Posts

Showing posts from June, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ইতৰ প্ৰাণীৰ ছাত্ৰাবাস ( প্ৰৱন্ধ)

             ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস। কোনটো লিখিলে শুনিবলৈ শুৱালা হ’ব? ইংৰাজীত Animal Hostel বুলি কোৱা হয়। কথাটো শুনিবলৈ আচহুৱা যেন লগা নাইনে বাৰু! মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আছে, ছাত্ৰীনিবাস আছে। ভাৰা ঘৰ আছে, নিজৰ ঘৰ আছে। বৃদ্ধা আৱাস আছে, P.G. আছে মানে Paying Guest। মানৱ জাতিৰ বাবে কিমান ধৰণৰ যে থকাৰ ব্যৱস্থা আছে। কিন্তু ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস মানে Animal Hostel! গৰু-ম’হ নিজৰ নিজৰ গোহালিতহে থাকে। কিন্তু ‘হোষ্টেল’ত! কথাটো সঁচা। ইতৰ প্ৰাণীৰ ছাত্ৰাবাস আছে। ভাৰতত প্ৰথমটো ইতৰ প্ৰাণীৰ ছাত্ৰাবাস গুজৰাটৰ একোডাৰা নামৰ ঠাইত স্থাপিত হৈছে। সকলোতকৈ ডাঙৰ কথা ইতৰ প্ৰাণীৰ ছাত্ৰাবাসৰ ধাৰণাটো কিন্তু বাহিৰৰ পৰা আমদানি কৰা নহয়। এয়া গুজৰাটৰ থলুৱা আৰু নিজস্ব ভাবে কৰা চিন্তা-চৰ্চাৰ প্ৰতিফলন। Animal Hostelৰ বিষয়ে কিছু কথা জনাবলৈ বুলি এই চমু লেখাটো আগবঢ়ালোঁ।               গুজৰাট চৰকাৰৰ উদ্যোগত পৰীক্ষামূলক ভাবে চবৰকাথাঁ জিলাৰ একোডাৰা নামৰ গাঁওখনত ২০১১ চনৰ মে’ মাহৰ ৬ তাৰিখে “এনিমেল হোষ্টেল” সাধাৰণ কৃষক ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰথমতে ৰাজ্যখ