Posts

Showing posts from May, 2018

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

স্মৃতিৰ পটত বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা

Image
কেইবাবছৰো ধৰি যেতিয়া ঘৰৰ বাহিৰত চাকৰি কৰিবলগীয়া হয় , তেতিয়া জীৱনটোত বহুতো তিতা-মিঠা অভিজ্ঞতাৰ স্মৃতি ৰৈ যায়। পিছত বৰ ভাল লাগে ৰোমন্থন কৰি। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰেৰে আড্ডাও জমি উঠে। নিজৰ বন্ধু-বান্ধব , ল ’ ৰা-ছোৱালী বোৰৰ লগতো এই ঘটনাবোৰৰ আনন্দ লভিব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিছে যে সময়ে সময়ে এই ‘ জমনি ’ কথাবোৰ লিখি নাৰাখিলোঁ কিয় , কাৰণ বহুতো কথা পাহৰণিৰ গৰ্ভত সোমাই গ ’ ল। বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰ জিলাত চাকৰি কৰি থকা বছৰ কেইটাৰ কথা কেতিয়াও পাহৰি যাব নোৱাৰিম। ডঙুৱা জীৱনৰ আমেজেই বেলেগ , জনাই জানে। আমিতো জানোৱেই , আজিৰ তাৰিখত ডঙুৱা হৈ থকাবোৰে পিছত আৰু ভালকৈ জানিব। ৰন্ধা-বঢ়াৰে পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবোৰত কিমান ধৰণৰযে অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষা! ৰাতি এপৰলৈকে ‘ ব্ৰীজ ’ নহ ’ লে ‘ ২৯ ’ । দেওবাৰৰ দিনটোৰ কথাটো ক ’ বই নালাগে! সময়ৰে নাটনি হৈ যায় , এনে ভাৱ হয়- “ এস , ইমান সোনকালে ৰাতি ১ টা বাজিলেনে ”, কাৰণ পিছদিনা আকৌ ৬-৭ বজাত উঠি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব নহয়! ’ প্রথমে শিলচৰলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে কেইজনমান বঙালী বন্ধুৰ কৃপাত অলপ অচৰপ বঙালী ভাষাটো আ