈ কবি মনটো ভাল লাগি থাকে দিনটোলৈ ভালকৈ ৰাখিবি তাক ভাল হ'ব সি ধীৰ-স্থিৰ হ' মোৰ দেউতাৰ দৰে হ'ব সি তাৰ খোৱা লোৱাৰ প্ৰতি বোৱাৰীক যত্ন ৰাখিবলৈ কবি
দুলুৰ মূৰ পিটিকি থকা হাতখন মন্ঠৰ হৈ গৈছিল দেউতাকে হয়তো বুজি উঠিছিল সেয়ে আকৌ কলে-
: বেছি চিন্তা কৰি নাথাকিবি নিজৰ কথাবোৰ, পৰিয়াল, ৰাজাৰ পঢ়া-শুনা এইবোৰত নিজকে ব্যস্ত ৰাখিবি হোৱাবোৰ হৈ থাকিব বাধা দিবলৈ নোৱাৰিবি তহঁত আটায়ে চেষ্টা কৰিছিলি নোৱাৰিলি বুলি নাভাবিবি 'ব লগা আছিল হবই মনটোত কষ্ট দি থাকিলে তোৰ লগত থকা সকলোৰে ক্ষতি হ' মই দুখ কৰি আছো বুলি নাভাবিবি সদাই অফিচলৈকে পলমকৈ নাযাবি অভ্যাসটো ভাল নহয় অইনে গাত লগাকৈ তোক কেতিয়াবা কব পাৰে তেতিয়া তোৰ মনটো বেয়া হ' ৰাতিপুৱা মোৰ ওচৰত বাতৰি কাকত দুখন চশমাযোৰৰ সৈতে থৈ দিবি তেনেকৈয়ে কিছু সময় কাটে
: দেউতা হ'ব দিয়া কথা বেছি কৈ থাকিলে তোমাৰ কষ্ট হ' শুবলৈ চেষ্টা কৰাছোন
দুলুৱে সেমেকি উঠা চকু দুটা হাতৰ তলুৱাৰে দুবাৰমান মুছি আকৌ দেউতাকৰ মূৰটো পিটিকিবলৈ ধৰিলে দেউতাকে বাগৰ সলাব চেষ্টা কৰিলে দুলুৱে হাত দুখনেৰে ধৰি সহায় কৰি দিলে
: সময় কিমান হল?
: দেউতা দহ বাজিবৰে হ'
: 'ব যা ভাত খাগৈ আঠুৱাখন দি থৈ যা
: এয়া, মই দিয়া আৰম্ভ কৰিলোৱে
: ভালদৰে খুঁচি দিবি নহ'লে নিশা মহবোৰে বৰ আমনি কৰে অ'! মহকেইটাও মাৰিব নোৱাৰা হ'লো নহয়!
: দেউতা
দুলুৰ মাতটো সৰু ল'ৰাৰ দৰে থোকাথোকি হৈ গ' দুলুৱে দেউতাকৰ চকুৰ ফালে নোচোৱকৈ কলে-
: দেউতা, ময়ো তোমাৰ লগত থাকো? ভাত খাই আহো ৰবা
: নালাগে যা ৰাতিনো মোক কি লাগিব!
সেমেকা হাহিঁৰে দেউতাকে উত্তৰ দিলে দুলুই এবাৰ দেউতাকৰ মুখৰ চালে ডাৰিকেইডাল কটাই নিদিয়া বহুদিন হ' 'অফিচ'ত যোৱাৰ আগতে কালি কটাই দিব লাগিব

