Posts

Showing posts from August, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

স্মৃতিদাহৰ পূৰ্বাহ্ণ (অসমীয়া চুটিগল্প)

: খুড়া ভাড়াটো দিব। : হেৰা! বাছবোৰৰ ভিতৰত যে লিখি থোৱা থাকে- “দহ পইচাত এটকাৰ ভঙনীয়া নহ’ব।”   দেখা নাই যে! মই আৰু দুখনমান বাছত উঠি চালোগৈ। কিয় মছি পেলালা তোমালোকে? চিনাকি মাত এটা শুনি ঘূৰি চাই দেখোঁ ৰমেন! হাতত পুৰণি দহ, পাঁচ পইচাৰ মুদ্ৰা দুটামান লৈ ‘কণ্ডাক্টৰ’ৰ ফালে আগবঢ়াই দিছে। কমবয়সীয়া ল’ৰাটোৱেও ৰমেনৰ ফালে অদ্ভূত চাওনি এটা দি হাত নেমেলাকৈ পিছৰজনৰ পৰা ভাড়া খুজিবলৈ লৈছে। ৰমেনক চিনি পাইনে? গুৱাহাটীৰ উলুবাৰীৰ পৰা শৰণীয়াৰ ভিতৰেদি চানমাৰিলৈ যদি আপুনি কেতিয়াবা অহা যোৱা কৰিছে তেন্তে তাক এবাৰলৈ হ’লেও দেখিব পাৰে। নহ’লে দিনৰ ভাগত গনেশগুৰিৰ আশে পাশেও কেতিয়াবা দেখিছে। কেতিয়াবা পানবজাৰ অঞ্চলতো ঘূৰি ফুৰে। আজিকালি ৰমেনৰ মাথাটোত এটাই মাথো চিন্তাই দোলা দি থাকে। ৰমেন মৰিব নেকি? আগতে আইতাকৰ মুখত শুনিছিল মৃত্যু ওচৰ চাপি অহাৰ লগে লগে বোলে পুৰণি বহু কথাই দেহ-মনটোক আৱৰি ৰাখে। ৰমেনৰ মনত পৰিল, সপ্তম শ্ৰেণীত থাকোতে আইতাক ঢুকুৱাৰ কথা। সেই সময়ত আইতাকে প্ৰায়ে কৈছিল ককাকৰ কথা। তেজপুৰৰ চাকৰি কৰি থকা ককাকে বন্ধত আইতাকৰ বাবে কপাহি কাপোৰ এযোৰ আনিছিল। এদিন ৰাতিপুৱা উঠি ৪০-৫০ বছৰ আগৰ সেই কাপোৰযোৰ বিছাৰি তোলপ