Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অলপ ৰোমন্থন :: 'ফাউন্টেন পেন' (প্ৰবন্ধ)



অলপ ৰোমন্থন ::  'ফাউন্টেন পেন'
=== === === ===
... ... তহঁতে চিয়াঁহীবোৰ খাৱ নেকি? সদায় যে স্কুলৰ পৰা আহোতে হাতে-মুখে লাগি আহে!
বগা চাৰ্টটো যে চিয়াঁহীৰে ফুল তুলি আনিছ কাইলৈ কি পিন্ধি স্কুললৈ যাবি?
ব্লটিং পেপাৰ দিছিলো নহয়! তাৰে কলমটোৰ নিবটো ভালদৰে মছি ল'ব নোৱাৰিলি?
কলমটোত চিয়াঁহী ভৰাই লৈছনে? …. …

ওচৰৰ দোকানখনত ছোৱালীজনীৰ বাবে 'ফাউন্টেন পেন' মানে চিয়াঁহী ভৰাব পৰা কলম কিনিবলৈ আহোতে আমাৰ স্কুলীয়া দিনৰ কথাবোৰ মনলৈ আহিল। ওপৰত উল্লেখ কৰা কথাকেইফাঁকি স্কুললৈ অহা-যোৱা কৰাৰ সময়ত মাহতঁৰ সকীয়নি আছিল স্কুলীয়া জীৱনত এই ''ফাউন্টেন পেন'টোও আমাৰ পঢ়া-শুনাৰ লগতে খেল-ধেমালি, হাই-কাজিয়াৰো সঙ্গী আছিল সচাঁকৈ বহুদিন 'ফাউন্টেন পেনকিনা নাই শেষবাৰ কেতিয়া কিনিছিলো মনত নপৰে দেখোন! ছোৱালীজনীক এইবছৰৰ পৰা স্কুলত 'ফাউন্টেন পেন' ব্যৱহাৰ কৰিবলৈ দিছে এতিয়াহে মন কৰিলো আজিকালি সকলো কিতাপ-কাগজৰ দোকানত এই চিয়াঁহী ব্যৱহাৰ কৰিব লগা কলমবিধ পোৱা নাযায় আমাৰ সময়ত কলম (এতিয়াৰ পৰা 'ফাউনন্টেইন পেন'ক কলম বুলিয়ে উল্লেখ কৰি থাকিম) যিকোনো কিতাপ-কাগজৰ দোকানতে উপলব্ধ আছিল আৰু এটা কথা মন কৰিলো যে এতিয়া নিবটো বেয়া হলে নতুন কলম এটাকে ল'ব লাগিব বেলেগকৈ নিব বোলে পোৱা নাযায় দিন সলনি হ' মোৰ কিন্তু ছোৱালীজনীৰ বাবে কলম কিনিবলৈ গৈ 'নষ্টালজিয়া'ইহে লগ ল'লে মনত পেলাবলৈ চেষ্টা কৰিলো-আমাৰ সময়ত কি কি 'বেন্ড'ৰ কলম দেখিছিলো 'ক্টৰ, সুলেখা, পাৰ্কাৰ, হিৰো, উইংছাং হিৰো, উইংছাং কলমকেইটাৰ প্ৰতি আমাৰ কম হেপাহ আছিলনে! পাৰ্কাৰ কলম অৱশ্যে হাতেৰে ঢুকি পোৱা দূৰত্বত নাছিল আগতে নাম নুশুনা 'বেন্ড'ৰ কলম এটা লৈ দোকানতে পোৱা পূৰণি বাতৰি কাকতখনত দহ-বাৰটামান চহীকে মাৰি চালো চিনাকী 'ব্ৰেন্ড'ৰ চিয়াঁহীৰ দোৱাতো এটাও ল'লো ভাল লাগিল বল পেন, জেল পেন এইবোৰেৰে লিখি লিখি কেতিয়া কলম এৰিলো এতিয়া দেখোন মনতে পেলাব নোৱৰো!

আমি আজিকালি সততে বলপয়ন্ট অথবা জেল কলমহে ব্যৱহাৰ কৰো বলপয়ন্ট কলমবোৰৰ 'ৰিফিল'দালৰ সন্মুখৰ অংশটো পিতল অথবা টাংস্টেন ধাতুৰে প্ৰস্তুত কৰা একোটা নিব থাকে এতিয়া অৱশ্যে এইবোৰ স্টিলেৰেহে নিৰ্মিত হয় সোনকালে চিয়াঁহী শুকাই যোৱা আৰু কম মুল্য হোৱাৰ বাবে আজিৰ দিনত এই কলমবিধে আমাৰ মাজত আটাইতকৈ জনপ্ৰিয় জেল কলমসমূহো বলপয়ন্ট কলমবোৰৰ দৰেই মাথো ইয়াত বলপয়ন্ট কলমতকৈ পাতল চিয়াঁহী ব্যৱহাৰ হয় যিয়ে আৰু বেছি মসৃণভাবে লিখিবলৈ সহায় কৰে বিভিন্ন জনৰ বিভিন্ন কামৰ সুবিধাৰ বাবে কিমান ধৰনৰ যে কলম পোৱা যায় 'মাৰ্কাৰ' কলম, 'হাইলাইটাৰ' কলম  তেনেকৈ ব্যৱহাৰ আৰু কলম অনুযায়ী চিয়াঁহীও স্থায়ী অস্থায়ী হয়

