Posts

Showing posts from June, 2017

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

প্ৰকৃতিৰ নৃত্য-পটীয়সী

Image
অতীজৰে পৰাই মানুহে আবেগজনিত আৰু অন্যান্য কাৰণত অঙ্গ - প্ৰত্যঙ্গৰ সঞ্ছালনৰে বিভিন্ন ভঙ্গিমা প্ৰকাশ কৰিছিল । কালক্ৰমত অঙ্গ - প্ৰত্যঙ্গৰ সঞ্ছালনা আৰু বিভিন্ন অংগী - ভঙ্গীৰ আৰ্হিত প্ৰকাশ কৰা ভঙ্গিমাবোৰেই সমাজ , সংস্কৃতি আৰু সময়ৰ সৈতে পৰিবৰ্তনৰ ৰূপ লয় আৰু ইয়ে হৈ পৰে নৃত্য । আদিম অবস্থাত নিশ্চয় নৃত্যৰ বিষয়বস্তু আছিল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ । ক্ৰমে নৃত্যই সমাজৰ বিভিন্ন কৃষিভিত্তিক উংসৱত সোমাই পৰে । সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত নৃত্যৰ আমুল পৰিবৰ্তন ঘটিছে । প্ৰকৃতিৰ লগত ওতপ্ৰোতঃভাবে জড়িত নৃত্যসমূহৰ অঞ্চলভেদে সুকীয়া বৈশিষ্ট আছে । বহুতো নৃত্যত প্ৰকৃতিৰ বিভিন্ন ৰূপ তথা জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপন দেখা যায় । আমাৰ সমাজ জীৱনত ধৰ্মীয় লোকবিশ্বাস বা পূজা - পাতলক কেন্দ্ৰ কৰি ধৰ্মীয় নৃত্যও দেখা যায় । অর্থাৎ প্ৰাচীন কালৰে পৰাই নৃত্য - কলাৰ প্ৰচলন হৈ আহিছে । এই নৃত্যধাৰা লাহে লাহে আধুনিক মঞ্চলৈ ওলাই আহে । ইয়াৰে কিছুমান নৃত্য পৰাম্পৰাগতভাবে কিছু লোকৰ মাজতে আৱদ্ধ আ