Friday, October 03, 2014

কুঁহি সেউজীয়া মন, শিশু সাহিত্য আৰু অলপ ব্যক্তিগত



সকলো শিশুৱে একো একোটা কুঁহি সেউজীয়া মনৰ অধিকাৰী শিশু সাহিত্যই এই কুঁহি সেউজীয়া মন একোটাৰ সৈতে বিভিন্ন ৰোমাঞ্চকৰ লেখা, ধেমেলীয়া গদ্য, পদ্য, সাথঁৰৰ ধেমালি ইত্যাদিৰ ৰূপত পৰিচিতি লাভ কৰে এনেকৈয়ে আমিও প্ৰায় সকলোৱে নিশ্চয় শিশু সাহিত্যৰ লগত পৰিচিতি লাভ কৰিছিলোঁ শিশু সাহিত্যই বিভিন্ন ৰূপত আমাৰ শিশু-কৈশোৰ কালত এনেদৰে ৰেখাপাত কৰিছিল আজিও যেন তাৰ প্ৰভাব আমাৰ দৈনন্দিন জীৱনত বিৰাজমান শিশু-কৈশোৰ মনত নিজৰ পাৰিপাৰ্শ্ৱিক অৱস্থা তথা প্ৰকৃতিৰ লগত সঙ্গতি থকা গল্প অথবা কাহিনীবোৰে বিশেষভাবে ৰেখাপাত কৰে ইয়াৰ যোগেৰে নৈতিক শিক্ষাৰো পাঠদান হৈ যায় বুজিব নোৱাৰাকৈয়ে নতুবা অজ্ঞাতসাৰেই হওঁক নীতিশিক্ষা থকা শিশু সাহিত্যই শিশুৰ মনত বিশেষভাবে সাঁচ বহুৱাই থৈ যায়
আমাৰ চাৰিওঁকাষে বিভিন্ন ধৰণৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বিৰিখ, মাছ-কাছ আছে আৰু আমি বেছিভাগেই নিশ্চয় আটাইবোৰ স্বচক্ষে নাই দেখা কিন্তু আমি জানো আমাৰ মুলুকত থকা আৰু নিছিহ্ন 'বলৈ ধৰা বেছিভাগ বস্তুৰে নাম, সেইবোৰৰ বিবৰণ এইয়া নিশ্চয় শিশু সাহিত্যৰেই ফচল সাধু অথবা গল্প, পদ্যৰ মাজেৰেই শিশু সাহিত্যিক সকলে আমাৰ শিশু কালতেই এই জ্ঞান দি থৈ গৈছিল নেদেখাকৈ মানসপটত সেইবোৰৰ প্ৰতিচ্ছবিও সোমাই আছে বিশেষত গুৰুত্বপূৰ্ণ ঠাইবোৰ, সেইবোৰৰ আকৰ্ষণৰ বিষয়ে আমি শিশু অথবা কৈশোৰ জীৱনতেই জ্ঞান লাভ কৰা নাই জানো! আৰু ইয়াতেই বুজিব পাৰি শিশু সাহিত্যৰ আমাৰ সমাজ জীৱনত থকা অপৰিসীম গুৰুত্বৰ কথা কুঁহি সেউজীয়া মন একোটাৰ মাজত ভাল ভাল কথাবোৰ, সাধুকথাৰ চলেৰে নীতিশিক্ষাৰ বাণীবোৰ সোমাই নিদিয়া 'লে আজিৰ সমাজখন কেনে ধৰণৰ 'লহেতেঁন কল্পনা কৰিবলৈও ভাল নালাগে

