Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

গণনা (অনুভৱ)



***গণনা***

আজি পুৰণি বাকচ এটা খোঁচৰি থাকোতে আমি প্রাথমিক বিদ্যালয়ত পঢ়া ‘গণনা-শিক্ষা’ ৰ কিতাপ এখন পালো । উৱলি গৈছে বহুকেইটা পৃষ্ঠাও নাই, আনুমানিক ৩০ বছৰৰো অধিক কাল আগৰ প্রকাশিত যেন লাগে । মনত পেলাই দিলে সোণাৰু গছ এডালৰ তলত চিঞৰি চিঞৰি নেওঁতা পঢ়া দিনবোৰৰ কথা । কিতাপখনত থকা পৃষ্ঠাকেইটা লুটিয়াই চাই থাকোতে সৰু্তে স্কুলত মুখস্থ কৰিবলগীয়া হোৱা পাঠ এটাত চকু পৰিল । এইবোৰ আজিকালি লাগে নে নালাগেই নিশ্চিত নহয় । পাঠটোৰ নাম “শতকীয়া ডাঙৰ সংখ্যা” আৰু ঠিক তলত উল্লেখ কৰা ধৰনৰ-

এক শত শূন্যে       ... এক হাজাৰ
এক হাজাৰত শূন্যে    ... এক অযুত
এক অযুতত শূন্যে     ... এক লাখ
এক লাখত শূন্যে      ... এক নিযুত
এক নিযুতত শূন্যে     ... এক কৌটি
এক কৌটিত শূন্যে     ... এক অৰ্ব্বুদ
এক অৰ্ব্বুদত শূন্যে     ... এক বৃন্দ
এক বৃন্দত শূন্যে      ... এক খৰ্ব্ব
এক খৰ্ব্বত শূন্যে      ... এক নিখৰ্ব্ব
এক নিখৰ্ব্বত শূন্যে    ... এক শঙ্খ
এক শঙ্খত শূন্যে      ... এক পদ্ম
এক পদ্মত শূন্যে      ... এক সাগৰ
এক সাগৰত শূন্যে     ... এক অন্ত্য
এক অন্ত্যত শূন্যে      ... এক মধ্য
এক মধ্যত শূন্যে      ... এক পৰাৰ্দ্ধ
(এক পৰাৰ্দ্ধ = ১০০০০০০০০০০০০০০০০০)

--দিগন্ত যাদৱ শৰ্মা--

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)