ৰাতিটো দুলুই উচপিচাই থাকিল পত্নীয়ে জানে উৎকণ্ঠাৰ কাৰণ কৰিবলৈ একো নাই দুখ লাগে মানুহজনৰ বাবে শহুৰেকৰ বাবেও কষ্ট পাইছে তেখেতে শহুৰেকৰ দিনবোৰ বৰ সোনকালে শেষ প্ৰান্তত উপনীত হ'বলৈ আগবাঢ়ি আছে যেন লাগিছে দুলুৱে কেতিয়া পোহৰ হয় তাৰে অপেক্ষাত থাকে পোহৰ হলেই দেউতাকৰ ওচৰলৈ উঠি আহে
: দেউতা, অকণমান পাতলকৈ চাহ আনিছো ৰবা, আগতে কাপোৰ তিয়াই মুখখন মছি দিওঁ
দুলুই চামুচ এখনৰে দুবাৰমান চাহ দিয়াৰ পিছত দেউতাকে খাবলৈ মন নকৰিলে
: নাই ভাল লগা নাই পানী এচামুচেই দে
জোৰ নকৰিলে দুলুই দেশখনৰ সাময়িক বিষয় সমূহৰ দুই এটা কথা কলে আজি দেউতাকে বাতৰি কাকতৰ কথাও নুলিয়ালে আহিবলগীয়া এক আশঙ্কাত দুলুৰ মনটো উচপিচাব ধৰিলে দুৱাৰমুখত ৰাজাৰ ভৰিৰ শব্দ শুনা গ'
: ৰাজা আহ সোমাই আহ
দেউতাকে অলপ লৰচৰ কৰি মূৰটো ৰাজা সোমাই অহাৰ ফালে চোৱা যেন কৰিলে হাহিঁবলৈ চেষ্টা কৰিলে নেকি বুজা নগ' ককাকৰ দেহৰ অৱয়ব আৰু ইচাটি-বিচাটি কৰি থকাৰ দৃশ্য চাই থাকিব নোৱাৰিলে বোধকৰো বাৰ বছৰীয়া ৰাজাই এই কেইমাহত জীৱন মানে কি হয়তো ভালেখিনি বুজি উঠিছে সি ককাকক লৈ চিকিৎসক, চিকিৎসালয়লৈ দৌৰাদৌৰি, দেউতাকৰ উৎকণ্ঠা, ধেমেলীয়া দেউতাক হঠাৎ গহীন হৈ পৰা দেখিছে সিও যেন গহীন হৈ পৰিছে দেউতাকে ইঙ্গিত দি ৰাজাক পঢ়িবলৈ পঠালে তাৰ স্কুল যাবলৈও সময় হৈছিল।
: ঔষধবোৰ মেজখনৰ পৰা লৈ বেলেগত থগৈ মই আৰু এইবোৰ নাখাও ঔষধবোৰ চাই থাকিবলৈও মন যোৱা নাই
আজি দেউতাকৰ কথাবোৰ কওতে বেছি সময় লাগিছে কষ্টও পাইছে দুলুই দেউতাকৰ মতেই কৰিলে দেউতাকক ঔষধবোৰ খাবলৈ আজি জোৰ নকৰিলে প্ৰকৃততে দেউতাকে আজিৰ পৰা দহদিনমানৰ আগতেই ঔষধবোৰ খাবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল চিকিৎসকৰ পৰা প্ৰায় দিনেই দুলুই পৰামৰ্শ লৈ থাকে দেউতাকক কেইবাবাৰো সুধি চাইছিল চিকিৎসালয়ত থকাৰ কথাটো তেখেতে পোনছাতেই এই কথাটো নাকচ কৰিচিল তেখেতে কৈছিল-
: মই নিজ হাতে বনোৱা ঘৰটোতেই এইকেইটা দিন থাকিম মোৰ কি হৈছে মই জানোৱে মিছাতে তহঁতে ইমান ব্যতিব্যস্ত নহবি
দুলুৱে তেওঁৰ মুখলৈ মুখলৈ চালে দুলুই জানে যে হয়, দেউতাক মানসিক ভাবে এজন সবল ব্যক্তি দেউতাকৰ তুলনাত দুলুৱে নিজকে বহুত দুৰ্বল যেন অনুভব কৰিলে