ৰোমাঞ্চকৰে ভৰা অভিযান সম্পৰ্কীয় শিশু সাহিত্যই প্ৰায় সময়তেই শিশু মনৰ মন-মগজু আগুৰি থাকে সি লাগে বিদ্যালয়ত পাঠদান কৰি থকা সময়তেই হওঁক নতুবা ৰাতি বিছনাত মা-দেউতাৰ বুকুত কুচি-মুছি শুই থকা সময়তেই হওঁক ভাল লগা কিবা এটা পঢ়ি সেই কাহিনীৰ মাজতেই শিশুৱে নিজকে বিচাৰি লয় সেয়ে বোধকৰো ৰোমাঞ্চকৰে ভৰা শিশু সাহিত্য আমাৰ শিশুকালত অতিকৈ প্ৰিয় আছিল কৈশোৰ কালত এনেধৰণৰ শিশু সাহিত্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহুজনে আগলৈ শিশু সাহিত্যত বহুতো বৰঙণি আগবঢ়াবলৈও সক্ষম হৈছে শিশু অথবা কৈশোৰ কালতেই পঢ়া সুন্দৰ আৰু মৰমৰে ভৰা সাৱলীল প্ৰকাশভঙ্গীৰ ৰচনাবোৰৰ কথাই দেখোন এতিয়াও আমাৰ অৱচেতন মনত কেতিয়াবা কেতিয়াবা ভুমুকি মাৰে
শুনিবলৈ আচহুৱা যেন লাগিলেও আমাৰ ব্যক্তিগত জীৱনত শিশু সাহিত্যৰ ওপৰত প্ৰথম কিবা এটা মনলৈ আনোতে ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাৰ কথালৈহে মনত পৰে চকুৰ আগত ভাহি উঠে কাষত থিয় দি থকা চাৰি-পাঁচজন চি.আৰ.পি.এফ. সৈতে 'বেয়নেট' থকা ৰাইফল কেইটালৈ লগত ভয়তে মায়ে হাতত ধৰি অন্যফালে টানি নিবলৈ কৰা চেষ্টা আৰু ফুচফুচনি_
এতিয়া ঘৰলৈ বল দেউতাৰৰ লগত আহিলে কিনিবি
সেই সময়ত অসম আন্দোলনৰ এটা বিভীষিকাৰ নাম আছিলচি.আৰ.পি.এফ.” যদিও ভালকৈ কথাবোৰ বুজিব পৰা নাছিলো কিন্তু দেখিছিলো অতি ওচৰৰ কেইবাজনৰো চি.আৰ.পি.এফ. কোবত আঘাটপ্ৰাপ্ত হৱলগীয়া অৱস্থা লগতে সন্ধিয়া দেউতাহঁতে চুবুৰীৰ অইনসকলৰ লগত আলোচনা কৰা চি.আৰ.পি.এফ. গুলীত শ্বহীদ হোৱাৰ ঘটনাসমূহৰ কথা কিন্তু সেইদিনটোত মাৰ হাতত ধৰি তেনেবোৰ কথাই আমাক তিলমানো বিচলিত কৰিব পৰা নাছিল কিয়নো সেই মুহূৰ্তত চকু আছিল সন্মুখত থকা কিতাপৰ দোকানখনত ওপৰত ওলোমাই থোৱাসঁফুৰা নতুন সংখ্যাটো প্ৰিয় সাহিত্যিক ডঃ ভবেন্দ্ৰনাথ শইকীয়া চাৰৰ সম্পাদনাত প্ৰিয় লেখকসকলৰ কলমৰ পৰা নিগৰি অহা সুমধুৰ, আমোদজনক লেখা সমূহৰে ভৰি থকা এখন মাহেকীয়া শিশু আলোচনী কি যে এখন ৰঙীন কল্পনাৰ ৰাজ্য! ডেম পেহা, পিক্ৰিফু- অচিন মোমাইদেউৰ অনবদ্য সৃষ্টিসমূহ গগণ চন্দ্ৰ অধিকাৰী, যোগেশ দাস, যজ্ঞেশ্বৰ শৰ্মা, নিৰমলপ্ৰভা বৰদলৈ আৰু বহুতৰে ৰসাল আৰু জ্ঞানবৰ্ধক লেখাসমূহ, লগতে ৰূপহ দাদাৰ মেজিক এনে এখন আলোচনীত ইমানবোৰ আমোদজনক লেখা থাকোতে কোনে 'বেয়নেট' থকা ৰাইফলক 'কেয়াৰ' কৰে!
