Posts

Showing posts from December, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (১৯)::‘ক্লেপ্ট’মেনিয়া’ আৰু কপালৰ ‘এক্সটেনশন’

হঠাতে ‘ ট্ৰেইন ’ ৰ ডবাৰ ভিতৰত এটা মৃদু আলোড়নৰ সৃষ্টি হ ’ ল । ইজনে সিজনৰ ফালে চাব ধৰিলে । ক ’ বলৈ একো নাছিল , বুজাই বুজিছিল । কমলে বিজ্ঞৰ দৰে মৃদুলক কাণে কাণে কলে ইয়াক ‘ ক্লেপ্ট ’ মেনিয়া ’ (Kleptomania) বুলি কোৱা হয় , মানে চুৰি কৰিবলৈ প্ৰবল ইচ্ছা যোৱা এটা মানসিক বিকাৰ । চৌৰ্যবিকাৰ অথবা এক চৌৰ্যোন্মাদনা । আৰু তেনেহ ’ লে নিশ্চয় মানবক ‘ ক্লেপ্ট ’ মেনিয়াক ’ (Kleptomaniac) বুলি ক ’ ব লাগিব । ঘটনাটো এনেদৰে আৰম্ভ হৈছিল। বিপুলে ঘড়ীটো বিচাৰি আছিল। নিউ - জলপাইগুড়িত কিনা ঘড়ীটো কাক জানো থ ’ বলৈ দিছিল। মোহনক সোধাত সি কলে ঘড়ীটো তাৰ বেগত থৈ দিছিল আৰু তাক নিজকে বিচাৰি ল ’ বলৈ ক ’ লে। ভুলতে মোহনৰ বেগ বুলি মানবৰ বেগটো খোলাত সি আচৰিত হৈ চিঞৰি উঠিল । : মোহন ! এইবোৰ কি তোৰ বেগত ? চিঞৰ শুনি কেইবাজনো আগবাঢ়ি আহিল। বিপুলে বেগটো মোহনৰ বুলিয়েই ভাবিছিল , কিন্তু বেগৰ ভিতৰত অবিশ্বাসভৰা চাৱনি এটা দি মোহনেহে ভেদ ভাগিলে -        : ধেৎ ! সেইটো মোৰ বেগ নহয় নহয় ! মানবৰ বেগহে ! : কিন্তু ?