Posts

Showing posts from November, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

“হাবাং দিৱসত কাউৰীৰ কা কা”

: Happy Fools' day ল ' ৰাটোক এইবাৰ ঘৰৰ ওচৰৰে ইংৰাজীতে পঢ়োৱা বিদ্যালয় এখনত নাম ভৰ্তি কৰাই দিছোঁ । পাঁচ - ছয় বছৰ বয়সলৈকে সি তাতে পঢ়িব । কিতাপবোৰো ইংৰাজীত । তাৰ পিছতেহে বোলে অইন বিদ্যালয়ত মাতৃভাষাটো পঢ়িব পাৰিব । আজিকালি আমি এনেকুৱা দিনতেই বাস কৰোঁ । বিদ্যালয়ত A, B, C, D ৰ লগতে দুটামান নতুন কথাও শিকিছে । তাতে আকৌ সৰ্বজান্তা বায়েকজনী আছেই নহয় । “Happy Fools' day” বুলি মুখেৰে অস্পষ্টভাবে আওৰাইছিল যদিও বুজি পালোঁ - অ' তাৰ মানে আজিকালি April Foolটো উৎস ৱ ত পৰিণত হ'ল! সি মোক “ হাবাং দিৱস ” ৰ শুভেচ্ছা জনাইছে । আজি ইংৰাজী এপ্ৰিল মাহৰ পহিলা দিন । আগতে আমাৰ অৱশ্যে ইজনে সিজনক এই দিনটোত বুৰ্বক বনোৱাৰ প্ৰতিযোগিতা চলিছিল। কোনে আগতে কাক অঁকৰা সাজিব পাৰো তাৰ বাবে ৰাতিপুৱা খুব সোনকালে শুই উঠিছিলোঁ। কিন্তু কথাবোৰ আজিকালি গণ্ডগোলিয়া হ'ল। সকলোতে কিবা নহয় কিবা এটা উৎস ৱ ৰ আয়োজন চলেই! চকু দুটা মোহাৰি ইফালে - সিফালে চালো সি কিবা এটা উপহাৰ লৈয়ে আহিছে নেকি ? পিছ মুহূৰ্ততে ভাবিলোঁ _ ধেৎ! সিনো ক ' ৰ পৰা আনিব উপহাৰ ।   অৱশ্যে এনেকুৱা দিৱস মানে 'April fool&#