Posts

Showing posts from October, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

কুঁহি সেউজীয়া মন, শিশু সাহিত্য আৰু অলপ ব্যক্তিগত

Image
সকলো শিশু ৱে একো একোটা কুঁহি সেউজীয়া মনৰ অধিকাৰী । শিশু সাহিত্যই এই কুঁহি সেউজীয়া মন একোটাৰ সৈতে বিভিন্ন ৰোমাঞ্চকৰ লেখা , ধেমেলীয়া গদ্য , পদ্য , সাথঁৰৰ ধেমালি ইত্যাদিৰ ৰূপত পৰিচিতি লাভ কৰে । এনেকৈয়ে আমিও প্ৰায় সকলোৱে নিশ্চয় শিশু সাহিত্যৰ লগত পৰিচিতি লাভ কৰিছিলোঁ । শিশু সাহিত্যই বিভিন্ন ৰূপত আমাৰ শিশু - কৈশোৰ কালত এনেদৰে ৰেখাপাত কৰিছিল আজিও যেন তাৰ প্ৰভাব আমাৰ দৈনন্দিন জীৱনত বিৰাজমান । শিশু - কৈশোৰ মনত নিজৰ পাৰিপাৰ্শ্ৱিক অৱস্থা তথা প্ৰকৃতিৰ লগত সঙ্গতি থকা গল্প অথবা কাহিনীবোৰে বিশেষভাবে ৰেখাপাত কৰে । ইয়াৰ যোগেৰে নৈতিক শিক্ষাৰো পাঠদান হৈ যায় । বুজিব নোৱাৰাকৈয়ে নতুবা অজ্ঞাতসাৰেই হওঁক নীতিশিক্ষা থকা শিশু সাহিত্যই শিশুৰ মনত বিশেষভাবে সাঁচ বহুৱাই থৈ যায় । আমাৰ চাৰিওঁকাষে বিভিন্ন ধৰণৰ জীৱ - জন্তু , চৰাই - চিৰিকতি , গছ - বিৰিখ , মাছ - কাছ আছে । আৰু আমি বেছিভাগেই নিশ্চয় আটাইবোৰ স্বচক্ষে নাই দেখা । কিন্তু আমি জানো আমাৰ মুলুকত থকা আৰু নিছিহ্ন হ ' বলৈ ধৰা বেছিভাগ বস্তুৰে