Posts

Showing posts from July, 2016

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সংগীত :: কাজলী-ভেদেলিহতঁৰ কথাৰে (প্রবন্ধ)

: কেইদিনমানৰ পৰা দেহ মন বৰ ভাল লাগি আছে অ ' । : অ ' বুজিছোঁ ! তাৰ মানে এইকেইদিন তোৰ মুগাটোৱে পেট ভৰাই খাবলৈ পাইছে নহয়নে ? : ও ! বহু দিন বিতুলৰ ককাক ঘৰত নাছিল যে । দহ - বাৰ দিনমান হ ' ল ঘুৰি অহা । তীৰ্থ ভ্ৰমণ কৰিব গৈছিল বোলে । এমাহৰো বেছি দিন ! তেওঁ দৈনিক ৰাতিপুৱাই উঠি বৰ সুন্দৰকৈ বৰগীতবোৰ গায় - “ তেজৰে কমলাপতি পৰভাতে নিন্দ । তেৰি চান্দ মুখ পেখো উঠৰে গোৱিন্দ ।। ” আবেলি হ ' লে আকৌ বিতুলৰ ভনীয়েক তৰাই চোতালত আইতাকৰ লগত বহি বহি গীত গাই থাকে ! মই ৰ ' লাগি শুনিয়েই থাকো । তায়ো নাছিল নহয় কেইবাদিনো । গৰমৰ বন্ধ আছিল বাবে মোমায়েকৰ তালৈ গৈছিল । তায়ো যে কি সুন্দৰকৈ গীতবোৰ যোৰে - “ পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি । আলিত পৰি গীত জোৰে জাক বালিমাহী ……” ইমান শান্ত , কোমল স্বৰৰে গীতবোৰ গাই যে কেতিয়ানো মোৰ ওহাৰখন ভৰি উঠে গমেই নাপাওঁ । পাত্ৰটো ভৰি উঠিলে বিতুলৰ দেউতাকেও বৰ আনন্দ পায় । মোৰ দেহটোত মৰমেৰে হাতো বুলাই দিয়ে । মুগাই