Posts

Showing posts from July, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

আঠ ধুৰন্ধৰৰ কাণ্ড :: ছাত্ৰাবাসৰ এডোখৰ (১৮)

        পটভূমি সত্তৰৰ দশকৰ কোনোবা এটা বছৰ। তেতিয়া পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ ‘লিথু মেছিন’তে উলিয়াই লয়। মহাবিদ্যালয়খনত ছাত্ৰৰ সংখ্যাও কম। ছাত্ৰীৰ সংখ্যাও তথৈবচ! নতুনকৈ তেতিয়া ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰিছিলহে! ছাত্ৰাবাসত থকা ছাত্ৰবোৰৰ বেছিভাগেই ধিতিঙালি কৰি দিন কটাইছিল। মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ গোটেই শ্ৰেণীটোৰ আঠজনমানে বছৰটোৰ প্ৰায় আটাইকেইদিনেই মাৰ-পিট, ধিতিঙালি কৰিয়েই কটায়। ঠিক পৰীক্ষা চমু চাপি অহাৰ লগে লগে ঘনাই ঘনাই তেওঁলোক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। এইবাৰ আঠজনীয়া দলটো দুই-তিনিটা ভাগত বিভক্ত হৈছিল। অৱশ্যে তেওঁলোকৰ মাজত মনোমালিন্য হোৱা নাছিল। কামৰ সুবিধাৰ বাবেহে তেনে কৰা হৈছিল। ভেষজবিদ্যাৰ পৰীক্ষাত তেওঁলোক আটাইকেইজনৰেই এইটোৱেই শেষ সুযোগ। দাস চাৰে নিজেই প্ৰশ্নকাকত তৈয়াৰ কৰিছিল। এইবাৰ কিন্তু তেওঁ আন কাকোকেই এই কামত বিশ্বাস কৰা নাছিল। কেইদিনমান আগৰ ঘটনাটোৰ বাবে বিশ্বাস চাৰৰ ওপৰত আস্থা একেবাৰেই হেৰুৱাই পেলাইছিল। দাস চাৰ ভেষজবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক। বিশ্বাস চাৰো একে বিভাগৰ সহযোগী অধ্যাপক। দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰশ্নকাকত তৈয়াৰ কৰাৰ দায়িত্ব বিশ্বাস চাৰক