Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

সঙ্গীত আৰু কলহ :: ছাত্রাবাসৰ এডোখৰ (১)

সঙ্গীত আৰু কলহ :: ছাত্রাবাসৰ এডোখৰ   কেৰ … কেৰ … কেৰ … কেৰ … অই … চাবি … চাবি … গ ’ ল … গ ’ ল … গৰৰৰৰৰৰৰৰৰ … গুৰুমমমম … আইঔ … মৰিলোঐ মৰিলো , গ ’ ল গ ’ ল … ৪০৭ ত কোনো নাছিল। ৪০৮ ও তলা বন্ধ , ৪০৯ৰ পৰা শৰতদা দৌৰি আহিল । দুপ দাপ … দুপ দাপ … জোতা , চেণ্ডেল , খালি ভৰিৰ শব্দৰে ১০১ , ১০৯ , ২০৮ , ৩০৫ , ৩০৮ , ৩১০ৰ পৰা পলাশ , নৱ , চেলিমদা , চৌবে , কুৰিয়ানদা , ইন্দ্রপাল , লোচন , ইংতি , জৌভা , হাকলিয়ানা , কাতেলদা , মেথিও , ফিলিপ , সিংদা দৌৰি আহিল। আটাইবোৰ ছাত্রাবাসৰ ৪০৬ নং কোঠালীটোলৈ সোমাই আহিল। শব্দটো নিশ্চয় যথেষ্ট ডাঙৰ আছিল , সেয়ে গেটত থকা আমাৰ চকীদাৰ তিৱাৰীও দৌৰি আহিল । - কি হ ’ ল , কি হ ’ ল , কেনেকৈ হ ’ ল ? - কাম নাই আৰু তহঁতৰ । - হাঃ হাঃ হাঃ , বঢ়িয়া । কেনে মজা। ৰ ’ পাবি এতিয়া , ‘ চুপাৰ ’ আহি আছে। - বাপৰে বাপ , কাৰ কিমান যে কি মন্তব্য । দুই এজনে আকৌ খুব স্ফূৰ্তিও পালে। -“ বেটা তহঁতে কিবা ‘ লাইফ ’ টো উপভোগ কৰিব জাননে , আমি কিবা অলপ স্ফূৰ্তি কৰিলে তঁহতৰ হিংসাহে হয় ” ছেট্রিয়ে খুব হাঁহি থকা দেখি লোচন আৰু ইংতিক কথা শুনাই দিলে। -“ হাঁহিব আহিছ গাধ , মৰিব নজনাহঁত । আইঔ...

“অমলৰ মনুষ্যত্বৰ অধিবাস” ( চুটিগল্প)

“ অমলৰ মনুষ্যত্বৰ অধিবাস ”   সৰু ল ’ ৰাটোৰ যন্ত্ৰণা কাতৰ চিঞৰটোত ওচৰে পাজৰে থকা প্ৰায় সকলোৱে এবাৰ হলেও ঘূৰি চাইছিল। পথৰ দাঁতিৰ চাহ দোকান খনৰ পৰা ল ’ ৰাটোৱে ডাঠ কাগজৰ ‘ ট্রে ’ এখনত পাঁচ গিলাচ চাহ আনি গৈ আছিল হয়তো কোনো এখন প্ৰতিষ্ঠানলৈ। লৰা - ঢপৰাত পথৰ ওপৰতে গৰম চাহ দুই গিলাছমান তাৰ নিজৰ গাতে পৰি গ ’ ল। ল ’ ৰাটো দহ - বাৰ বছৰ বয়সৰ হ ’ ব। খালি গা। গৰম চাহ পেটেৰে বৈ গৈ পিন্ধি থকা পেন্টটোৰ ভিতৰ পাইছিল। গৰম চাহৰ সংস্পৰ্শত শৰীৰৰ নিম্নাংশত পোৰণি আৰম্ভ হৈছিল। যন্ত্ৰণাত তাৰ জাপ দেখি কিছু মানুহে হাঁহিবলৈ লৈছিল। অমল বেজবৰুৱাই পথটোৰ সিটো পাৰে ফল কিনি আছিল। তেওঁৰো দৃষ্টিগোচৰ হৈছিল গোটেই ঘটনাটো । তেওঁ অৱশ্যে অইনবোৰৰ দৰে নাহাঁহিলে । বেজবৰুৱাই জানে বিপদত পৰা মানুহক হাঁহিব নাপায় । ফল কিনা হোৱাত মন্থৰ গতিত আহি থকা চিটি বাছখনত জঁপিয়াই উঠি তেওঁ ঘৰমুৱা হ ’ ল । যি হয় হৈ থাকক , তেওঁৰ কি ! কাষত থকা লোকবোৰেওতো একো কৰা নাই । কোনোবাইতো ঠাণ্ডা পানীকে ঢালি দিব পাৰিলেহেঁতেন , ল ’ ৰাটোৰ কিজানি পোৰণি কমিলেইহেঁতেন । বাছখনত উঠি নভবাকৈও সেই সৰু ল ’ ৰাটোৰে কথাই মনলৈ আহিল । … ধেৎতেৰি ! এনেবোৰ কাৰণতে অমল বে...

