Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

“হাবাং দিৱসত কাউৰীৰ কা কা”



: Happy Fools' day
'ৰাটোক এইবাৰ ঘৰৰ ওচৰৰে ইংৰাজীতে পঢ়োৱা বিদ্যালয় এখনত নাম ভৰ্তি কৰাই দিছোঁ পাঁচ-ছয় বছৰ বয়সলৈকে সি তাতে পঢ়িব কিতাপবোৰো ইংৰাজীত তাৰ পিছতেহে বোলে অইন বিদ্যালয়ত মাতৃভাষাটো পঢ়িব পাৰিব আজিকালি আমি এনেকুৱা দিনতেই বাস কৰোঁ বিদ্যালয়ত A, B, C, D ৰ লগতে দুটামান নতুন কথাও শিকিছে তাতে আকৌ সৰ্বজান্তা বায়েকজনী আছেই নহয় “Happy Fools' day” বুলি মুখেৰে অস্পষ্টভাবে আওৰাইছিল যদিও বুজি পালোঁ -অ' তাৰ মানে আজিকালি April Foolটো উৎসত পৰিণত হ'ল! সি মোকহাবাং দিৱসৰ শুভেচ্ছা জনাইছে আজি ইংৰাজী এপ্ৰিল মাহৰ পহিলা দিন আগতে আমাৰ অৱশ্যে ইজনে সিজনক এই দিনটোত বুৰ্বক বনোৱাৰ প্ৰতিযোগিতা চলিছিল। কোনে আগতে কাক অঁকৰা সাজিব পাৰো তাৰ বাবে ৰাতিপুৱা খুব সোনকালে শুই উঠিছিলোঁ। কিন্তু কথাবোৰ আজিকালি গণ্ডগোলিয়া হ'ল। সকলোতে কিবা নহয় কিবা এটা উৎসৰ আয়োজন চলেই! চকু দুটা মোহাৰি ইফালে-সিফালে চালো সি কিবা এটা উপহাৰ লৈয়ে আহিছে নেকি? পিছ মুহূৰ্ততে ভাবিলোঁ _ ধেৎ! সিনো ক'ৰ পৰা আনিব উপহাৰ
 অৱশ্যে এনেকুৱা দিৱস মানে 'April fool'টোহাবাং দিৱসৰ ৰূপত পালন কৰে নে নকৰে নাজানোঁ আৰু পালন কৰিলেও ইটুৱে সিটোক বা কেনেধৰণৰ উপহাৰ দিব লাগে? অকল মূৰ্খয়ে এনে উপহাৰৰ যোগ্য নে জ্ঞানীকো উপহাৰ প্ৰদান কৰিব পাৰি? 'গুগ'' কৰিব লাগিব আজিকালি এনে ধৰণৰ কথাবোৰ যাকে তাকে সুধিব নোৱাৰি লাজ পাব লাগে! অন্তত কাকোহৰ্ষিত হাবাং দিৱসৰ শুভেচ্ছা নজনালেও অথবা উপহাৰ প্ৰদান নকৰিলেও কথাবোৰ জানি থোৱা ভাল আৰু কি ঠিক! উপযুক্ত বুলি ভাবিলে কেতিয়াবাহৰ্ষিত হাবাং দিৱসৰ কোনো এক অনুষ্ঠানত সম্বৰ্ধনাও জনাব পাৰে  দেৰমাহ মানৰ আগৰ কথা এটা মনত পৰি গ'