: দেউতা, মই 'অফিচ'লৈ ওলালো
: যা
অস্ফুট মাতেৰে কোৱা শব্দটো দুলুৱে কিন্তু শুনিলে গাৰুটোৰ কাষতে বাতৰি কাকত আৰু চশমাযোৰ পৰি ৰৈছে আজি তেওঁ পঢ়াৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাই হাত দুখনতো তেওঁ জোৰ নোপোৱা হৈছে চকু দুটা মেলি থাকিবলৈও যে শক্তিবোৰ দ্ৰুতগতি ক্ষয় গৈ আছে হুমুনিয়াহ এটা কাঢ়ি দুলু গলগৈ ঘৰতেই দহ বাজিল ৰাতিপুৱাই মনত পৰিছিল দেউতাকৰ দাড়িকেইডাল কটাই দিয়াৰ কথাটো দুলুই নিজে নাজানিলে কিয় কামটো নকৰিলে দুলুৰ বাৰু নিজৰ অবচেতন মনটোত দেউতাকৰ দাড়ি কটোৱাৰ আৰু প্ৰয়োজন নোহোৱাৰ কথাটো মনলৈ আহিছিল নেকি? মনটো বৰকৈ অশান্ত হৈ পৰিল 'অফিচ'তো বেছি সময় থাকিবলৈ ইচ্ছা নকৰিলে ঘৰলৈ 'ফোন' কৰি জানিবলে পালে যে দেউতাকে আজি কোনো ফলৰ ৰসো খাবলৈ ইচ্ছা কৰা নাই ৰাতিপুৱাই ফলৰ বেপাৰীটো আহি দুবিধমান ফল দি গৈছিল 'অফিচ'ৰ পৰা কাকো একো নজনাই ওলাই আহিল অতি শীঘ্ৰে কিবা এটা হোৱাৰ আশংকাই দুলুৰ খোজৰ গতি যেন বঢ়াই তুলিলে কত গৈ আছে নিজেই যেন কব পৰা নাই যোৱাকালি যোৱা বজাৰখনলৈ দুলুক যেন ভৰি দুখনে স্বয়ংক্ৰিয়ভাবে আগবঢ়াই লৈ গ' চকু দুটাই পিতপিতাই থাকিল কৰবাত এটা হলেও শল মাছ দেখে নেকি? নাই, নাপালে তাৰ পৰা আগবাঢ়ি আন এখন বজাৰলৈ বুলি ৰিক্সা এখনত উঠি ললে ভাগ্য ভাল আছিল সেইখন বজাৰত আধা কেজিমান ওজনৰ মাছ এটা পালে এটা শল মাছ অকণমান পানীত মাছটো চটফতাই আছে মাছ বেপাৰীটোৱে অমলক সুধিলে-
: বাবু, কাটি টুকুৰা কৰি দিওঁ?
দুলুৱে এবাৰ মাছটোৰ ফালে চালে এটা বিশেষ ভঙ্গীমাত এখন হাতেৰে মাছটো মাৰিবলৈ উদ্যত হোৱা বেপাৰীটোক উচ্চস্বৰে কৈ উঠিল-
: নাই নাই! নামাৰিবি!
বেপাৰীটোও যেন উচপ খাই উঠিল সি 'পলিথিন' মোনা এটাত জীয়া শল মাছটো ভৰাই দিলে দুলুই লৰালৰিকৈ বজাৰৰ পৰা গৈ পথৰ ওপৰত ঠিয় দিলে ৰিক্সা অথবা চিটিবাছত ঘৰলৈ গলে সময় লাগিব 'অট'ৰিক্সা' এখনকে ৰখাই উঠি ললে
: হেৰা! 'অট'খন আৰু অকণমান বেগত চলোৱাহে!
দুলুৰ আশঙ্কা বাঢ়িবলৈ ধৰিলে দেউতাকে বা শল মাছটো দেখিবলৈ পাই নে নাপায়!
(দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)



Comments

  1. nice story..wish every son be like DULU..who can feel the love of a father-the man,who saves his son/daughter from each and every hurts, who covers them as coconut saves her white part. Father-you are my hero-forever.

    ReplyDelete

Post a Comment

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)