Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অজয়ৰ কথাৰে (চুটি-গল্প)



অজয়ৰ কথাৰে 


(১)
ইয়ালকৈ অজয়ে মোক মাতি আনিছিল । এই নদীখনৰ পাৰলৈকে য
ত নেকি আমাৰ শৈশৱৰ বহুতো স্মৃতি-বিস্মৃতি জড়িত হৈ আছে । আহিলো, সি আগৰে পৰাই নদীখনৰ পাৰত বহি আছিল । কিছু সময় মোৰ ফালে চাই থাকিল, বুজিলো ২৫ বছৰ আগৰ চেহেৰাৰ লগত মোক তুলনা কৰিছে । এটা শব্দই মাথো কলে জয়ন্ত’, মই মুৰ দুপিয়ালো । অনুমানতে মোক মইবুলি ধৰিছে নিশ্চয়, তাতে আকৌ ১০ মিনিট আগতে এবাৰ মোবাইলতো যোগাযোগ হৈছিল । মইতো তাৰ চেহেৰাটো, টিভি, বাতৰি কাকত আদিত দেখিয়েই থাকো ।
আৰু তাৰ পিছতকিমান সময় পাৰ হল কব নোৱাৰো, এনেয়েটো ঘড়ী নিপিন্ধোৱে; তাতে আকৌ পুখুৰীৰ পাৰত বহোতেই মোবইলটোৱো অফকৰি ৰাখিছিলো । কাৰো মুখত কোনো কথা নাই, কিবা কবলৈ একো কথাই দেখোন মোৰ মুখত নাহে । কিনো কম, মোৰ জীৱনটো একেবাৰে গতানুগতিক, সেইখিনি জানিবলৈকে বা শুনিৱলৈকে সি নিশ্চয় মোক ইয়ালৈকে মাতি অনা নাই । অজয়ৰ কথা বহুতো জানো, ব্যস্ততাভৰা জীৱন তাৰ । যোৱা ২৫ বছৰত বহুতো ঘটনা-দুৰ্ঘটনা তাৰ এই ৩৫ বছৰীয়া শৰীৰটোৰে বৈ গৈছে ।
অজয় মোৰ শৈশৱৰ বন্ধু, প্রথম শ্রেণীৰ পৰা চতুৰ্থ শ্রেণীলৈকে একেলগে পঢ়িছিলো । তাৰ জীৱনত হঠাতে অহা ধুমুহা এজাকে আমাৰ ৪ বছৰীয়া বন্ধুত্বত যতি পেলাইছিল, মানে আমি এৰাএৰি হৈছিলো । সেয়া আজিৰ পৰা ২৫ বছৰ আগৰ কথা । ঠিকেই সি মোক পাহৰা নাই, মইতো পাহৰা নাছিলোৱেই । খুব দৃঢ়মনা লৰা আছিল, কল্পনাপ্ৰৱণ আৰু আছিল অত্যন্ত জেদীও । মোৰ দেউতা আৰু এই ঠাইখনৰ বয়োজ্যেষ্ঠ সকলেও সিহঁতৰ বহুতো কথা মোক কৈছিল ।
আমাৰ আজিৰ এই চহৰখনক দুই দশক আগতে সকলোৱে গাঁও বুলিয়েই কৈছিল । কিছু চিহ্ন বোধকৰো এতিয়াও আছে, যেনে এই ৰাজহুৱা পুখুৰীটো । মই ঘৰৰ লৰা ঘৰতেই থাকি বিয়া-বাৰু কৰাই সংসাৰী হলো । পঢ়া-শুনাও মোটামোটি ভাবে আগুৱাই নি চৰকাৰী চাকৰী এটাও পালো, তাকো ঘৰৰ ওচৰতেই । গতিকে বিশেষ চিন্তা-ভাৱনাও নাই, পৰিয়ালটোকো ভালদৰে চোৱা-চিতা কৰিব পাৰিছো । নিজেও ভালদৰে আছো, তথাপিও মাজে মাজে কেতিয়াবা অজয়ৰ কথা মনলৈ নহাকৈ নাথাকে ।
(২)
তাৰ কথাবোৰ আকৌ নতুনকৈ ভাবিব ধৰিলো । কি হোৱা নাই তাৰ এই জীৱনটোত । স্কুলত অজয়ে পঢ়া-লিখাত খুব নাম কৰিছিল । তাৰ দেউতাক পোষ্ট অফিচৰ পোষ্ট মাষ্টৰ আছিল । মাকজনী বুদ্ধিমতী আৰু বেছ উদাৰমনা আছিল । আৰু তাৰ বায়েকজনী
