Posts

Showing posts from January, 2015

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

জীৱ-জন্তুৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱা ৰোগ (প্ৰবন্ধ)

আমাৰ স্বাস্থ্যৰ বিকাশ আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ হকে আমি ঘৰৰ চাৰিবেৰৰ মাজত বিভিন্ন জীৱ - জন্তু পালন কৰোঁ । তেনেদৰে উৎপন্ন হোৱা মাংস , কণী , গাখীৰৰ যোগেৰেই আমাৰ দৈনিক প্ৰয়োজন হোৱা মাংসসাৰ ( প্ৰ ’ টিন ), স্নেহ পদাৰ্থৰ অভাৱ পূৰণ কৰোঁ । গতিকে খাদ্যৰ বাবেই হওক অথবা অইন কাৰণতেই হওক সময়ে সময়ে আমি এই প্ৰাণীবোৰৰ সংস্পৰ্শত আহোঁ । ঘৰত কোনো পোহনীয়া জীৱ - জন্তু নাথাকিলেও কিন্তু ঘৰৰ বাহিৰত জীৱ - জন্তুৰ সংস্পৰ্শত আহিবলৈ সুযোগ - সুবিধা থাকে । মানৱ জাতিৰ লগত জীৱ - জন্তুৰ সহাৱস্থান অতীতৰ পৰাই চলি আহিছে । জীৱ - জন্তুৰ পৰা মানুহৰ দেহলৈ বহু ধৰণৰ ৰোগ আমাৰ জ্ঞাতে অজ্ঞাতে সংক্ৰমিত হৈ আছে । ইয়াকে কোৱা হয় “ জুন ’ ছিছ ” (zoonosis), অৰ্থাৎ এনে কিছুমান ৰোগ যিবোৰ ৰোগ পশু - পক্ষীৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হ ’ ব পাৰে । প্ৰত্যেক দহটা ৰোগৰ ভিতৰত ছয়টা ৰোগেই পশু - পক্ষীৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হয় । এই বিষয়টোৰ সন্দৰ্ভত বোধ কৰো আমাৰ মাজত সচৰাচৰ আলোচনা কৰা নহয় । ‘ জুন ’ ছিছ ’ ৰোগৰ তালিকাখন বেছ