Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

কৃষ্ণদুলালৰ দুখ (চুটি গল্প)



কৃষ্ণদুলালৰ দুখ 

হাঁহজাকৰ মাজৰ পৰা হঠাতে এটা কেনেকৈ নোহোৱা '? কথাটো আমাৰ অলপো বোধগম্য নহ' চকুৰ সন্মুখতে থকা মুঠ চাৰিটা হাঁহৰ পৰা তিনিটা কেনেকৈ '? লুকাই থাকিবলৈ অথবা ৰবাত সোমাই থাকিবলৈ তেনেকুৱা জঙ্ঘল, খাল-বিল, ঘৰ একোৱেই নাই ওচৰে-পাজঁৰে হাঁহৰ জাকটো আকৌ বাবুলহঁতৰ আমি পাঁচজনে ইজনে সিজনৰ লগত আলোচনা কৰিলো কিন্তু কৃষ্ণদুলালে মুখেৰে একো মাতা নাই সি দুখ পালে নেকি? অলপ আগতে সি পথৰ ওপৰতে লুটি খাই পৰিছিল ফাকুৱাৰ দিন হয়তো স্ফুৰ্তিপানীৰ কবলতো পৰিব পাৰে
অই কৃষ্ণদুলাল, দুখ পালি নেকি?” শিশিৰে সুধিলে
চাচোন চা ইয়াৰ পেটটো কেনেকৈ কপি কপি ফুলি গৈছে হাতদুখনো দেখোন চাৰ্টৰ ভিতৰত কৃষ্ণদুলাল তই ঠিকেই আছনে? ঘৰলৈকে লৈ যাও ইয়াক” _বিতুলে হুলস্থুল লগালে কৃষ্ণদুলালে একো নমতা দেখি আৰু পেটতো উখহি অহাত ভয় খাই আমি গোটেইকেইজনে তাক লৈ তাৰ ঘৰ পোৱালোগৈ

কৃষ্ণদুলালৰ মাতবোল নাই গোটেইকেইজনকে দেখি কৃষ্ণদুলালৰ মাক উধাতু খাই দৌৰি আহিল
গোটেইকেইটা আহিলি যে ইমান সোনকালে ফাকুৱা খেলি লেইনে তহঁতৰ? ইয়ে কোনটো কোন? ধৰিবই নোৱাৰি!” _কথাখিনি কৈ কৃষ্ণদুলালৰ মাকে আমাৰ ফালে চালে
নহয় খুৰি, ইয়াৰ মানে .........” _আমাৰ এটাই আৰম্ভ কৰোতে কৃষ্ণদুলালে ভেকাহি এটা মাৰি মাকক তাৰ পৰা যাবলৈ 'লে
মাকে কৃষ্ণদুলালৰ ফালে এবাৰ পোন্দোঁৱাকৈ চাই ভিতৰলৈ ' সি আমাক হাতেৰে ইংগিত দি ঘৰৰ পাছফাললৈ লৈ ' এইবাৰহে উৰহী গছৰ উৰ ওলাল লাহেকৈ পিন্ধি থকা হলৌ-মলৌ ছাৰ্টটোৰ ভিতৰৰ পৰা আমাৰ নিমিলা অঙ্কটোৰ সমিধান উলিয়ালে

তেতিয়া যে হাঁহৰ জাকটো পাৰ হৈ গৈছিল দেখিয়েই লোভ লাগি ' নহয়! লগে লগে বুদ্ধিটো খেলালে জাকটোৰ পৰতে পৰি দি এইজনীকে সোমালো দুই হাতৰ জোৰত হাঁহজনীয়ে পেকপেকাবলৈকে নাপালে” _এয়াই ' আমাৰ কৃষ্ণদুলাল বুদ্ধি আৰু খুহুতীয়া কৰ্মকাণ্ডৰ ভড়াল

সেই কৃষ্ণদুলালৰ পুত্ৰৰে আজি জন্মদিন যাব লাগিব বৰ জোৰকৈ মাতিছে পৰিয়ালৰ সৈতে এওঁলোকক ওলাবলৈ দিছো হঠাতে তাৰ কেমেৰাটোৰ কথা মনত পৰিল সেই যে তাৰ জন্মদিনৰ উপলক্ষে কিনিছিল আছেনে নাই বা সেইটো! সেই কেমেৰাটো বহুতেই ধাৰলৈ নিছিল পুতেকৰ জন্মদিনৰ দিনটোত মোৰ কৃষ্ণদুলালৰ সেই বিশেষ জন্মদিনটোৰ কথাহে মনলৈ আহিল 

