Posts

Showing posts from June, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

এটা শল মাছ (চুটিগল্প)

তেওঁ বৰ অসহায় হৈ পৰিল । চেঃ বৰষুণজাকো হঠাতে আহিল । দহ বছৰীয়া পুতেকটোৰ বাবে বৰ চিন্তা হ ' ল । ঘৰৰ পৰা আহোতে ছাটি এটাও আনিবলৈ নহ ' ল ! আচলতে বৰষুণ এজাক যে আহিব ঘৰৰ পৰা আহোতে তাৰ উমানে পোৱা নাছিল । এতিয়া জুন মাহ যদিও বতৰটোৰ বাবে এইকেইদিন উষ্ণতাৰ তাৰতম্য হৈ আছে । বৰষুণত তিতি - বুৰি পুতেকে যদি ছৰ্দি কাহত ভোগে ! স্কুল দেখোন ক্ষতি হ ' ব । পঢ়াবোৰো ৰৈ যাব দেখোন ! পঞ্চম শ্ৰেণীত পঢ়া পুতেকে এইবছৰৰ পৰা ইংৰাজী আখৰকেইটাও শিকিবলৈ পাইছে । দেউতাকৰ কিমান যে কল্পনা ! পুতেকে পঢ়ি শুনি জনা বুজা হ ' ব । ডাঙৰ হৈ সকলোৰে দায়িত্ব ল ' ব । দেউতাকৰ , বংশৰ নাম উজলাব । দেউতাকে ইফালে সিফালে চাবলৈ ধৰিলে ।   কিনো পাব । দুই হাতত দুই মোনা । সোঁহাতত পাচলিৰে ভৰা এটা প্ৰকাণ্ড মোনা আৰু বাওঁহাতে ৰছিৰে বন্ধা দুটা মাটিকঁঠাল আৰু আঙুলি এটাত সুমুৱাই লোৱা অকণমানি বেগ এটাত সাতশ গ্ৰাম ওজনৰ শল মাছ এটা । বৰষুণজাক ডাঙৰকৈ পৰিবলৈ ধৰিলে । বৰষুণৰ বাবে পুতেকে ভালদৰে খোজো দিব পৰা নাই । পথটোৰ দাতিঁত কৰবাত যে আশ্ৰয় ল ' ব পাৰিব তাৰো কোনো সুবিধা নাই । পথটোৰ দুয়োকাষে মাজে মাজে জংগল । কি কৰে ! ইফালে হঠাতে বি