Posts

Showing posts from September, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

টিলৌ সংবাদ (দ্বিতীয় ভাগ)

( নাউ টিলৌ ইজ বেক উইথ নবীন ) টিলৌ সংবাদ ( ১১ ) পৰীক্ষা হ ' লত - নবীনঃ - অই দেখিছনে প্ৰশ্ন কিমান টান আহিছে । এটাও ' কমন ' পৰা নাই ! কি কৰো ? টিলৌঃ - চকু বন্ধ কৰ । দীঘলকৈ উশাহ এটা ল । আৰু অনুভব কৰ ইমান ভাল বিষয়বস্তু ! অহাবাৰলৈ সাচিঁ থও ! আকৌ এবছৰ পঢ়ি ভৰপুৰ আনন্দ ল ' ম । টিলৌ সংবাদ ( ১২ ) টিলৌৰ আজিকালি অলপ - অচৰপ বুদ্ধি - বৃত্তি হৈছে । সি কেতিয়াবা নবীনকো চেৰ পেলাই । শুনকছোন তাৰে এটা নমুনা । টিলৌঃ - নবীন তই মোক এটা প্রশ্নৰ উত্তৰ দে । দিব পাৰিবিনে ? নবীনঃ - আগতে সোধ আকৌ ! টিলৌঃ - শুন ! তোৰ এটা ' পাৰ্চনেল জিনিষ ' । তই কিন্তু ব্যৱহাৰ নকৰই । খুব কম, কেতিয়াবাহে কৰ । অৱশ্যে পাঠশালা স্কুলত থাকোতে মাজে মাজে ৰাস্তাই - ঘাটে নতুন মানুহ চিনাকি হ ' লে কৰিছিলি । কিন্তু ...... তোক লগ পোৱা অইন মানুহে সদায় কৰে । যেনে অলপ আগতে মই কৰিলোৱেই । এতিয়া তই মোক সেই বস্তুটো কি সেইটো এটা শব্দত প্ৰকাশ কৰ । নবীনঃ - ( ইতিমধ্যে নবীনৰ তালু গৰম হৈ গৈছে । তাৰ বস্তু অইনে ব্যৱহাৰ কৰি আছে । কাৰ ইমান সাহ ! কোনোমতে ক্ৰোধ সম্বৰন কৰি টিলৌক উত্তৰ দিলে ) সোনকা