, কি যে মৰমীয়াল । ইমান মৰমীয়াল বায়েকজনীৰ বাবে অজয়ৰ ওপৰত মোৰ বৰ হিংসা হৈছিল, কাৰণ আমাৰ মা-দেউতাৰ চাৰিজন সন্তানৰ মাজত মোৰ এজনীও বাইদেউ বা ভন্টী নাছিল । সেয়ে সিহঁতৰ ঘৰলৈ যাবলৈ বৰকৈ আকর্ষিত হৈছিলো, কিমান যে মৰম কৰিছিল তাই আমাৰ দুয়োকে । খেলিছিল আমাৰ লগত, অঙ্ক নোৱাৰিলে বুজাই দিছিল । অজন্তা তাইৰ নাম, আমাতকৈ বহুত ডাঙৰ; বোধকৰো আমি চতুর্থ শ্রেণীত পঢ়ি থাকোতে তাই তেতিয়া হাইস্কুলৰ শেষ পৰীক্ষাটো দিছিল ।
আস ! কি যে সেই ভাললগা কথা আছিল সেইবোৰ । কি কৰিম, নাভাবিলেও দেখোন অজয়ৰ পিছৰ সময়ৰ দুখৰ কথাবোৰ মনলৈ আহিল । জীৱনটো জিনিব পাৰিলোহেতেননে মই অজয়হোৱা হলে । ওহো নোৱাৰো, মই কাহানিবাই এই জনসমুদ্রৰ মাজত অথবা মহাবাহুৰ মাজত বিলীন হৈ গলোহেতেন মই সেই ধাতুৰে গঢ়াই নাই ।
মনলৈ আহিল চানমাৰীৰ সেই ৰেষ্টুৰেন্টখনলৈ, ত এবাৰ অজয়ে দুটামান কাপ ভাঙোতে মালিকে তাক খুব পিটন দিছিল । আৰু পাণবজাৰৰ সেই কিতাপৰ দোকানখনলৈও মনত পৰে যৰ পৰা এবাৰ সি শিশু আলোচনী এখন চুৰি কৰিছিল । তাত তাৰ এটা কবিতা প্রকাশ পাইছিল, তাৰ জীৱনৰ প্রথম প্রকাশিত লিখনি । ধৰা পৰাৰ পিছত দোকান খনৰ কর্মচাৰীজনৰ কোব খোৱাৰ পৰা ৰক্ষা কৰিছিল এজন ভাল মানুহে, যিজনে সেই শিশু আলোচনীখনৰ প্রকাশনৰ লগত জড়িত আছিল । হয়, বহুতো ভাল মানুহো থাকে এই পৃথিৱীখনত । তাৰ মাজৰে এজন সেইজন যিয়ে অজয়ৰ জীৱনটো গঢ় দিয়াত যথেষ্ট অৰিহণা যোগাইছিল । এই খবৰবোৰ মই গোটাইছিলো পৰ্য্যায়ক্ৰমে অজয় বিখ্যাত হোৱাৰ দিন ধৰি আৰু তাৰ লগত শৈশবত কটোৱা দিনকেইটাৰ কথা ভাবি ভাবি । পিছলৈকে আৰু বহুতো খবৰ পাই থাকিলো, চাকৰী সংক্ৰান্তত কেইবাবাৰো গুৱাহাটী যাব লগীয়া হোৱাত বহুজনৰ লগত সম্পর্কও গঢ়ি উঠিছিল যাৰ লগত অজয়ৰো সম্পর্ক আছিল । অজয়ৰ বাল্যকালৰ বন্ধু বুলি জানি তেওঁলোকৰ পৰা বিশেষ মৰ্য্যদাও পাবলৈ ধৰিলো । মোৰ আকৌ ইয়াৰ মাজত এবাৰলৈ হলেও অজয়ৰ লগত দেখা বা যোগাযোগ হোৱা নাছিল ।
(৩)
২৫ বছৰ আগৰ সেই
ৰেল দুর্ঘটনাটোযিয়ে অজয়ক আজিৰ এই পৰ্য্যায় পোৱালে । চিকিৎসাৰ বাবে অজয়ৰ দেউতাকে আজিৰ চেন্নাই, তেতিয়াৰ মাদ্রাজলৈ মাকক লৈ গৈছিল । ঘৰত সিহঁত হালক মোমায়েকৰ লগত থৈ গৈছিল । অহাৰ বাটত সেই সময়ৰ কোনো মানুহে পাহৰিব নোৱাৰা ৰেল দুর্ঘটনাটোঅজয়ৰ দেউতাকো আন ৪০-৫০ জন লোকৰ সৈতে লগে লগে ঢুকাইছিল, মাকজনীও যথেষ্টখিনি আঘাতপ্রাপ্ত হৈ দুদিনৰ পিছতে ঢুকাই থাকিল ।
