Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

২০৬০ ইং চনৰ ভাৰতীয় বাতৰি (কৌতুক)

---***২০৬০ ইং চনৰ কোনোবা এটা দিনৰ ভাৰতীয় বাতৰি কাকতৰ মুখ্য বাতৰি সমূহ হয়তো হ’ব এনেধৰনৰ (সহায় লৈছো)***--- (১)” বিদ্যুত বৰদলৈৰ বতাহৰ পৰা বিদ্যুৎ আহৰণ” -এই গৱেষনাই আজি ৪৮ বছৰত ভৰি দিয়ে। উদ্দেগৰ বিষয়টো হৈছে তেওঁৰ ইতিমধ্যে স্বাস্থ্য ভাগি পৰিছে । (২) ইন্দিয়ান প্রিমিয়াৰ লীগত “লাখ্যাদীপ কেট” ৬৩ তম দল হিচাপে আত্মপ্রকাশ কৰে। (৩) “গোলমাল পাৰ্ট - ২৭” আজি ভাৰতীয় চিনেমা হল বোৰত ৰিলিজ হয় । চিনেমাখনত দেখা গৈছে আগৰবোৰৰ দৰে তুষাৰ কাপুৰে এতিয়াও কথা কব নোৱাৰে। (৪) সন্ত্ৰাসবাদী “কাছাব” আজি ৭০ বছৰ বয়সত তিহাৰ জেলত মৃত্যু হয়। মৰোনোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰন “হাই কলেষ্টেৰল” বুলি কোৱা হৈছে। প্রাথমিক অনুসন্ধানত অত্যাধিক ‘চীকেন বিৰীয়ানি’ খোৱাই ইয়াৰ মূল কাৰন বুলি কোৱা হ। (৫) মুন্না হাজাৰে আজি আকৌ “লোকপাল বিল”ৰ দাবীত আমৰন অনশনত বহে । (৬) অ় . ৰাজাৰ পুত্ৰক ১৬ জি ( 16 G ) স্কেমৰ অভিযোগত আজি আদালতত হাজিৰ কৰোৱা হয় । =========================================================================  দিগন্ত যাদৱ শৰ্মা

শব্দ (কবিতা)

*** শব্দ *** শব্দবোৰে হাঁহাঁকাৰ কৰি উঠে, প্রস্ফুটিত হ’ব নোৱাৰাৰ বেদনাত ছাটি-ফুটি কৰে । হয়, ভুলটো আছিল মোৰে । শব্দবোৰ যে ওলাব বিছাৰিছিল বহু আগয়ে ; বন্ধ কৰি থৈছিলো (মই) ঘোট ম’ৰা আন্ধাৰ কোঠালী এটাত । মৰহীয়ে গ’ল বহুতো শব্দ, বিছাৰি ফুৰিলেও হয়তো কাহানিও নাপাম; কিয় যে নিদিলো (মই) প্রস্ফুটিত হ’বলৈ শব্দবোৰক... আফছোচ্... আফছোচ্... লাভ আছে নেকি বন্ধু এইবোৰ ভাবি ভাবি এতিয়া, নহ’লে দিয়াহে (মোক)বন্ধু উপায় এটাকে; বৰ মন গৈছে শব্দবোৰক প্রস্ফুটিত কৰি গঢ়িবলৈ । পলম যে হৈ গ’ল বন্ধু, বহুত পলম... সময়ৰ কাম সময়ত নকৰিলে এই দশাই হয় (মোৰ) বন্ধু ।। --- দিগন্ত যাদৱ শৰ্মা ২৯/০৫/২০১২

আটাইতকৈ ডাঙৰ মিছা কথা (কৌতুক)

**** আটাইতকৈ ডাঙৰ মিছা কথা (Biggest Lie) ***        আবেলিপৰত বৄদ্ধ মানুহ এজনে ঘূৰি ফুৰি থাকোতে পথৰ মাজত সৰু - সৰু লৰা কেইজনমানে বৰ হুলস্থল কৰি থকা দেখিলে । কৌতুহল দমন কৰিবলৈ তেওঁ ৰৈ দিলে আৰু সুধিলে “ তোমালোকেনো ইমান হুলস্থুল কৰি কি কৰি আছা ?”      তাৰে এজনে উত্তৰত কলে “ ককা , আপুনি দেখিছেনে সেই যে অকণমানি মৰমলগা কুকুৰ পোৱালীটো ; আমি এই পথৰ দাঁতিত পালো । আমি সকলোৱে তাক পাব বিচাৰো । সেইকাৰনে competition এটা পাতিছো । যিজনে প্ৰথম হ ’ ব , সিয়ে মৰমলগা কুকুৰ পোৱালীটো নিজৰ কৰি ঘৰলৈ লৈ যাব পাৰিব । ” বুঢ়া মানুহ জনে সুধিলে “ তোমালোকেনো   কিহৰ competition পাতিছা ?” লৰাহ ’ তৰ মাজৰ এজনে মাত দিলে “ যিজনে আটাইতকৈ ডাঙৰ মিছা কথা এটা কব পাৰিব তেৱে winner হ ’ ব ।” ককাজনে শুনি কলে “ছিঃছিঃ নাপায় নহয়, মিছা কথা কব’, তোমালো্কৰ দৰে থাকোতে মই কোনো মিছা কথা কেতিয়াও কোৱা নাছিলো !!!”       আটাইবোৰ লৰা আগবাঢ়ি আহিল আৰু দুখমনে ক’লে “ঠিক আছে তেন্তে, ককা আপুনিয়ে জয়ী হ’ল, আপুনিয়ে কুকুৰ পোৱালীটোৰ গৰাকী হ ’ ল । ...

মাজনিশাৰ যৌৱন (কবিতা)

*** মাজনিশাৰ যৌৱন *** মাজনিশাৰ যৌৱন ‘ কিড চ্ঢ্ৰীটৰ ’ এখন হোটেলত । তুমি আৰু মই , পোহৰৰ অগোচৰতো নহল এবাৰো ছন্দপতন । হয় , ইয়াৰে নাম যৌৱন ; তীব্ৰতাৰ যেন প্ৰকাশ ঘটে মাজনিশা , কেব’ল টিভিৰ নিচাও নোহোৱা হয় । অন্তৰাত্মাৰ গভীৰতাৰ মাজতো কথোপকথন ঘটে যৌৱনৰ । দেৱালৰ ঘড়ীটোৰো টিক্ টিক্ ধ্বনি এবাৰলৈও যেন কাণত পৰা নাছিল । আছিলো কেৱল ব্যস্ত সুন্দৰৰ আৰাধনাত । পখী হৈ উৰি যাবৰো মন নাছিল । এনে লাগিছিল , থাকিম যেন ওৰেটো জীৱন বন্দী হৈ এটা সজাতে । মাজনিশাৰ যৌৱন , কিড চ্ঢ্ৰীটৰ এখন হোটেলত । ( ২৯-১২-২০০৩, কলকাতা ) দিগন্ত যাদৱ শৰ্মা