দেওবাৰৰ দিনকেইটা বৰ আমেজ ভৰা হয় অইন দিনকেইটাতকৈ অকণমান হলেও দেৰিলৈকে শুই থাকিব পাৰি  তেনে এটা দেওবাৰত দেৰিকৈ বিছনাৰ পৰা উঠি মুখ ধুই চশমাযোৰ পিন্ধি বাতৰি কাকতখন ইফালে সিফালে বিচাৰি আছোঁ হঠাতে এক চৰ চৰ মানে একেবাৰে মোৰ গালৰ সোমাজত অকণ অকণ পাঁচটা আঙুলিয়ে মোৰ গালখন মুহুৰ্তৰ বাবে দখল কৰি কৈ উঠিল-
: %#@*&......_
কিনো কলে কিবা এটা বুজি উঠাৰ আগতেই পেন্দুকণাটোৱে বায়েকৰ পিছে পিছে খেদি গ'
: দেতাক (দেউতাক) কিয় মায়িছা (মাৰিছা)
ছোৱালীজনীয়ে কোনোমতে মোৰ পিছত থিয় হৈ কলে-
: দেউতা মোক বছোৱা
ল’ৰাটোক কোনোমতে চম্ভালি মই শুধিলো-
: ৰাতিপুৱাই ৰাতিপুৱাই তই মোক কিয় চৰ মাৰিলি ইমানদিনে তোক ইয়াকেহে শিক্ষা দিলোঁ নেকি?
: দেউতা তুমি নাজানা নেকি আজি SLAP DAY বুলি? Happy Slap Day…
টপৰ টপৰকৈ দুয়োখন গালতে দুটা চুমা দি তাই গল'গৈ হাতত দেখিলো দেওবাৰৰ বাতৰি কাকতখনৰ পৰিপূৰিকাখন তাই এতিয়া তাইৰ পছন্দৰ কিবা গল্প অথবা পদ্য আছে নেকি পঢ়ি চাব! মাককে চিঞৰিলোঁ-
: হেৰা! ৰাতিপুৱাই ৰাতিপুৱাই ছোৱালীয়ে মোক কি শুভেচ্ছা জনাই থৈ গ'ল শুনিলানে?  কিবা বোলে 'slap day' স্কুললৈ গৈ কিনো একোটা নিতৌ নতুন কথা শিকি আহে!
: ' ঠিকেইতো আজি slap day
: ধেৎ!  তুমিওযে আৰু! সিহঁতৰ কথাও বিশ্বাস কৰা!
: তুমিও আৰু হৈছা দেই! তোমালোকৰ দিনত এনে দিৱসবোৰ পালন কৰা নাছিলা সেয়ে নাজানা?
: তুমিনো কোন দিনত ওপজিছাহে! মোক এটা কথা কোৱাছোন জন্মদিনটো উদযাপন কৰে বুজিছোঁ, ৰক্ষাবন্ধনো পাতে বুজিছোঁ কিন্তু এইবোৰ কি? কালি 'ভ্যালেন্টাইন ডে' গৈছিলহে বজাৰলৈ ওলাই যাওতে দেখিছিলাই দেখোন ইজনে সিজনক মৰম জনোৱাৰ কি প্ৰকোপ! এনেকৈ মৰম ভালপোৱাৰে উপচাই পিছদিনাখন 'চৰ থাপৰ'ৰ খেল খেলিব নেকি? নিজে নিজে একোটা দিৱস নে day ঠিক কৰি ললে হলনে?

বিশ্বাস নকৰিলেও তলে তলে কিন্তু সন্দেহ এটা হৈছিল মোৰ দৰে মানুহবোৰে আজিকালি নতুন নতুন কথাবোৰ জানিবলৈ বহুতো সময় লয় বিশ্বাসো নহয়! হবও পাৰে কিমান যে দিৱস পাতে, নহয় 'ডে' পাতে... অমুক ডে, তমুক ডে, ভহুক ডে, বহুত কিবা-কিবি ডে.........
বাতৰি কাকতখন পঢ়াৰ আগতে 'চেলফোন'টো উলিয়াই 'গুগ'' কৰিলোঁ Search কৰিলো- Slap Day বুলিহে হৰি! হে ৰাম!!” বুলি মুখেৰে ওলাই আহিব খুজিছিলেই! কোনোমতে সম্বৰিলোঁ অদৃষ্টত বিশ্বাস নাই ৰাম আৰু হৰিৰ নাম মুখৰ পৰা পৰা ওলালে হৈছে আৰু পৰিবাৰে মাহত একোটাকৈ সত্যনাৰায়ণ পূজা কৰিবলৈ হেঁচা দিব এসোপামান day দেখোন! 'চিৰিয়েলি'... এদিনো বিৰতি নাই 'ৰোজ ডে', 'প্ৰপ'জ ডে', 'চকোলেট ডে', 'টেড্ডি ডে', 'কিচ ডে' 'হাগ ডে' 'ভ্যালেন্টাইন ডে' ইমানবোৰ খৰচ আৰু মৰম কৰি উঠি মানে গোলাপ ফুল, চকোলেট, চুমা-তুমা দি অৱশেষত দে চৰ! মানে slap day ধুইৎ কিবা! চৰ-তৰ খায়ো দেখোন শেষ হোৱা নাই! লাথ খাব আছেই দেখোন চৰ খোৱাৰ পিছত গোৰ মাৰা দিন (গোৰটো বা আকৌ ক'ত মাৰিব লাগে?), 'পাৰফিউম ডে', 'ফ্লাৰ্টিং ডে', 'কনফেচ'ন ডে', 'মিচিং ডে' 'ব্ৰেক আপ ডে' বাঃ কি ব্যৱস্থা! সেইবোৰে আহি আজি আমাৰ ঘৰত নাজল-নাথল অৱস্থা কথাবোৰ জানি ভালেই হ' যিয়েই নহওক পিছৰ দিনটোৰ বাবে সাবধানে থাকিব লাগিব কিমানটা গোৰ পৰে আৰু ক'ত পৰে ঠিক নাই! তাতে পেন্দুকণাটোৰ ভৰিত কিন্তু জোৰ আছে জোতা-চোতা পিন্ধি আহিলেটো হৈছে আৰু এতিয়াই জী-পুত্ৰৰ গোৰ খাবলৈ নাই দেই! সেইবোৰ বৃদ্ধ বয়সলৈহে জমা হৈ থাকে