ভাবিবলৈ মন নগলেও সিহঁতৰ এই কথাবোৰ হয়তো কেতিয়াও পাহৰিব নোৱাৰিম । অজয় আৰু অজন্তা বাইদেউৰ আলৈ-আথানিৰ অন্ত নাই, সিহঁতক গুৱাহাটীত থকা পেহীয়েকে লৈ গল । পেহীয়েকেহঁতে গাঁৱত থকা ঘৰ-বাৰীবোৰো বিক্রী কৰি পেলালে । অজয়ক আমাৰ স্কুলৰ পৰা এৰুৱাই নি গুৱাহাটীৰ স্কুলত নাম লগাই দিলে । ইতিমধ্যে অজন্তা বাইদেৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল । লাহে লাহে পেহীয়েকহঁতেও আগৰ দৰে সিহঁত হালক গুৰুত্ব দিবলৈ এৰিছিল । অজয় আগৰেপৰা দৃঢ়ামনা আছিল বাবে সি তেনেকৈ দেখা-দেখিকৈ ভাগি নপৰিল, কিন্তু সি পেহীয়েকহঁতৰ ওপৰত ক্ষুন্ন হল । অজন্তা বাইদেউক পিছলৈ নিয়ন্ত্রণ কৰিবলৈ নোৱাৰি চৰকাৰী মানসিক চিকিৎসালয়তে ৰখাৰ ব্যৱস্থা কৰিলে । অজয় আৰু অকলশৰী্যা হৈ পৰিল । পেহীয়েক আৰু পেহীয়েকহঁতৰ ঘৰৰ মানুহবোৰো তাৰ ভাল নলগা হৈ আহিল । সি তলে তলে পেহীয়েকৰ ঘৰ এৰিবলৈ চল চাই থাকিল । হয়তো অকলে অকলে সি এদিন এজন ভাল আৰু ডাঙৰ মানুহ হবলৈ ইচ্ছা কৰিছিল ।
কাম বিচাৰি বিচাৰি এদিন চানমাৰীৰ এখন ৰেষ্টুৰেন্টত কাম কৰিবলৈ পোৱাত আৰু লগতে আন আন কাম কৰা লৰাবোৰৰ লগত থকাৰো ব্যবস্থা হোৱাত সি পেহীয়েকহঁতৰ ঘৰৰ পৰা একেবাৰে গুছি আহিল । পেহীয়েকহঁতে বিচাৰ-খোচাৰ কৰিলে, অজয়ৰ খবৰো পালে কিন্তু দেখি-শুনি আৰু তাক তাৰ পৰা লৈ আহিবলৈ চেষ্টা নকৰিলে । আজিৰ নিচিনাকৈ চানমাৰীত তেতিয়া ইমান ভিৰ নাছিল, ওচৰতে এখন নৈশ বিদ্যালয়ো আছিল । পঢ়াৰ ধাউতিয়ে তাক কিতাপ-কাগজৰ পৰা এৰুৱাই আনিব পৰা নাছিল । দিনত কাম কৰি ৰাতি সি নৈশ বিদ্যালয়ত পঢ়িছিল । মালিকে যিখিনি সা-সুবিধা আৰু টকা-পইচা দিছিল তাৰে হয়তো মোটামোটি ভাবে পঢ়াৰ খৰচ যোগাব পৰা গৈছিল ইয়াৰ মাজে-মাজে দুই-এটা ঘটনা নঘটাও নহয় । কেতিয়াবা কাপ-প্লেট ভাঙে আৰু মালিকে দৰমহাৰ পৰা মূল্যটো কাটি ৰাখে । এদিন আবেলি স্কুললৈ যোৱাৰ সময়ত দৌৰা দৌৰিকৈ বাচন কেইটা ধুই থাকোতে কেইবাটাও ভাঙিল । সেইদিনা আৰু তাৰ স্কুল যোৱা নহ, পিটনো খালে খুব ।
