Posts

Showing posts from February, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

কণী আৰু তিতা-কেৰেলাৰ আঞ্জা (ভিন্নস্বাদ)

(টোকাঃ আপোনাসৱৰ ৰন্ধনৰ ওপৰত সুন্দৰ সুন্দৰ লেখাবোৰ পঢ়ি অমুকায়ো ‘খাদ্য বিশেষ কিবা’ এবিধ আগবঢ়াবলৈ মন মেলিছিলোঁ। কিন্তু সেইবোৰ মুখলৈ নগৈ চুৱা-পা ত নিতহে পৰিব বুলি আশংকা হোৱাত সিমানতে ইতি পেলালোঁ। এনে ধৰণৰ কথাবোৰত নিজৰ দুই-এটা অভিজ্ঞতাহে বেকত কৰিলোঁ।) ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত মোৰ প্ৰথম অভিজ্ঞতা পুতৌলগা। কিবা এটা ৰান্ধিবলৈ মোৰ প্ৰথম সুযোগটো আহিছিল বোধকৰো চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে। কিন্তু প্ৰথম খোজতে মই বিফল হৈছিলোঁ। অৱশ্যে সেইটো মোৰ দোষতহে হৈছিল। এমহীয়া গ্ৰীষ্মৰ বন্ধ চলি আছিল। মায়ে দুপৰীয়াৰ সাঁজ প্ৰস্তুত কৰি আছিল। পাকঘৰৰ কাষতেই কৰ্দৈৰ গছজোপা। মিঠা মিঠা কৰ্দৈবোৰ বাৰ মাহে লাগিছিল। মায়ে কেৰাহীত প্ৰথমে সৰিয়হ দি কৰ্দৈ ভাজিবলৈ লৈছে। হঠাতে মাৰ কিবা এটা লৰালৰি হোৱাত মোক ক’লে- তই কৰ্দৈখিনি বহাই দি লৰাই থাক আৰু অলপ ৰঙচুৱা যেন হলেই ‘ষ্ট’ভ’টো কমাই দিবি। কাষৰ পৰা মা গুছি যোৱাত আৰু ময়ো দেখিলো যে আমাৰ আইতা সমন্বিতে ছয় জনীয়া পৰিয়ালটোৰ বাবে কৰ্দৈ কম হ’ব। চিন্তা কিহ’ৰ! পিৰালিতে কৰ্দৈৰ গছ। হাতে ঢুকি নোপোৱাত গছৰ ওপৰলৈ কৰ্দৈ ছিঙিবলৈ উঠি গ’লো। পকা পকা কৰ্দৈ দেখি গছৰ ওপৰতে তাৰে দুটা মুখত সোমালো। বেলি

ছাত্ৰাবাসৰ এডোখৰ (১৪): মহেন্দ্ৰ মোহন চিকিৎসালয়ত এটি নিশা

এইবাৰ কোনো ৰহণ নলগোৱাকৈ ছাত্ৰাবাসৰ এডোখৰ আগবঢ়াইছোঁ। ১৯৮৯ ইংৰাজী চনৰ সেই বিশেষ দিনটো। সেয়া আছিল মে’ মাহৰ ৩১ তাৰিখ, বুধবাৰ। দ্বিতীয় বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ কেইবাজনো ছাত্ৰ দুজনমান ‘চিনিয়ৰ’ৰ সৈতে ইফাল-সিফাল কৰি উচপিচাই আছে। স্থান মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, পানবজাৰ, গুৱাহাটী। সকলোৰে থৰকাছুটি হেৰুৱাইছে। কিনো হ’ল, কেনেকৈ হ’ল কোনোৱে একো উৱাদিহ পোৱা নাই। মনবোৰো বেয়া সকলোৰে। ইফালে গোটেইবোৰেৰেই মহৰ কামোৰত অৱস্থা নাই। সন্ধিয়াৰে পৰা টোপনি ক্ষতি কৰি এনেকৈ কটোৱাটো ধেমালি নহয়। শুৱাটো দূৰৈৰে কথা, কোনোৱে বহিবলৈও সুযোগ পোৱা নাছিল। ছাত্ৰাবাসত ডেৰবছৰ কাল সুখ-দুখৰ লগৰীয়া হৈ থকা এজনৰ বাবে এটা ৰাতি এনেকৈ কষ্টত কটোৱাতো অৱশ্যে একো টান কথা নাছিল। মেঘাবৃত আকাশৰ দৰেই মনবোৰ গোমা হৈ আছিল। দুজনমানৰ ভয়ো লাগিবলৈ ধৰিছিল। এনেকৈ এটা মৃতদেহ গোটেই নিশা পৰ দি থাকিবলগীয়া হোৱা অৱস্থা বোধকৰোঁ তাত থকা আটাইকেইজনৰ জীৱনত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল। মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ নিশা। নিমাওমাও পৰিবেশ। দূৰৈত দুই-এটা কুকুৰৰ দীঘলীয়া ভুকভুকনি। সময় ইতিমধ্যে ৰাতিপুৱা তিনি-চাৰিমান বাজিছিল। গৌতমদাৰ দিন-বাৰ থকা ঘড়ীটোৰ ‘ডায়েল’