Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

নষ্টালজিয়া :: ছপা আখৰত নিজৰ নাম দেখাৰ আনন্দ



কিছু নষ্টালজিয়া।
হাইস্কুলৰ দিনবোৰ কোনেনো পাহৰিব পাৰে?
সেয়া কবিতা লিখাৰ বয়স আছিল...
কিন্তু আছিল জানো কবিতা সেইবোৰ!
কিছুমান বেবেৰিবাং শব্দৰ সমষ্টি...
স্কুলৰ বাৰ্ষিক মুখপত্ৰত তাৰে দুটি যেতিয়া প্ৰকাশ হৈছিল, তেতিয়া মনত কি যে এক অপাৰ আনন্দই তোলপাৰ লগাইছিল... আজি বিচাৰি পাই ভালকৈ থৈ দিলোঁ... এক মিঠা মিঠা লগা অনুভৱ... প্রথম প্রথম ছপা আখৰত প্ৰকাশ হোৱা নিজৰ নামটো এনেদৰেই সাঁচি ৰাখিবৰ মন গ'ল...

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)