Thursday, September 05, 2013

অমল বেজবৰুৱাৰ অসুখটো ভাল হ’বনে (চুটি-গল্প)



অমল বেজবৰুৱাৰ অসুখটো ভাল হ’বনে (চুটি-গল্প)

আহিন মাহতো ইমান গৰম পৰেনে! চিটি বাছখনতো বহিবলৈ চিট এটা নাই। শিলপুখুৰীত দুজনমান নামি যোৱাত চিট এটা খালি হ’ল। কিছু কচৰৎ কৰি অমলে খালি হোৱা একেবাৰে শেষৰ চিটটোত বহি ল’লে। গাত ভৰি লাগোতে এজনে কিবাকিবি ক’লেও কওঁক, কৈ থাকক। কি আহে যায়, ইমান গৰমত খিৰিকীৰ কাষত চিট এটা পোৱা ক’ম ডাঙৰ কথা নহয়! অন্ততঃ এই গেলা গৰমত কিছু বতাহ পোৱা যাব। আজি অমলৰ হাতত বহুত সময়। কার্য্যলয়ৰ পৰাও সোনকালে আহিছে। অমলৰ এটা অসুখ হৈছে। শৰীৰ আৰু মনৰ পৰা এৰিবলৈ মন নোযোৱা অংশ এটা যেন এৰাই গৈছে। সেয়ে ওপৰৱালাক কৈ ছুটি লৈ আহিছে। কিবা এটা অহৈতুক চিন্তাত চিকিৎসাৰ বাবে তেওঁ চিকিৎসকৰ ওচৰলৈও যোৱা নাই। কেইবাদিনো বহুত ভাবি চিন্তি এটা সিন্ধান্ত ল’লে যে তেওঁ নিজে নিজৰ অসুখটোৰ চিকিৎসা কৰাৰ চেষ্টা কৰিব। অমলে ঠিক কৰিছে তেওঁ কালি ৰাতিপুৱাৰ পৰাই অসুখটোৰ চিকিৎসা কৰাব। শৰীৰ আৰু মনৰ পৰা এৰাই যোৱা অংশটো জোৰা লগাবলৈ চেষ্টা কৰিব।

বাছখন আহি চান্দমাৰী ‘ফ্লাইঅভাৰ’ৰ মাজ পালেহি। অমলে বাছখনৰ খিৰিকীৰে সোঁহাতে দেখা শৰণীয়া পাহাৰটোত চকু স্থিৰ কৰিলে। নেদেখা হোৱালৈকে অমলে পাহাৰৰ টিঙটোত দৃষ্টি ৰাখিলে। একেবাৰে ওপৰত আমাৰ জাতিৰ পিতাৰ সংগ্রহালয়টো। গান্ধী মণ্ডপ থকা শৰণীয়া পাহাৰটো দেখাত দেখোন একেবাৰে লাটুমটোৰ দৰে। ওপৰটো জোঙা, লাটুমটোৰ তলৰ অংশটোৰ নিছিনা। কেনেবাকৈ পাহাৰটোকে ওলোতাই লাটুমটোৰ দৰে ঘূৰাব পাৰিলে কি যে মজা লাগিব। ল’ৰালি কালত ডাঙৰবোৰে আঠালেটিয়া মাটিৰ পৰা সাঁজি দিয়া লাটুমৰ সৈতে ক’ম খেলিছিলনে! বাবাকো এবাৰ কি দুবাৰমান কাঠৰ লাটুম কিনি দিছিল। ৰঙা, নীলা, হালধীয়া পটি থকা লাটুম। ঘূৰি থাকোতে কি যে এক মনমোহা সৌন্দর্য! অমলৰ তেনে লাটুম এটাকে ঘুৰাবলৈ বৰ মন গ’ল। কথাবোৰ ভাবি ভাবি হাঁহি উঠি গ’ল, পিছ্মুহুর্ততে মুখমণ্ডলত আকৌ বিষণ্ণতাৰ ছায়া। কিয় এনে হয়? হঠাতে দেখোন মনটো বিষণ্ণতাৰে ভৰি উঠে, ক’তোৱেই ভাল নালাগে। তেওঁৰ নিজৰ পৰিয়ালো আছে লগতে, তথাপিও কিয় জানো! কাৰণ অমলৰ যে এটা অসুখ হৈছে। অমলে নিজেই এনেকৈ ভাবে।

পাঞ্জাবাৰীলৈ গৈ থকা বাছখনৰ পৰা ছয়মাইলত অমলে নামি গ’ল। ছয়মাইলত অৱেশ্যে অমলৰ ঘৰ নহয়, আৰু দুই কিঃমিঃ আগতহে ঘৰটো। কিন্তু অমলে এটা লাটুম কিনিব, ঘৰৰ ওচৰত নাপাবও পাৰে। কেইবাখনো দোকানত লাটুম বিচাৰি নোপোