Posts

Showing posts from January, 2014

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অলগৰ্ধ লাপুং বুঢ়া (চুটিগল্প)

হৰেশ্বৰে ফ্ৰক পিন্ধি থকা মালতিৰ ফালে একেথৰে চাই ৰ’ল। কঁকাললৈ বৈ যোৱা সুন্দৰ একোচা ঘন চুলি। এখন সুগঢ়ী নিপোটল মুখ। চালে চাই থাকিবৰ মন যায়। ফ্ৰকটোৰ পিছফালে বুটাম দুটামান বোধকৰো ছিগি গৈছিল। বুটামৰ ঠাইত দুটা ‘চেফটি পিন’ মাৰি থৈছিল। ডিঙিত সেউজীয়া পাৰিৰ দীঘল গামোছা এখন। আগলৈ ওলোমাই লৈছে। গামোছাখনে তাইৰ লাজকণো ঢাকি ৰাখিব পাৰিছে। ৰিব-ৰিব বতাহ এজাক বলি আছিল। মুকলি ঠাই। ৰাজহুৱা পুখুৰীটোত পাতি থোৱা বৰশিটোত মাছ খুটিয়ালেনে নাই চাব এৰি হৰেশ্বৰে তাইৰ ফালেহে চাই থাকিল। পুখুৰীৰ পাৰতে তাই থিয় হৈ আছিল। গা ধুবলৈ আহি বোধকৰো সেউতীলৈ ৰৈ আছে। হৰেশ্বৰে হয়তো মন কৰিলে দেখিলেহেঁতেন যে ইতিমধ্যে মজলীয়া আকাৰৰ মাছ এটাই মহা আৰামেৰে বৰশিৰ টোপটো ভক্ষণ কৰি আঁতৰি গৈছিল। অকস্মাৎ হৰেশ্বৰে দেখিলে মালতিয়ে পিন্ধি থকা ফ্ৰকটোৰ এটা ‘চেফটি পিন’ খুলি গৈছে। তাইৰ কোমল নিমজ পিঠিখনৰ পৰা যদি পিনটোৰ খোঁচত তেজ ওলাই আহে! – নাই আৰু হৰেশ্বৰৰ সহ্য নহ’ল। তাই শুনাকৈ চিঞৰিলে- : মালতি… চাবা তোমাৰ ফ্ৰকটোৰ পিনটো খুলি গৈছে। খোঁচ খাই তেজ ওলাব। মালতি ষোল্ল বছৰীয়া গাভৰু ছোৱালী। পিনটো খুলি পিঠিৰ এছোৱা উদং হৈ থকাৰ কথা জানিব পাৰি তাইৰ লাজ লাগ

নৈশ বাছত আহুকাল::ছাত্ৰাবাসৰ এডোখৰ (১৩)

( এক) পৰিল পৰিল … ধেৎতেৰি নপৰিল! এইবাৰ পৰিবই পৰিব! পৰিল! বঢ়িয়া! এইবাৰ গম পাইছে! দিলোঁনে টোপনি ভাঙি! কৰক এতিয়া উস-আস! উস্ ৰাম , শুবলৈ নিদিয়ে মানুহজনে! এনেকৈনো নাক বজাই শুৱেনে ? : অহ! খুড়া কি হ ’ ল ? দুখ পালে নেকি ? হেৰা ‘ পাইলট ’, ‘ লাইট অন ’ কৰাছোন। : মূৰত অলপ দুখ পাইছোঁ! একো নহয় দিয়া। ভাইটি তোমাৰ একো অসুবিধা হোৱা নাইতো! : নাই খুড়া , মোৰ আৰু কি অসুবিধা হ ’ ব! : ৰবাচোন। মই কথা এটা বুজি পোৱা নাই। তোমাৰ ‘ ছিট ’ ত মোৰ শৰীৰটো কেনেকৈ গৈ পালেহে ? : খুড়া মোৰ পানীৰ পিয়াহ লগাত হাউলি গৈ বেগৰ পৰা পানীৰ বটলতো উলিয়াবলৈ লৈছিলো। তেনেতে আপুনি মোৰ ‘ ছিট ’ টোত আহি পৰিল। নহ ’ লে আপোনাৰ মূৰটো আহি মোৰ কান্ধতে পৰিলহেঁতেন। টোপনি আহিছিল চাগৈ। মোৰ ‘ ছিট ’ টোৰ কাঠডালত লাগি আপুনি মূৰত নিশ্চয় দুখ পাইছে। : আজি দিনটো বৰ কষ্টৰে গ ’ ল! সেইবাবে বাছখন ‘ ষ্টাৰ্ট ’ দিয়াৰ লগে লগে টোপনিত ঢলি পৰিলোঁ। ‘ বিহৰ গুটি ’ সৌৰভে কিন্তু পৰিবেশটো খুব উপভোগ কৰিলে। ‘ বিহৰ গুটি ’ মানে ভালকৈ জনাবোৰে সৌৰভক তেনেকৈয়ে মাতে। উজনিৰ মহাবিদ্যালয় এখনৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঁচ মাহ আগতে গুৱাহাটীত না