মাক-দেউতাকৰ ওপৰত কৃষ্ণদুলালৰ এটা বৰ আপত্তি আছিল তাৰ নামটো লগৰবোৰে কয় তাৰ নামটো হেনো মান্ধাতা আমোলৰ হাইস্কুল শিক্ষান্তৰ আগে আগে স্কুলত 'ফৰ্ম ফিলাপ' কৰিব লাগে তেতিয়া নিজৰ নামটো সালসলনি কৰাৰ সুবিধা এটা আছিল আজিকালি অৱশ্যে আছে নে নাই নাজানো! কৃষ্ণদুলালে সুবিধা পাই তাৰ সদব্যৱহাৰ কৰিলে 'এদমিট কাৰ্ড' সি লিখামতে কৃষ্ণদুলাল তালুকদাৰৰ ঠাইত প্ৰগল্ভ তালুকদাৰ হৈ আহিল তাৰ খুব স্ফূৰ্তি আধুনিক নাম আমাৰ বাবে কিন্তু সি কৃষ্ণদুলাল হৈয়ে ' মহাবিদ্যালয়ত নতুন নতুন বন্ধুবোৰৰ মাজত প্ৰগল্ভ নামেৰেই জনাজাত হৈছিল দুই এজন বন্ধু ঘৰলৈও আহিবলৈ ধৰিছিল ছোৱালীৰ লগতো বন্ধুত্ব গঢ়ি উঠিছিল মাজে মাজে সিহঁতৰ মাজত সৰু সুৰা 'বাৰ্থডে পাৰ্টি' চলিছিল তাৰো জন্মদিনটো ওচৰ চপাত লগৰবোৰে হুলস্থূল লগালে যে প্ৰগল্ভে 'পাৰ্টি' দিব লাগে লগে লগে একো নক'লে যদিও কিছু মনৰ মাজত কিছু হিচাপ নিকাচ কৰি ললে নতুনকৈ বন্ধুত্ব হোৱা পলিৰ লগত কথা বতৰা হৈ সি লগৰবোৰক 'বাৰ্থডে' দিনা তাৰ ঘৰলৈয়ে নিমন্ত্ৰণ কৰিলে মন তাৰ উগুল ঠুগুল পলি তাৰ ঘৰলৈ প্ৰথম আহিব সি কাগজ এখনত খুব ভালকৈ তাৰ ঘৰটোনো ' নক্সা আকিঁ বুজাই থৈ আহিছিল দেউতাকৰ লগত হুলস্থূল এখন লগাই নতুন কেমেৰা এটাও কিনিছিল নতুন বেটাৰি, নতুন ৰীল লগাই পলিৰ লগত ফটো উঠিবলৈ কেমেৰাটো সাঁজু কৰি ৰাখিছিল

দুই এজনকৈ তাৰ বন্ধুবোৰ আহিব ধৰিছিল তাৰ উৎকণ্ঠা আছিল তেতিয়ালৈকে পলি আহি নোপোৱাতহে! 'বাৰ্থডে পাৰ্টি' শেষ হৈ থাকিল তাৰ খুব দুখ লাগিছিল যাৰ কাৰণে ইমানবোৰ আয়োজন সেইজনীয়ে নাহিল মাজতে এটা দিন বন্ধৰ পিছত যেতিয়া মহাবিদ্যালয়ত পলিক দেখিলে তাই তাক পৰিহাৰহে কৰিছিল সি একো বুজিব নোৱৰিলে দুদিন আগতে ইমান ধুনীয়াকৈ মাত-বোল কৰা মৰমলগা ছোৱালীজনীয়ে হঠাতে কিয় বাৰু তাৰ লগত মাত-বোল বন্ধ কৰি দিলে? 'বাৰ্থডে পাৰ্টি' নাহিল নাই, কিন্তু একবাৰতো মাতিব পাৰে কিন্তু 'ক্লাচ' শেষত পলিৰ বান্ধৱী বৰ্ণালীয়ে যিখিনি কথা 'লে তেতিয়াহে তাৰ উপলব্ধি ' তাৰ নাম সলনি কৰাৰ কুফল! নাম সলনি কৰাৰ বাবে তেতিয়াহে তাৰ বৰ আফচোচ '

প্ৰকৃততে পলি সিদিনাখন তাৰ 'বাৰ্থডে পাৰ্টি' আহিছিল বাহিৰৰ পৰা তাই প্ৰগল্ভ আৰু আনবোৰৰ মাত কথাও শুনিছিল কোনোবা এজন অহাৰ উমান পাই মাক ওলাই আহিছিল আনবোৰতো ৰং-ৰহইচতে ব্যস্ত আছিল পলিয়ে প্ৰগল্ভৰ মাকক নমস্কাৰ এটা জনাই 'লে-
: খুৰিদেউ নমস্কাৰ মই পলি, প্ৰগল্ভৰ বন্ধু
: তোমাকতো মই চিনি নেপাওঁ প্ৰগল্ভ আৰু কোন?
: খুৰিদেউ আপুনি ধেমালি কৰিছে এইটোৱে প্ৰগল্ভৰ ঘৰ মোক আজি নিমন্ত্ৰণ কৰিছে
: নহয় মা! তুমি ভুল কৰিছা মোৰ দুটা 'ৰা ডাঙৰটো কৃষ্ণদুলাল, সৰুটো নন্দদুলাল আৰু কোনো নাথাকে ইয়াত

পলিয়ে চকু চলচলিয়া কৰি অহাবাটেৰে উভটি গৈছিল হোজা মাকক কৃষ্ণদুলালে কেতিয়াও নাম সলনি কৰাৰ কথা কোৱা নাছিল অনবৰতে ৰান্ধনিঘৰ, তাতশালত ব্যস্ত থকা বাহিৰৰ জগতখনৰ ভূ-ভা নোপোৱা মাকক নাম সলনি কৰাৰ খবৰটো দিয়াৰ প্ৰয়োজন অনুভ কৰা নাছিল
 (দিগন্ত যাদৱ শৰ্মা)

Comments