Posts

Showing posts from July, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

টুং টুং টুং টুং

' টুং ... টুং ...' ' টুং ... টুং ...' অপৰ্ণা শুৱা ঠাইখিনি পোহৰ হৈ উঠিল । মাজে মাজে পোহৰখিনি নোহোৱা হয় । অকণমান পিছত আকৌ ' টুং ... টুং ...' ' টুং ... টুং ...' । আকৌ চাৰি - পাঁচ মিনিটমানৰ বাবে অৰ্পণাৰ মুখমণ্ডল পোহৰ হৈ উঠে । পোহৰখিনি মুখমণ্ডলৰ পৰা আতৰি শোৱা গাৰুটোৰ কাষলৈ গৈ কিছু সময়ৰ বাবে আকৌ আন্ধাৰ হৈ পৰে ।   নিশা এপৰলৈকে বুবুই বহুত ভাবিলে । সময়ত এনেকৈ ভবা হ ' লে কথাই নাছিল । আজি এনেখন হবলৈ সুবিধাই নাপালেহেতেঁন । বিয়াৰ আগৰ কোনো এটা দিনত সৰস আলোচনাত ভাগ লৈ এজনে কৈছিল - : জান নহয় কথাফাকি , যে - “ মেকুৰীটোক প্ৰথম দিনাই এপিটন দিব লাগে । তেহে যদি আগলৈ স্বভাব চৰিত্ৰ ঠিকে - ঠাকে থাকে । ” সময়ত সেইফেৰা কাম কৰি থোৱা নহ ' ল । গতিকে “ খা বাপ্পেকে ভীমকলটো ” । অৱেশ্যে তাৰ বাবে নিজেও ঠিক থাকিব লাগিব । কিন্তু এনেকুৱা হ ' ব বুলি মনলৈ যে এবাৰো অহা নাছিল ! কথাবোৰ ঠিক তেনেকুৱাও নহয় । মুঠতে কিবা নহয় কিবা খেলিমেলি । বুবু , মানে বাপন কলি