Posts

Showing posts from 2018

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

শাৰদীয়া অনুভৱ

(অম্বিকাগিৰী নগৰ সার্বজনীন শ্রীশ্রীদুৰ্গা পূজা উদযাপন সমিতিৰ স্ম্রৃতিগ্রন্থ "ধৰিত্রী" ১৯৪০ শক, ২০১৮ চনত প্রকাশিত) সেমেকা আহিনৰ আমোলমোল শেৱালি ফুলৰ সুঘ্ৰাণ লৈ ভৰিৰ তলৰ স্নিগ্ধ দুৱৰিৰ পৰশত ৰং - বিৰঙৰ বেলুন , পুতলা লৈ অহা শাৰদীয়া দুৰ্গোৎসৱে শিশুৰ পৰা বৃদ্ধলৈকে নাৰী - পুৰুষ সমন্বিতে সকলোৰে মনবোৰ অকণমান হলেও উৎফুল্লিত ক ৰি তোলে ।   শৰতৰ বিশাল নীলা আকাশখনেও যেন বসুন্ধৰালৈ এই সময়চোৱাতেই অনেকজনলৈ আশাৰ বতৰা কঢ়িয়াই আনে । আমাৰ দেহ মনতো এক সুকোমল শান্তিৰ নিজৰা বোৱায় । দুৰ্গা পূজা ভাৰতবৰ্ষৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ ।   শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱকে দুৰ্গা পূজা বুলি কোৱা হয় । পূৰাণত দুৰ্গা শব্দটোৰ বাখ্যা কৰা হৈছে এনেদৰে - “ যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব ” । হিন্দু শাস্ত্ৰ মতে শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী হৈছে দুৰ্গা দেৱী । ভাগৱতত   শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে । দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ ' ল   সতী , পাৰ্বতী , কৌশিকী , নন্দা , ভ্ৰামৰী , সাকম্ভৰী , কালিকা , ৰক্তদণ্ডিকা , ইত্যাদি । দুৰ্গা দেৱীৰ

স্মৃতিৰ পটত বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা

Image
কেইবাবছৰো ধৰি যেতিয়া ঘৰৰ বাহিৰত চাকৰি কৰিবলগীয়া হয় , তেতিয়া জীৱনটোত বহুতো তিতা-মিঠা অভিজ্ঞতাৰ স্মৃতি ৰৈ যায়। পিছত বৰ ভাল লাগে ৰোমন্থন কৰি। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰেৰে আড্ডাও জমি উঠে। নিজৰ বন্ধু-বান্ধব , ল ’ ৰা-ছোৱালী বোৰৰ লগতো এই ঘটনাবোৰৰ আনন্দ লভিব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিছে যে সময়ে সময়ে এই ‘ জমনি ’ কথাবোৰ লিখি নাৰাখিলোঁ কিয় , কাৰণ বহুতো কথা পাহৰণিৰ গৰ্ভত সোমাই গ ’ ল। বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰ জিলাত চাকৰি কৰি থকা বছৰ কেইটাৰ কথা কেতিয়াও পাহৰি যাব নোৱাৰিম। ডঙুৱা জীৱনৰ আমেজেই বেলেগ , জনাই জানে। আমিতো জানোৱেই , আজিৰ তাৰিখত ডঙুৱা হৈ থকাবোৰে পিছত আৰু ভালকৈ জানিব। ৰন্ধা-বঢ়াৰে পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবোৰত কিমান ধৰণৰযে অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষা! ৰাতি এপৰলৈকে ‘ ব্ৰীজ ’ নহ ’ লে ‘ ২৯ ’ । দেওবাৰৰ দিনটোৰ কথাটো ক ’ বই নালাগে! সময়ৰে নাটনি হৈ যায় , এনে ভাৱ হয়- “ এস , ইমান সোনকালে ৰাতি ১ টা বাজিলেনে ”, কাৰণ পিছদিনা আকৌ ৬-৭ বজাত উঠি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব নহয়! ’ প্রথমে শিলচৰলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে কেইজনমান বঙালী বন্ধুৰ কৃপাত অলপ অচৰপ বঙালী ভাষাটো আ