Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

মাজনিশাৰ যৌৱন (কবিতা)



*** মাজনিশাৰ যৌৱন ***

মাজনিশাৰ যৌৱন
কিড চ্ঢ্ৰীটৰএখন হোটেলত
তুমি আৰু মই,
পোহৰৰ অগোচৰতো
নহল এবাৰো ছন্দপতন
হয়, ইয়াৰে নাম যৌৱন;
তীব্ৰতাৰ যেন প্ৰকাশ ঘটে মাজনিশা,
কেব’ল টিভিৰ নিচাও নোহোৱা হয়
অন্তৰাত্মাৰ গভীৰতাৰ মাজতো
কথোপকথন ঘটে যৌৱনৰ
দেৱালৰ ঘড়ীটোৰো টিক্ টিক্ ধ্বনি
এবাৰলৈও যেন কাণত পৰা নাছিল
আছিলো কেৱল ব্যস্ত
সুন্দৰৰ আৰাধনাত
পখী হৈ উৰি যাবৰো মন নাছিল
এনে লাগিছিল,
থাকিম যেন ওৰেটো জীৱন
বন্দী হৈ এটা সজাতে
মাজনিশাৰ যৌৱন,
কিড চ্ঢ্ৰীটৰ এখন হোটেলত
(২৯-১২-২০০৩, কলকাতা)

দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)