Posts

Showing posts from August, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

নষ্টালজিয়া

               আজিৰ পৰা ত্ৰিশ বছৰৰো অধিক কাল আগতে ছপা আখৰত নিজৰ নাম দেখাটোত এক বুজাব নোৱাৰা আনন্দ আছিল ।   সেইটো যেন নিজৰ বাবে এক উৎসবত পৰিণত হৈছিল ।   সঁচাকৈয়ে এইটো আমাৰ বাবে এক  ' নষ্টালজিয়া ' ।   ত্ৰিশ বছৰৰ আগৰ কেইটামান অপৰিপক্ক হাতৰ প্ৰকাশিত লেখা নিজৰ  ' ব্লগ ' টোত  ' আপলোড '  কৰিলোঁ ।   আজিও অৱশ্যে লিখিবলৈ হাতখন পৰিপক্ক হৈ উঠা নাই ।   সেই ত্ৰিশ বছৰ আগতে য ' ত আছিলো ,  তাতে ৰৈ আছোঁ । বিজ্ঞান জেউতি ১৯শ বছৰ ৪ৰ্থ সংখ্যা আগস্ট ' ৮৪ত প্ৰকাশিত যিয়ে পৃথিৱীত গতিশীলতা আনি দিলে দিগন্ত যাদৱ শৰ্মা দেখাত সাধাৰণ যেন লাগিলেও চকাই আমাৰ অসম্ভৱ কামবোৰকো সম্ভৱ কৰি তুলিছে । ই আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা কিছুমান প্ৰয়োজনীয় আহিলাত ব্যৱহৃত হৈছে । চকাৰ আৱিষ্কাৰ বিজ্ঞান জগতৰ এক উল্লেখযোগ্য ঘটনা । কোনে ক ' ত কেতিয়া চকা আৱিষ্কাৰ কৰিছিল সেইটো এতিয়াও কোনেও সঠিককৈ ক ' ব পৰা নাই । বিশেষজ্ঞ সকলে কয় যে খুব সম্ভৱ পূৱ ইউৰোপৰ মেছ ' প ' টেমিয়াতেই প্ৰথম চকাৰ আৱিষ্কাৰ হৈছিল প্ৰায় ৩৫০০ খৃষ্টপূৰ্বত । প্ৰথমতে চকা তৈয়াৰ হৈছিল তিনিডোখৰ চেপেটা কাঠৰ তক