Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

শব্দ (কবিতা)


***শব্দ***
শব্দবোৰে হাঁহাঁকাৰ কৰি উঠে,
প্রস্ফুটিত হ’ব নোৱাৰাৰ বেদনাত ছাটি-ফুটি কৰে
হয়, ভুলটো আছিল মোৰে
শব্দবোৰ যে ওলাব বিছাৰিছিল বহু আগয়ে ;
বন্ধ কৰি থৈছিলো (মই) ঘোট ম’ৰা আন্ধাৰ কোঠালী এটাত
মৰহীয়ে গ’ল বহুতো শব্দ,
বিছাৰি ফুৰিলেও হয়তো কাহানিও নাপাম;
কিয় যে নিদিলো (মই) প্রস্ফুটিত হ’বলৈ শব্দবোৰক...
আফছোচ্... আফছোচ্...
লাভ আছে নেকি বন্ধু এইবোৰ ভাবি ভাবি এতিয়া,
নহ’লে দিয়াহে (মোক)বন্ধু উপায় এটাকে;
বৰ মন গৈছে শব্দবোৰক প্রস্ফুটিত কৰি গঢ়িবলৈ ।
পলম যে হৈ গ’ল বন্ধু, বহুত পলম...
সময়ৰ কাম সময়ত নকৰিলে এই দশাই হয় (মোৰ) বন্ধু ।।

--- দিগন্ত যাদৱ শৰ্মা ২৯/০৫/২০১২

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)