নিজৰো যেতিয়া শিশুমনৰ কল্পনাৰ ৰাজ্যখনত সোমাই লৈ কলমৰ খোঁচ গৈ পৰে উকা কাকতত- সৃষ্টি হয় কোনো এটা কবিতাৰ, কোনো এটা পদ্যৰ নতুবা গদ্যৰ তাতোকৈ কম ডাঙৰ কথানে নিজৰ নামটো ছপা আখৰত দেখিবলৈ পোৱাতো! কোনো কোনোৰ সেয়া শিশু আৰু কৈশোৰ কালতেই আৰম্ভ হয় শিশু সাহিত্যৰ যোগেদি
দাঁত জেং জেং কুহিয়াৰ বাৰী, গাৱতো নাকান্দে লোক;
মৰা মানুহৰ হাতত টোকন, ভাল দেখা নাই তোক
পলৌ পলৌ বিষ্ণুপ্ৰিয়া জয়-মাধবক ';
মই হৰিহৰে কোব খালোঁ তপিনা চেলেকাৰ হই।।
এনে ধৰণৰ কৌতুহল উদ্দীপক আৰু চুটি চুটি, সৰল, পঢ়ি ৰং লগা পদ্য অথবা লেখাবোৰে শিশুমনক যথেষ্ট আনন্দৰ খোৰাক দিয়ে বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি 'ৰাৰ সাধু সমূহ আইতা অথবা জ্যেষ্ঠজনৰ পৰাই শুনি শুনি মুখস্থ হৈ গৈছিল গ্ৰন্থ আকাৰত পিছতহে সংগ্ৰহ কৰিছিলোঁ অৱশ্যে প্ৰথম শিশু সাহিত্যৰ পুথিৰূপে অতুল চন্দ্ৰ বৰুৱাৰখেলিমেলিপুথিখনহে হাতত তুলি লোৱা মনত পৰে স্মৃতিৰ কোঠালিৰ পৰা তাৰেই ইঙ্গিত দিয়ে অলপ ওপৰত উল্লেখ কৰা পদ্যফাঁকিখেলিমেলি এটা গল্পৰে অংশৰূপ এই প্ৰথম শিশু সাহিত্যৰ পুথিখন হাতত পৰাৰ সময়ৰো এটা মজাৰ স্মৃতি আছে ৰিণিকি ৰিণিকি মনত পৰে শুৱালকুছিত অসম সাহিত্য সভাৰ অধিবেশন বহিছিল দুটা পৰিয়াল লগ হৈ আমি চাবলৈ গৈছিলো কথাবোৰ ডাঙৰ হৈ আহোতে শুনা আলোচনা মৰ্মেহে লিখিছো খোজ কাঢ়ি কাঢ়ি ভৰি বিষোৱাত আমাক মুকলি ঠাইত বননিৰ ওপৰত বহিব দি দেউতা অধিবেশন স্থলীত গ্ৰন্থৰ বিপনীসমূহলৈ সোমাই গৈছিল ' জানো দামুৰি পোৱালী এটাই আমাৰ লগত খুব খেলি আছিল তাৰ দৌৰক বোধকৰো কোনেও চেৰ পেলাব নোৱাৰিছিল তেনেদৰে কিছু দেৰি থকাৰ পিছত দেউতাক ওলাই অহা দেখিবলৈ পাইছিলোঁ হাতত কেইবাখনো কিতাপ মুখত হাঁহি এটা লৈ দূৰৰ পৰা আকৰ্ষণীয় বেটুপাটৰ সৈতে কিতাপ এখন মোক দেখুৱাইছিল দামুৰি পোৱালীটোৰ সৈতে দৌৰি-ধাপলি খেলি আছিলো তাক চেৰ পেলাই দৌৰি গৈ দেউতাৰ কাষ পাইছিলোঁ হাতত তুলি দিছিল মোৰ আজিৰ দিনটোতো এখন প্ৰিয় গ্ৰন্থখেলিমেলি এতিয়াও সযতনে থোৱা আছে সযতনে থোৱা আছে কেইবাখনো প্ৰিয় শিশু সাহিত্যৰ কিতাপৰ লগতে কেইবাখনো মাহেকীয়া শিশু আলোচনীৰ কেইবাটাও সংখ্যা মন যায় আকৌ বাকচত সযতনে থৈ দিয়া সেই কিতাপবোৰ আনি দিনৰ পিছত দিন ধৰি আকৌ যেন শেষ নোহোৱালৈকে পঢ়ি থাকিম অন্য এজনৰ লগত নপঢ়া কিতাপৰ আদান-প্ৰদান কৰিম মাহঁতৰ গালি-গালাজলৈ কেৰেপ নকৰি ৰোমাঞ্চকৰ অভিযানৰ কাহিনীটো পঢ়িহে ভাত খাবলৈ বহিম সৰল কথাত এয়ে আমাৰ বাবে শিশু সাহিত্য কিয়নো এনেবোৰ সাহিত্যৰ দ্বাৰাই আজিৰ আমি হৈছো আমাৰ মাজত আজি যিমানখিনি ভাল পোৱা, আনন্দ, নিৰ্ভেজাল মৰমবোৰ আছে, সেইবোৰ কিছু হলেও বাল্যকালত পঢ়া শিশু সাহিত্যৰেই ফচল বুলি 'লে নিশ্চয় ভুল কোৱা নহ'
শেষত লেখাটোৰ শিৰোনামা “কুঁহি সেউজীয়া মন.........”ৰ সন্দৰ্ভত কথা এটা কওঁ। “কুঁহি সেউজীয়া মন” শিশুৰ বাবে ৰচিত এখন চুটি গল্প কিতাপৰ নাম। কিতাপখনৰ লেখিকা প্রাক্তন অধ্যক্ষা, প্ৰাক্ প্ৰাথমিক শিক্ষক-শিক্ষণ কেন্দ্ৰ, ডিব্ৰুগড়ৰ শৈলবালা বৰুৱা। মোৰ নিজৰো কুঁহি সেউজীয়া মনটোত কিতাপখনে সাঁচ বহুৱাই থৈ গৈছিল।
 (দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)