পাখি কলম আৰু নলখাগৰী কলম ব্যৱহাৰ হোৱাৰ সময়ৰ কথা তেতিয়া লিখোতাই নিজে অথবা ঘৰতে চিয়াঁহী তৈয়াৰ কৰি লৈছিল লোহাৰ কেৰাহী এটাত কেঁচা শিলিখা, চৰুৰ তলৰ ছাই, আমলখি আৰু থেৰেজুৰ ছাল, পাণ, কেহেৰাজ, আমছাল, গৰুমুত এইবোৰ একেলগৈ সিজাই মাটিৰ চৰু এটাত ৰাখি থৈছিল পিছলৈ মাটিৰ চৰুটোৰ পৰা ঘামি ঘামি ৰস বাহিৰ হৈছিল সেইখিনিয়ে গোটাই চিয়াঁহী হিচাপে ব্যৱহাৰ কৰা হৈছিল চিয়াঁহীৰ আন এটা নাম মহী আমাৰো মনত আছে সৰুতে দেউতাৰ লগত ফাঁচিবজাৰৰ কুঞ্জ ঠাকুৰৰ দোকানত তুতিয়া কিনিবলৈ যোৱাৰ কথা যাৰ আন নাম blue vitriol অথবা copper sulphate স্কুলৰ লগত লাগি থকা শিলিখাজোপাৰ পৰা শিলিখাবোৰ আনি তুতিয়াৰ লগত বহুসময় পানীত উতলাইছিলো ঠাণ্ডা হোৱাত চেকনিৰে চেকি লৈ কলমত চিয়াঁহীৰুপে ব্যৱহাৰ কৰিছিলো অৱশ্যে অধক্ষেপ পৰি দুই-এটা নিব বেয়া নোহোৱাকৈ থকা নাছিল

ছোৱালীজনীয়ে প্ৰথম কলম ব্যৱহাৰ কৰিবলৈ পাইছে তাইৰ উৎসাহৰো অন্ত নাই ঘৰত থকা সময়ত আইতাক-নাতিনীয়েকৰ কথোপকথন মোৰ কানত আহি পৰিলহি-
: আইতা তোমালোকে মোৰ দৰে কলমেৰে স্কুলত লিখিছিলানে?
: নাই আমি স্কুলত পাখি কলমহে ব্যৱহাৰ কৰিছিলো
: 'ত পাইছিলা তোমালোকে এইবোৰ? কি চৰাইৰ পাখিৰে কলমবোৰ সাজিছিলা?
: পাখি কলম দোকানবোৰত কিনিবলৈ পোৱা গৈছিল জনা লোকে ঘৰতেই পাখি কলম ৰাজহাঁহৰ পাখিৰ পৰা তৈয়াৰ কৰি লৈছিল
: চিয়াঁহী কেনেকৈ ভৰাইছিলা?
: লিখিবলৈ পাখি কলমবোৰ চিয়াঁহী থকা দোৱাতত জুবুৰীয়াই লৈ লিখিব লাগিছিল সেয়ে আমি সদায় লগত এটা চিয়াঁহী থকা দোৱাত এটা ৰাখিছিলোঁ দোৱাতবোৰো এনে আছিল যে ওলোটাই দিলেও চিয়াঁহী পৰি যোৱা নাছিল আমাৰ দেউতাই কেতিয়াবা চিয়াঁহীৰ টেবলেটৰ বক্সো আনি দিছিল এই টেবলেটবোৰ ৰাতিয়েই পানীত তিয়াই ৰাখিব লাগিছিল দেউতাই নলখাগৰী অথবা মিহিকৈ কটা বাঁহৰ পৰাও কলম তৈৰি কৰা দেখিছিলোঁ

এঠাইত পঢ়িবলৈ পালো এম.ক্লিন আৰু হেনৰি ৱান্নে ১৮৬৭ খৃষ্টাব্দত ইউ.এচ. আধুনিক 'ফাউন্টেন পেন'ৰ প্যাটেন্ট লাভ কৰিছিল সোতৰ শতিকাত জাৰ্মানৰ ড্যানিয়েলে দুটা পাখিৰ পৰা 'ফাউন্টেন পেন'  দৰে কলম তৈয়াৰ কৰি দেখুৱাইছিল ইয়াৰে এটা পাখিৰ ঠাৰিৰ ভিতৰত চিয়াঁহী ভৰাব পৰা ব্যৱস্থা কৰিছিল অষ্টাদশ শতিকাৰ প্ৰথম ভাগতেই এইধৰনৰ কলমসমূহ 'ফাউন্টেন পেন' নামেৰে জনাজাত হৈছিল তেতিয়া কিন্তু এই কলমবোৰত যথেষ্ট অসুবিধা আছিল প্ৰধান সমস্যাটো আছিল কলমৰ পৰা চিয়াঁহী ওলাই আহি হাত আৰু কাগজ নষ্ট কৰা ঊনৈশ শতিকাৰ মাজভাগলৈ 'ফাউন্টেন পেন'ৰ ভিতৰৰ বায়ু ছাপৰ বিষয়ে জ্ঞাত নোহোৱাত আৰু লগতে  ক্ষয়কাৰক পদাৰ্থৰে চিয়াঁহী প্ৰস্তুত কৰাত বিভিন্ন সমস্যাৰ সন্মুখিন হৈছিল অধক্ষেপ পৰিও কলমবোৰ নিলিখা হৈ বেয়া হৈছিল তাৰ পিছতহে লাহে লাহে 'ফাউন্টেন পেন'  উন্নতি সাধন হৈ আজিৰ পৰ্যায় পাইছে

আজিকালি কলমেৰে লিখা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈছেগৈ যি লিখিব লাগে কম্পিউটাৰ কিবোৰ্ড আৰু 'মোবাইল ফোন'ৰ দৌৰাত্মত কলম বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে সেয়ে ঠিক কৰিছোঁ যিখিনি লিখিব লাগে অথবা অন্ততঃ চহীটোৰ বাবে হলেও এতিয়াৰে পৰা লগত এটা চিয়াঁহী কলম ৰাখিম

(দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)