Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

হগাৰ সমান অশান্তি নাই::ছাত্ৰাবাসৰ এডোখৰ (৯)

হগাৰ সমান অশান্তি নাই :: ছাত্ৰাবাসৰ এডোখৰ ( ৯ )   ঠিক এনেকুৱা এটা পৰিস্থিতিৰ আৱিৰ্ভাৱ হ ’ লে কি কৰিব লাগে অথবা কি ক ’ ব লাগে মহাবিদ্যালয়খনৰ শেষ ষান্মাসিকৰ ছাত্ৰ বিকাশদাই ভাবি উলিয়াব পৰা নাই। চাৰিবছৰ এই আবাসতে থকাৰ পিছতো এনে এটা পৰিস্থিতি কস্মিনকালেও উদ্ভৱ হোৱা নাছিল। বিকাশদাৰ খঙে উঠিছে নে হাঁহি উঠিছে নিজেও যেন একো উৱাদিহ নোপোৱা হ ’ ল। চাঁত কৰে বীৰবল আৰু আকবৰৰ গল্পটো মনলৈ আহিল। আকবৰে যে এদিন ৰাজসভাত সুধিছিল - : আটাইতকৈ সুখ ক ’ ত পোৱা যায় ? : জাহাপনা , হগাৰ সমান সুখ নাই। - সেইয়া আছিল বুধিয়ক মন্ত্ৰী বীৰবলৰ উত্তৰ। উত্তৰ মনঃপুত নোহোৱাত সম্ৰাট আকবৰে ৰাজসভাত আন আন সকলৰ সন্মুখতে বীৰবলক ককৰ্থনা কৰিছিল। বীৰবলেও ইয়াৰ সমুচিত কিবা এটা কৰিবলৈ চল চাই থাকিল। সুযোগ বুজি এদিন বীৰবলে সম্ৰাটক ঘৰলৈ নিমন্ত্ৰণ কৰিলে। বিবিধ ব্যঞ্জনেৰে সম্ৰাটক উদৰ পুৰাই খুৱালে। শেষত দৈ - মিঠায়েৰেও আপ্যায়িত কৰিলে। সম্ৰাট আকবৰেও জুতি পাই খুব খালে। তাৰপিছত বীৰবলে সম্ৰাটক লৈ নৌকা বিহাৰলৈ ওলাল। কিছুদূৰ যোৱাৰ পিছত সম্ৰাটক ডাঙৰ বিধে ধৰিলে। বীৰবলক ক ’ লে - : বীৰবল , নৌকা পাৰলৈ চপোৱা। মোৰ পেটতো জোৰেৰে খা...