Posts

Showing posts from 2018

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

শাৰদীয়া অনুভৱ

(অম্বিকাগিৰী নগৰ সার্বজনীন শ্রীশ্রীদুৰ্গা পূজা উদযাপন সমিতিৰ স্ম্রৃতিগ্রন্থ "ধৰিত্রী" ১৯৪০ শক, ২০১৮ চনত প্রকাশিত) সেমেকা আহিনৰ আমোলমোল শেৱালি ফুলৰ সুঘ্ৰাণ লৈ ভৰিৰ তলৰ স্নিগ্ধ দুৱৰিৰ পৰশত ৰং - বিৰঙৰ বেলুন , পুতলা লৈ অহা শাৰদীয়া দুৰ্গোৎসৱে শিশুৰ পৰা বৃদ্ধলৈকে নাৰী - পুৰুষ সমন্বিতে সকলোৰে মনবোৰ অকণমান হলেও উৎফুল্লিত ক ৰি তোলে ।   শৰতৰ বিশাল নীলা আকাশখনেও যেন বসুন্ধৰালৈ এই সময়চোৱাতেই অনেকজনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । আমাৰ দেহ মনতো এক সুকোমল শান্তিৰ নিজৰা বোৱায় । দুৰ্গা পূজা ভাৰতবৰ্ষৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ ।   শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱকে দুৰ্গা পূজা বুলি কোৱা হয় । পূৰাণত দুৰ্গা শব্দটোৰ বাখ্যা কৰা হৈছে এনেদৰে - “ যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব ” । হিন্দু শাস্ত্ৰ মতে শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী হৈছে দুৰ্গা দেৱী । ভাগৱতত   শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে । দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ ' ল   সতী , পাৰ্বতী , কৌশিকী , নন্দা , ভ্ৰামৰী , সাকম্ভৰী , কালিকা , ৰক্তদণ্ডিকা , ইত্যাদি । দুৰ্গা ...

স্মৃতিৰ পটত বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা

Image
কেইবাবছৰো ধৰি যেতিয়া ঘৰৰ বাহিৰত চাকৰি কৰিবলগীয়া হয় , তেতিয়া জীৱনটোত বহুতো তিতা-মিঠা অভিজ্ঞতাৰ স্মৃতি ৰৈ যায়। পিছত বৰ ভাল লাগে ৰোমন্থন কৰি। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰেৰে আড্ডাও জমি উঠে। নিজৰ বন্ধু-বান্ধব , ল ’ ৰা-ছোৱালী বোৰৰ লগতো এই ঘটনাবোৰৰ আনন্দ লভিব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিছে যে সময়ে সময়ে এই ‘ জমনি ’ কথাবোৰ লিখি নাৰাখিলোঁ কিয় , কাৰণ বহুতো কথা পাহৰণিৰ গৰ্ভত সোমাই গ ’ ল। বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰ জিলাত চাকৰি কৰি থকা বছৰ কেইটাৰ কথা কেতিয়াও পাহৰি যাব নোৱাৰিম। ডঙুৱা জীৱনৰ আমেজেই বেলেগ , জনাই জানে। আমিতো জানোৱেই , আজিৰ তাৰিখত ডঙুৱা হৈ থকাবোৰে পিছত আৰু ভালকৈ জানিব। ৰন্ধা-বঢ়াৰে পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবোৰত কিমান ধৰণৰযে অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষা! ৰাতি এপৰলৈকে ‘ ব্ৰীজ ’ নহ ’ লে ‘ ২৯ ’ । দেওবাৰৰ দিনটোৰ কথাটো ক ’ বই নালাগে! সময়ৰে নাটনি হৈ যায় , এনে ভাৱ হয়- “ এস , ইমান সোনকালে ৰাতি ১ টা বাজিলেনে ”, কাৰণ পিছদিনা আকৌ ৬-৭ বজাত উঠি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব নহয়! ’ প্রথমে শিলচৰলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে কেইজনমান বঙালী বন্ধুৰ কৃপাত অলপ অচৰপ বঙালী ভাষাটো আ...