Posts

Showing posts from February, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

প্ৰাচীন কালৰ পশু চিকিৎসা সম্বন্ধে কিছু কথা কবলৈ লৈছোঁ । আদিম কালৰ পৰাই জীৱ - জন্তুসমূহ মানৱ জাতিৰ সহবাসী হৈ আছে । আৰু মানৱ জাতিয়ে ইয়াৰ ভিতৰত কিছুমান জীৱ - জন্তুক নিজৰ জীৱন ধাৰণত সহায় হোৱাকৈ ঘৰচীয়া কৰি লৈছিল । পুৰণি আখ্যান , সাধুকথা আদিত মানৱ জাতিৰ লগত জীৱ - জন্তুবোৰৰ সহাৱস্থান সম্বন্ধে বিশদভাৱে বৰ্ণনা কৰা আছে । গতিকে মানুহৰ লগত বিভিন্ন জীৱ - জন্তুৰ আত্মীয়তাৰ যোগসূত্ৰডাল অতীজৰে পৰাই বান্ধ খাই আছে । বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিবলৈ পোৱা যায়। সেইসময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ ব্যাপক প্ৰচলন আছিল। মহাভাৰত তথা কালিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহৃত হোৱা ৰথসমূহ হাতীয়েহে টানিছিল। বব্ৰুৱাহনৰ বিশাল সেনাবাহিনীতো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা ৰথ আছিল বুলি কোৱা হয়। আৰু নিশ্চয়কৈ কব পৰা যায় যে তেতিয়াৰ পৰাই হাতী - ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল। প্ৰধানকৈ লিখিত ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিশেষ