Posts

Showing posts from May, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

প্ৰত্যাৱৰ্তন ১৯৮৫-২০১৫

কিছুমান ভাল লগা ঘটনা বা অনুষ্ঠানত নভবাকৈয়ে জড়িত হোৱা যায় । তাকো ওতপ্ৰোতভাৱে । জীৱনটোৰ বাকি থকা সময়বোৰৰ বাবে সাঁচি ৰাখিবলগীয়া এক মিঠা অনুভৱৰ এটা অনুষ্ঠান । সঁচাকৈয়ে ত্ৰিশ বছৰ বৰ দীঘলীয়া সময় । সম্পূৰ্ণ তিনিটা দশক । সময়বোৰ কেনেকৈ যে পাৰ হয় । লেখাটোৰ আৰম্ভণিতেই কিবা খেলিমেলি সৃষ্টি নাই কৰা নে? নকৰিবই বা কিয়? এক ত্ৰিশ বছৰৰ পৰিক্ৰমা । এই ত্ৰিশ বছৰত পৃথিৱীখনত কিমান যে পৰিৱৰ্তন ঘটিল । নিশ্চয় এই সময়চোৱাত আমাৰ বহুতৰে মনবোৰৰো পৰিৱৰ্তন হৈছে । কিন্তু যোৱা ১১ এপ্ৰিল' ২০১৫ৰ এক অনুষ্ঠানত তেনে এক আভাস পোৱা নগল । অৰ্থাৎ আমি একে আছো । সলনি হোৱা নাই । ত্ৰিশ বছৰত মাথো আমাৰ শৰীৰৰ অবয়ৱবোৰৰহে কিছু সলনি হৈছে । কাৰোবাৰ কপালৰ সম্প্ৰসাৰণ হৈছে । উদৰৰ আয়তন বঢ়াৰ পৰিপ্ৰেক্ষিতত কোনোবাই নিজৰ পাদযুগলত দৃষ্টিৰ বাবে হাওলি পৰিবলগীয়া হৈছে । কোনোবাজনে আকৌ চাহৰ পিয়লাটোত চেনী দিয়া আছেনে অনুসন্ধান কৰিবলগীয়া হৈছে । ভাত খাবলৈ লৈ- “মই মাংস খাবলৈ বাদ দিলোঁ, মাছে দিয়া!” _কবলগীয়া হৈছে । কোনো এজনৰ শৰীৰৰ আয়তন হয়তো অৰ্ধাংশ হৈ গৈছে । এই সকলোবোৰ মন ভাল লগা কথাৰ বাবে বহুতৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ মন গৈছে ।