Posts

Showing posts from December, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

“বিজ্ঞান জেউতি”

Image
“ বিজ্ঞান জেউতি ”  আমি বিদ্যালয়ত পঢ়াৰো বহু আগৰে পৰা প্ৰকাশ পাই থকা এখন বিজ্ঞানৰ মাহেকীয়া আলোচনী । বহুতো নতুন নতুন বিজ্ঞানৰ কথা এই আলোচনী খনৰ যোগেৰেই জানিব পাৰিছিলোঁ । কেতিয়াবা দুই - এটা বিজ্ঞানভিত্তিক প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰিছিলোঁ । বিদ্যালয়ৰ ওপৰৰ শ্ৰেণীত পঢ়ি থাকোতে বিজ্ঞান জেউতিত প্ৰকাশিত তাৰেই দুটি প্ৰবন্ধ ...  

নষ্টালজিয়া :: ছপা আখৰত নিজৰ নাম দেখাৰ আনন্দ

Image
কিছু নষ্টালজিয়া। হাইস্কুলৰ দিনবোৰ কোনেনো পাহৰিব পাৰে? সেয়া কবিতা লিখাৰ বয়স আছিল ... কিন্তু আছিল জানো কবিতা সেইবোৰ! কিছুমান বেবেৰিবাং শব্দৰ সমষ্টি... স্কুলৰ বাৰ্ষিক মুখপত্ৰত তাৰে দুটি যেতিয়া প্ৰকাশ হৈছিল, তেতিয়া মনত কি যে এক অপাৰ আনন্দই তোলপাৰ লগাইছিল ... আজি বিচাৰি পাই ভালকৈ থৈ দিলোঁ ... এক মিঠা মিঠা লগা অনুভৱ... প্রথম প্রথম ছপা আখৰত প্ৰকাশ হোৱা নিজৰ নামটো এনেদৰেই সাঁচি ৰাখিবৰ মন গ'ল ...