Posts

Showing posts from 2017

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

এটা কুকুৰাৰ মৃত্যুত

শিৰোনামাটো আচহুৱা যেন লাগিছে নিশ্চয়। লাগিবই। দৈনন্দিন কিমানৰ ঘৰত, বিশেষকৈ উৎসৱ, পাৰ্বণ, দেওবা ৰ, বন্ধৰ দিনত, দৈনিক বজাৰত, সন্ধিয়া তিনিআলিটোৰ মুৰত কিমান যে কুকুৰা চ ৰাইৰ বিনাশন হৈ থাকে তা ৰো হিচাপ কোনোবাই ৰা খিছে নে? এয়া অৱেশ্যে নিন্তান্তই খাদ্য হিচাপেহে বধ কৰা হয়। আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় মাংসসাৰ , খাদ্যপ্ৰাণ ৰ প্ৰয়োজন পূৰণৰ বাবেহে। দৈনিক অগণন কুকুৰা ৰ প্ৰাণনাশ চলি থাকিলেও ইয়াত বিশেষ “এটা কুকুৰা ৰ মৃত্যু”ৰ বিষয়েহে লিখিবলৈ লৈছো। খাবলৈ অনা কুকুৰা এটাৰ মৃত্যুও সচাকৈয়ে এক বিষাদৰ কাৰণ হ'ব পাৰে।   লিখিবলৈ লোৱা কুকুৰা টোৰ মৃত্যু হোৱা ঘটনাটো কেইবামাহো আগ ৰ যদিও কুকুৰা টোৰ এমাহজোৰা সান্নিধ্যই আমাৰ ছোৱালীজনীক মাজে মাজে আমনি দি থাকিবলৈ যথেষ্ট। তাই এতিয়াও কিছুমান মুহূৰ্তত আমাক কুকুৰাটো ৰ কথা মনত পেলাই অলপ হলেও ব্যথিত কৰি তোলে। কুকুৰা কোনোদিনে পুহি পোৱা না ছিলো । কিন্তু কুকুৰা ৰ কণী আৰু মঙহ মনত থকা দিনৰে পৰাই ভক্ষণ কৰি আহিছো। আমাৰ পৰিয়ালৰ কনিষ্ঠ তম সদস্যৰ মুখৰ পৰাও এই দুয়োবিধ নিস্তাৰ পোৱা নাই। যি নহওক ঘটনাটো আপোনালোকক কৈ লও। এটা দেওবাৰৰ ৰাতিপুৱা। টোপনিৰ মজা লৈছো। হঠাত ও

প্ৰকৃতিৰ নৃত্য-পটীয়সী

Image
অতীজৰে পৰাই মানুহে আবেগজনিত আৰু অন্যান্য কাৰণত অঙ্গ - প্ৰত্যঙ্গৰ সঞ্ছালনৰে বিভিন্ন ভঙ্গিমা প্ৰকাশ কৰিছিল । কালক্ৰমত অঙ্গ - প্ৰত্যঙ্গৰ সঞ্ছালনা আৰু বিভিন্ন অংগী - ভঙ্গীৰ আৰ্হিত প্ৰকাশ কৰা ভঙ্গিমাবোৰেই সমাজ , সংস্কৃতি আৰু সময়ৰ সৈতে পৰিবৰ্তনৰ ৰূপ লয় আৰু ইয়ে হৈ পৰে নৃত্য । আদিম অবস্থাত নিশ্চয় নৃত্যৰ বিষয়বস্তু আছিল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ । ক্ৰমে নৃত্যই সমাজৰ বিভিন্ন কৃষিভিত্তিক উংসৱত সোমাই পৰে । সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত নৃত্যৰ আমুল পৰিবৰ্তন ঘটিছে । প্ৰকৃতিৰ লগত ওতপ্ৰোতঃভাবে জড়িত নৃত্যসমূহৰ অঞ্চলভেদে সুকীয়া বৈশিষ্ট আছে । বহুতো নৃত্যত প্ৰকৃতিৰ বিভিন্ন ৰূপ তথা জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপন দেখা যায় । আমাৰ সমাজ জীৱনত ধৰ্মীয় লোকবিশ্বাস বা পূজা - পাতলক কেন্দ্ৰ কৰি ধৰ্মীয় নৃত্যও দেখা যায় । অর্থাৎ প্ৰাচীন কালৰে পৰাই নৃত্য - কলাৰ প্ৰচলন হৈ আহিছে । এই নৃত্যধাৰা লাহে লাহে আধুনিক মঞ্চলৈ ওলাই আহে । ইয়াৰে কিছুমান নৃত্য পৰাম্পৰাগতভাবে কিছু লোকৰ মাজতে আৱদ্ধ আ