সেই ৰেষ্টুৰেন্টখনৰ মালিক এতিয়াও জীৱিত, বুঢ়া হৈছে । অজয়ক আজিকালি খুব সমীহ কৰি চলে আৰু খুব মৰম কৰে । যি কি নহওক তেওঁ সুবিধাখিনি নিদিয়াহলে হয়তো অজয়ে আজিৰ এই পৰ্য্যায় নাপালেহেতেন । বিশেষকৈ কিতাপ বোৰ মালিকেই যোগান ধৰিছিল, কিয়নো তেওঁৰ পুত্রই অজয়তকৈ দুই শ্রেণী ওপৰত পঢ়িছিল আৰু তাৰ পুৰণি কিতাপবোৰ তাক পঢ়িবলৈ দিছিল কথাবোৰ জনাৰ হেপাহত এদিন ময়ো সেই ৰেষ্টুৰেন্টখন আৰু মালিকজনক বিছাৰি উলিয়াইছিলোগৈ । ৰেষ্টুৰেন্টখনৰ মালিকে অজয়ৰ ওপৰত কৰা অত্যাচাৰ বোৰৰ কথা ভাবি অনুতপ্ত হৈ মোক এদিন এই কথাবোৰ কৈ কান্দি পেলাইছিল ।
(৪)
অজয়ে এনেকৈয়ে পঢ়াত আগুৱাই গৈছিল
, সি স্কুলৰ ফাৰ্ষ্ট বয়আছিল । ৰেষ্টুৰেন্টখনৰ ওচৰতে থকা কিতাপ দোকানখনৰ কিতাপবোৰত সি মাজে মাজে চকু ফুৰায় । চিনাকি থকা বাবে কেতিয়াবা দুই-এখন হাতত নোলোৱাও নহয় । তাৰ খুব ভাল লাগে বিশেষকৈ সেই সময়ত এজন স্বনামধন্য সাহিত্যিকৰ সম্পাদনাত প্রকাশ পোৱা এখন শিশু আলচনী । কিনি আনি পঢ়িব খোজে, কিন্তু খৰচ কৰিব পৰাকৈ তাৰ হাতত পইচা নাথাকে । যি কেইটা টকা হাতত ৰয় সেইকেইটাৰে স্কুলৰ বহী, কাগজ, কলম কিনিবলৈ নোযোৰেগৈ । মাজে মাজে সি দুই এটা কবিতাও লিখে আৰু লগৰবোৰকো দেখুৱায়; তেতিয়া সি অষ্টম শ্রেণী পাইছিলগৈ । ইমান দুখৰ মাজতো তাৰ হাঁহি উঠে যেতিয়া কবিতাবোৰ তাৰ লগতে কাম কৰা লৰাবোৰে বুজিব নোৱাৰি ভেবা লাগি চাই থাকে । আলোচনীখনত সি দেখে তাৰ বয়সৰ বহুতৰে লেখা । অজয়ৰো বৰ মন গল তাত সি লিখা কবিতা এটা প্রকাশ হোৱাটো চাবলৈ । ঠিকনাটো সি পঢ়ি জানি ললে আৰু এদিন সি লিখা কবিতা এটা পানবজাৰৰ ঠিকনা থকা সেই কিতাপৰ দোকানখনলৈ লৈ গ, তাতে বহি থকা মানুহজনৰ হাতত দিয়ো আহিল ।
পিছৰ সংখ্যাটো ওলোৱালৈ সি বাট চাই ৰল । কেইদিনমান পিছত কিবা এটা কামত মালিকে পানবজাৰলৈ অজয়ক পঠিয়াইছিল আৰু গৈ থাকোতে সেই কিতাপৰ দোকানখন দেখি সন্মুখত ৰল । সি দেখিলে শিশু আলোচনীখনৰ নতুন সংখ্যা এটা সন্মুখভাগতে ওলোমাই থৈ দিয়া আছে । সি ৰৱ নোৱাৰি হাতত লৈ মেলি চালে আৰু সঁচাকৈ তাৰ কবিতাটো তাতে প্রকাশ পাইছিল । উৎফুল্লিত হৈ তাৰ চিঞৰি দিবলৈ মন গল । আলোচনীখন তাৰ নিজৰ কৰি ৰাখিব বিছাৰিছিল । পকেটত কিন্তু এটকা এটাহে আছে । মনটো নৰ, বোধকৰো তাৰ জীৱনৰ প্রথম আৰু শেষ বেয়া কামটো কৰিবলৈ মন মেলিছিল । সাধাৰণ ভিৰ এটাৰ সুযোগ লৈ সি আলোচনীখন চুৰ কৰি পিন্ধি থকা চোলাৰ তলত ভৰাইছিল । দোকানৰ কৰ্মচাৰীজনৰ চকুত পৰিল আৰু তাক লগে লগে ধৰা পেলালে দাবি-ধমকি দি উঠি অজয়ক মাৰিবলৈ উদ্যত হওঁতে সেই ভালমানুহজন আগবাঢ়ি আহি তাক ৰক্ষা কৰিছিলসেই ভালমানুহ প্রকাশক জনে নিশ্চয় অজয়ৰ এটা উজ্বল ভৱিষ্যত দেখিছিল ।