আজি আইতাকো আছেহি আমাৰ ঘৰত ৰাতিপুৱাই ৰাতিপুৱাই ঘৰৰ পদুলিত গাইগৰু এজনী দেখি ল'ৰাই 'কাও কাও' বুলি চিঞৰিবলৈ ধৰিলে আইতাকে বুজাব ধৰিছে-
: নহয়ও বোপা, কাউৰীয়েহে কা কা কৰে এইটো গৰুহে, কাউৰী নহয়। গৰুৱে হাম্বা হাম্বা কৰে
তাকে শুনি পুত্ৰই গাবলৈ ধৰিলে-
: কাও হাম্বা হাম্বা কৰে
আইতাও জানো কম! আইতাই ভাবিবলৈ ধৰিলে -পেন্দুকণাটোৱে এই বয়সতেই যদি কথাবোৰ ঠিকঠাক কৰি নলয় পিছলৈ অসুবিধা পাব কাৰ কি মাত _এইবোৰ দেখোন তাহানিতেই পদ্যৰ আকাৰত পঢ়িবলৈ পাইছিল সেয়ে বুজাবলৈ ধৰিলে-
: বোপা কা মানে কাউৰী কাই কা... কা... কৰে আৰু হাম্বা মানে গৰু গৰুই হাম্বা হাম্বা কৰে
: নয় (নহয়) কাউ হাম্বা হাম্বা কৰে

ইমানপৰে হাতত চাহকাপ লৈ কথাবোৰ শুনি আছিলো মনলৈ আহিল -বাঃ তিনিবছৰ বয়সতেই পুত্ৰক গৰুৰ সলনি 'কাও' শিকাবলৈ হাজাৰ-হাজাৰ টকা খৰচ কৰিছোঁ কোমল বয়সতে মাতৃভাষাটোও স্বত:স্ফূৰ্ত ভাবে ওলোৱাত বাধা প্ৰদান কৰি মই নিশ্চয়হাবাং দিৱসৰ শুভেচ্ছা পাবলৈ উপযুক্ত ব্যক্তি হিচাপে পৰিগণিত হৈছোঁ সেয়ে বোধহয় পুত্ৰয়ো ৰাতিপুৱাই ৰাতিপুৱাই মোকহাবাং দিৱসৰ শুভেচ্ছা জনাই থৈ গ'
ভাবিলোঁ যদি কোনো এঠাইতহাবাং দিৱসউপলক্ষে সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হ'লহেঁতেন তেন্তে মই নিজেই গ'লোহেঁতেন আৰু গৈ ক'লোহেঁতেনহাবাং দিৱসউপলক্ষে বটা-বাহন কিবা যদি আছে মোকে প্ৰদান কৰে যেন!
(দিগন্ত যাদৱ শৰ্মা ০১/০৪/২০১৪)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)