Posts

Showing posts from August, 2016

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সুখ-দুখৰ ভাবৰ বুৰবুৰণি (প্রবন্ধ)

কেতিয়াবা সৰু সৰু কথা কিছুমানে বহু সময়লৈ মনটোক বিষাদগ্ৰস্ত কৰি ৰাখে। একোখন অচিনাকি মুখে বহু সময়লৈ মনটোক আমনি কৰি থাকে। তাতে যদি দিনটোৰ আৰম্ভণিতে এনে হয় তাৰ পিছৰে পৰা কোনো কামতে মন বহুৱাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। আমি বহুতেই ইয়াক উপলব্ধি কৰো। বোধকৰো বহুতে কৈ দিব -“ ধেৎ এইবোৰ কথা হ ’ ল নেকি ? তোমাৰতো একো লোকচান হোৱা নাই। আৰু ইফালে তেওঁ হয়তো এইবোৰ কথা একো ভবাই নাই। হ ’ ল হ ’ ল আৰু। তুমি নিজকে ‘ চেন্টিমেন্টেল ফুল ’ কিয় সজাইছা। ” হলেও উপাই নাই ! নাভাবিম বুলিও বিষাদৰে ভৰা সেই বিশেষ মুখখনে অথবা কথাবোৰে মাজে মাজে আমনি কৰি থাকে। কেতিয়াবা আকৌ কোনো এটা ভাল লগা ঘটনাই মনটোক আনন্দময় কৰি তোলে। বিষাদবোৰ আতঁৰাই পেলাই। সন্ধিয়া ঘৰলৈ খোজ লৈয়ে কথাবোৰ ভাবি ভাবি মনটো ভাল লাগি যায়। অলপ খৰছ কৰি হলেও পৰিয়াল অথবা প্ৰিয়জনৰ বাবে হাতত কিবা এটা লৈ একেলগে উপভোগ কৰিবলৈ মন যায়। অথচ দিনটোৰ এই গোটেই ঘটনাৰাজিৰ সৈতে ব্যক্তিগতভাবে কোনো লাভ - লোকচানৰ কথা জড়িত হৈ নাথাকে। জীৱনটো বহুতো খলাবমা আৰু ছন্দোময় গতিৰে ভৰা। জীৱনৰ প্ৰতি খোজতে নিজৰ , চিনাকি - অচিনাকি লোকৰ সুখ - দুখ , আনন্দ - বিষাদ এইবোৰেৰেই ভৰি থাকে। আৰু এই চিন

শান্তিৰ উপসৰ্গ (চুটিগল্প)

           শান্তি ! আমাৰ সকলোৰে হেঁপাহৰ এটা শব্দ ! দেহ , হিয়া , মন , প্ৰাণ পুলকিত কৰা এটা মিঠা অনুভৱ ! আজিৰ এই দুখ অশান্ত জৰ্জৰ সমাজখনত শান্তি আহিবনে কেতিয়াবা ? আজিকালি অমল বেজবৰুৱাই এইবোৰেই ভাবি থাকে। আচলতে বহুদিন ধৰি মুখামুখি হৈ থকা অশান্তিবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে। সম্বন্ধবোৰৰ মাজতো যে কিমান ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে আজিকালি ! সম্বন্ধ শব্দটোৰ লগতো যে কিমান ধৰণৰ অৰ্থ নিহিত হৈ থাকিব পাৰে ! অমলে মনতে লেখি চাইছিল। নিজৰ পঞ্চাশ বছৰীয়া জীৱনটোত শান্তিৰ সৈতে সম্বন্ধবোৰৰ সংগতি যোগ - বিয়োগ কৰি চাইছিল। স্বাৰ্থপৰতা , কুটিলতা , অসততা , অসাধুতা , ধূৰ্ততা ইত্যাদি ইত্যাদি …. কিমান ধৰণৰ যে অশান্তিৰ সৈতে সম্বন্ধবোৰ বন্ধা আছে ! অৱশ্যে ইয়াৰ মাজতো কিছু হ ’ লেও সাধুতা , সৰলতা , সততাৰ লগত শান্তিৰ সম্বন্ধ আছে ! বেজবৰুৱাৰ জীৱনতো যেন সম্বন্ধসমূহত আউল লাগিছে। শেহান্তৰত নিজ পৰিয়ালৰ মাজতে অশান্তি এখনৰ সৃষ্টি হৈছে। নিজৰ অতি ওচৰৰ লোক কিছুমানৰ অপকৰ্ম ইমান নিম্নস্তৰলৈ নামি গৈছেনে ? নিজৰ বাবে , নিকটাত্মীয় সকলৰ বাবে শান্তি ঘূৰাই আনিবলৈ তেওঁ চেষ্টা নকৰা নহয় ! কিন্তু ইমানখিনি চেষ্টা কৰাৰ পিছতো আজিলৈকে

পুণ্য অৰ্জনৰ ভোক (চুটিগল্প)

“ তেওঁলোকৰ ইমান ভোক লাগেনে ? চোৱাচোন কেনেকৈ সৰু ল ’ ৰাটোৱে জাবৰৰ দ ’ মটোৰ পৰা বস্তু বিচাৰি খাইছে! দেউতা তেওঁলোকে কিয় কাম নকৰে ? দেউতা কুকুৰটো চোৱাচোন। ইমান মৰমলগা! তেওঁলোক মন্দিৰৰ সন্মুখতে কিয় বহি থাকে ? দেউতা তেওঁলোক কিয় পথৰ ওপৰত শুই থাকে ? দেউতা বলানা আমিও মন্দিৰৰ ভিতৰলৈ যাওঁ। দেউতা ভগবান আছে নে নাই ? ভগবান ক ’ ত থাকে ? মন্দিৰত থাকে নেকি ?” ভগবানে তেওঁলোকক খোৱাবস্তু নিদিয়ে নেকি ?       দেওবাৰৰ দিনটোত সাত বছৰীয়া ইমনৰ ইমানবোৰ প্ৰশ্নৰ সন্মুখিন হ ’ ব বুলি জনা হ ’ লে হয়তো ডেকাই কেতিয়াও পুতেকক ব্ৰহ্মপুত্ৰ নদী দেখুৱাবলৈ নানিলেহেতেন! ইমনে বহুদিনৰ পৰাই ব্ৰহ্মপুত্ৰ চাম চাম বুলি জোৰ দি থকাত ডেকাই লৈ আহিছিল। দুপৰীয়াৰ ভাত খাই ভেটাপাৰাৰ পৰা বাছত উঠি শুক্ৰেশ্বৰ মন্দিৰ পাইছিলহি। তেওঁ ভাবিছিল মন্দিৰটোৰ পাছফালৰ খটখটিৰ পৰাই পুতেকক সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদী দেখুৱাব পাৰিব। আঁকোৰগোজালিৰ বাবেই বাপেকৰ দৰে সিওঁ চিট এটা দখল কৰি আহিছিল। ডেকাই অতিৰিক্ত বাছভাড়া দিব লগা হৈছিল। ইমনে হেপাহ পলুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য্য উপভোগ কৰিলে। জোৰ কৰিছিল যদিও বতৰ বেয়া হোৱাৰ আশংকাত