(৫)
তাৰ পিছত তাৰ মানসিক অৱস্থাটোৰো কিছু পৰিবৰ্তন দেখা গৈছিল । যদিও সি চানমাৰীৰ সেই ৰেষ্টুৰেন্টখনতে কাম কৰি আছিল
, প্রকাশকজনৰ লগত মালিকৰ কি জানো আলোচনা হৈছিল; তাক আৰু কাম কৰিবলৈ জোৰ নকৰিছিল । ইমানবোৰৰ মাজতো সি কেতিয়াও বায়েকজনীৰ কথা পাহৰা নাছিল । কিন্তু কি কৰিব সি অকলে, সপোন পুহি ৰাখিছিল যিমান পাৰে সোনকালে কিছু উপার্জন কৰি বায়েকজনীৰ ভাল চিকিৎসা কৰাবলৈ । প্রকাশকজনৰ কৃপাত সি দুবাৰমান মানসিক চিকিৎসালয়খনলৈ গৈ বায়েকজনীক চায়ো আহিলেগৈ । চকুপানী টোকাৰ বাদে একো কৰিবৰ নহল ।
বুদ্ধি-বৃত্তি থকা লৰা । ভাল মানুহ জন পাই সি ভাল নম্বৰ লৈ এদিন ভাল কলেজ এখনত চীটও ললে । পিছলৈ আৰু ঘুৰি চাব নালাগিল, ভাল বৃত্তি এটাও পালে, হোষ্টেলৰ থাকিবৰ সা-সুবিধাও পালে । তাৰ মাজতে টিউচন কৰি পঢ়াৰ খৰচো উলিয়াইছিল । ইতিমধ্যে তাক সমাজখনেও চিনিব ধৰিছিল, লিখা-মেলাৰ ক্ষেত্ৰত সেই কম বয়সতে বহুতো নাম কৰিছিল ।
কেইবাখনো কিতাপ লিখি সি ইতিমধ্যে জনপ্রিয় হৈ পৰিছিল । কলেজৰ শিক্ষা শেষ কৰি বিশ্ববিদ্যালয়তো শিক্ষা সমাপ্ত কৰি্লে । কলেজ এখনত সি প্রবক্তা হিছাপে অতি সোনকালে যোগদানো কৰিলেপিছলৈ শুনিবলৈ পাইছিলো বায়েকৰ উন্নত চিকিৎসাৰ বাবে সি এতিয়া যিমান পাৰি কৰিবলৈ লৈছে ।
… … …
জয়ন্ত” … হঠাৎ তাৰ মাতত সম্বিত ঘুৰাই পালো
সি কি কয় বাট চাই ৰলো ।
এই ঠাইখন পাহৰিব নোৱাৰো অকেতিয়াও, মোৰ জীৱনৰ যিখিনি ভাল লগা আছে সেইখিনি ইয়াতে জড়িত হৈ আছে, তইতো নিশ্চয় জান আমাৰ কথাবোৰ

দীঘলিয়া উশাহ এটা লৈ আকৌ ক
বলৈ আৰম্ভ কৰিলে অজন্তা বাইদেউ বুঢ়ী হৈ গৈছে অ’, আগতে ভালকৈ চিকিৎসা কৰাব পাৰিলে কিজানি দুটামান দুখৰ কথাকে বেছিকৈ পাতিব পাৰিলোহেতেন । বাইদেউয়ে আজিকালি দুই-এটা পুৰণি কথা মনত পেলাবলৈ লৈছে । তাই আগতকৈ অলপ সুস্থিৰো হৈছে, কিন্তু শৰীৰটো বৰ দুর্বল । তোৰ কথা সুধিছিল মোক
অজয়ে মোৰ চকু্ত চকু থৈ কলে
বাইদেউৰ ওচৰত অঙ্ক শিকিবলৈ যাৱ যদি ওলাবি কাইলৈ ৰাতিপুৱা । ডাক্তৰে কৈছে তাই আৰু বেছিদিন জীয়াই নাথাকে
হুকহুকাই কান্দি উঠিল অজয়ে


(দিগন্ত যাদৱ শর্মা)
(xahitya.org  June 15, 2012 ত প্রকাশিত)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)