Posts

Showing posts from October, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (১১) :: ভূত আৰু এটা হাতঘড়ী

  ছাত্ৰাবাসৰ এডোখৰ (১১) : : ভূত আৰু এটা হাতঘড়ী দিগন্ত যাদ ৱ শৰ্মা ভূউউউউত… ভূউউউউত… এই ৰাতিখন কাৰ জানো চিঞৰ! বিজনে ধৰফৰৰাই উঠি আঠুৱাখন ডাঙি বাহিৰ হ’বলৈ ওলাল। কিন্তু চিঞৰটো দেখোন ৰুমমেটৰ। আচলতে টোপনীৰ জালত ভালকৈ ধৰিবই পৰা নাছিল। : ৰুমমেট কি হ’ল? সপোন দেখিছ নেকি? : ভূত… ভূত… চকু চকু… তই কিবা এটা কৰ। নহ’লে মই মৰিলো। মোৰ ফালে কেনেকৈ একেথৰে চাই আছে চকুকেইটাই। : ধেৎ কি অৰ্থহীন, অসংলগ্ন কথাবোৰ বলকি আছ?   শুই থাক। : ‘লাইট’টো জ্বলাই দে। মৰিলো নহ’লে। চকু মুদি আছোঁ। মোৰ ‘হাৰ্ট এট্যেক’ হ’ব এতিয়া! চকুকেইটাৰ ফালে চাবই নোৱাৰি। কেনেকৈ টেলেকা-টেলেকাকৈ চাই আছে! ৰুমমেট জয়ন্তৰ কথা শুনি বিছনাৰ পৰা উঠি বিজনে ‘চুইছ বৰ্ড’ৰ ফালে গ’ল। নাই ‘লাইট’ নজ্বলে। তাৰ মানে ‘কাৰেন্ট’ নাই। হঠাত আন্ধাৰতে জয়ন্তৰ বিছনাৰ ফালে চকু দিয়াত বিজনেও একে কোবে দুৱাৰ খুলি ‘ভূত ভূত’ বুলি চিঞৰ মাৰি কৰিডৰলৈ দৌৰি ওলাই গ’ল। : টক্ টক্ টক্। অ’ই দুৱাৰ খোল। কুঞ্জৰ দুৱাৰত বিজনৰ টোকৰ। নাই কোনো সাৰ-সুৰেই নাই। আচলতে সি বেটাই চিঞৰ-বাখৰত কিবা এটাৰ উমান পাইছিল। তাৰ কোঠাতো মাত্ৰ দেৱালখনৰ ইপাৰ-সিপাৰহে, মানে ‘ৱালমেট’। বহুসময় দুৱাৰ

সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (দুই)

Image
সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (দুই) দিগন্ত যাদৱ শৰ্মা (আগৰ খণ্ডৰ পৰা) দ্বিতীয়টো ঘটনা এইবছৰৰ জানুৱাৰী মাহত। এইবাৰ সদস্যৰ সংখ্যা বেছি। মই , মোৰ পত্নী আৰু আমাৰ সন্তান দুটি। লগত মোৰ সতীৰ্থ সহকৰ্মী বাইদেউ এগৰাকী আৰু তেওঁৰ পৰিয়াল। সময় আৱেলি তিনি বাজি গৈছে। স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি আটাইকেইজন এখন খোলা জীপত। চালকৰ কাষত হাতত দুইনলীয়া বন্দুক এটা লৈ ‘ গাৰ্ড ’ এজন। সুন্দৰ দৃশ্য এটা দেখুৱাবৰ বাবে জীপখন ৰৈ গ ’ ল। আমাৰ হাতত থকা ‘ কেমেৰা ’ বোৰত আঙুলিৰ টিপা পৰিবলৈ আৰম্ভ কৰিছিল। পোৱালীৰ সৈতে গঁড় এজনী। আমি জানো পোৱালীৰ সৈতে থকা গঁড় এজনীৰ ওচৰ চাপিবলৈ চেষ্টা নকৰাই ভাল। কিন্তু আমাৰ পৰা দুয়ো বহু দূৰৈত আছিল। কিন্তু মাজে মাজে আমাৰ ফালেও দৃষ্টি ৰাখিছিল। বোধকৰো আমাৰ উপস্থিতি সহ্য নোহোৱাত জঙ্ঘলৰ আৰঁত লুকাই পৰিল। জীপৰ চালকে গঁড়জনীৰ সৈতে পোৱালীটোক আকৌ ভালকৈ দেখুৱাবৰ বাবে জীপখন পিছুৱাই আনি ৰৈ গৈছিল। ইতিমধ্যে আন তিনিখনমান জীপ আমাক অতিক্ৰম কৰি গৈছিল। হঠাতে দেখো আমাৰ সন্মুখত বিয়াগোম গঁড়জনী। কাষৰ জঙ্ঘল ভেদি খেদি আহিছে। পোৱালীটো পিছত। দূৰত্ব বোধকৰো দহ মিটাৰো নাছিল। চালকৰ পিছতেই পত্নী , কোলা

সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (এক)

Image
সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (এক) দিগন্ত যাদৱ শৰ্মা            ব্যক্তিগত জীৱনত আমি প্ৰায় সকলোৱে নিশ্চয় ডাঙৰ নহলেও সৰু - সুৰা বিপদৰ সন্মুখীন হৈছোঁ। অথচ কোনো হানি - বিঘিনি নোহোৱাকৈ সাৰিও গৈছোঁ। কেতিয়াবা আন নহলেওঁ সাপ এডালৰ অথবা পথেৰে গৈ থকা অৱস্থাত হঠাত দাঁত নিকটাই গৰগৰাই থকা কুকুৰ এটাৰ মুখামুখি হৈছোঁ। কিম্বা পথ এটা পাৰ হোৱাৰ মাজতে হঠাতে কোনো যান - বাহনৰ সন্মুখত পৰা। কিন্তু আমি অক্ষত অৱস্থাত থিয় দি আছোঁ। সাপটোৱে আপোনাক আমনি নকৰাকৈ আতঁৰি দিছে অথবা পথ সলনি কৰিছে। কুকুৰটোৱে হয়তো দাঁত নিকটায়ে ক্ষান্ত হৈছে। আৰু হয়তো মটৰগাড়ীখন নাইবা বাইকখনো ঠিক আমাৰ সন্মুখতে কৰ্কশ শব্দ কৰি ৰৈ গৈছে আৰু চালকে কেৰাহিকৈ চাই ভোৰভোৰাই গুছি গৈছে। দৈনন্দিন জীৱনত এনে ধৰণৰ নহলেও আন আন সৰু - সুৰা বিপদৰ সন্মুখিন হৈয়ে থাকো আৰু আমিও অক্ষত অৱস্থাত থিয় হৈ থাকো। উপস্থিত বুদ্ধি আৰু ধৈৰ্য্যহে হৈছে বিপদৰ পৰা পৰিত্ৰান পোৱাৰ প্ৰধান উপায়। উপৰত উল্লেখ কৰা সৰু - সুৰা বিপদ - কেইটা আমাৰ দৈনন্দিন জীৱনত ঘটা কেইটামানহে। বৰ্তমানৰ ব্যস্ত জীৱন শৈলীত গাড়ী - মটৰত নুঠাকৈ বোধকৰো আগুৱাব নোৱাৰি। আমাৰ দেউতা - ককাহতঁৰ দিনবোৰৰ লগত