মহৰ বিষয়ে সৰু ডাঙৰ দুই এটা কথা (প্ৰবন্ধ)

মহৰ বিষয়ে সৰু ডাঙৰ দুই এটা কথা   এতিয়া সৰ্ব্বত্র ডেঙ্গুৰ আতংক। আমাৰ এই মুলুকতে কেইবাজনৰো মহৰ দ্বাৰা সংক্রমিত ডেঙ্গুত আক্রান্ত হৈ মৃত্যু মুখত পৰিবলগীয়া অৱস্থা এটাৰ উদ্ভব হৈছে। মহে সৃষ্টি কৰা আন আন ৰোগৰ বিষয়ে নকলোৱেই যেনিবা! এইবোৰৰ বিষয়ে প্রায় সকলোতে আলোচনা বিলোচনা চলি আছে। জনসাধাৰণকো ডেঙ্গুৰ পৰা ৰক্ষা পৰিবলৈ বিভিন্ন পক্ষই অৱগত কৰাইছে। সজাগতাৰো সৃষ্টি কৰিছে। এইবোৰৰ বিষয়ে অভিজ্ঞ জনে নিশ্চয় জনাই থাকিব। মহৰ কামোৰ নোখোৱা কোনো লোক আমাৰ মুলুকত আছে যদি নাজানো। কিন্তু মহৰ কামোৰ যে বৰ অশান্তিদায়ক সেয়া হ ’ লে সকলোৱে এক মুখে স্বীকাৰ কৰিব। স্কুলৰ তলৰ শ্রেণীত পঢ়ি থাকোতে মহ আৰু ম ’ হক লৈ কম বিপাঙত পৰিছিলোনে। দুয়োটাৰে অর্থ সানমিহিলি কৰি লিখাৰ ফলত শিক্ষকৰ কাণমলাও খাইছিলো। পিছলৈ মহ আৰু ম ’ হক ইংৰাজীত পঢ়িবলৈ আৰু লিখিবলৈ পোৱাত ভাবিছিলো ইংৰাজীতহে দেখোন বেছি সহজ , সম্পূর্ণ বেলেগ বেলেগ শব্দ। মহক লৈ কিন্তু বহুতো বিস্ময়কৰ তথ্য আছে। অ ’ ত ত ’ ত পোৱা আমি জনা নজনা তাৰে কিছু তথ্য আগবঢ়ালো। প্রথমতে আমাৰ দেশৰে এটা আমোদজনক তথ্য দিওঁ ৰৱ। ১৯৮২-৮৩ চনৰ কথা। তেতিয়াৰ মাদ্রাজ সহিতে তামিলনাডুৰ কেইবাঠাইতো মেলেৰি...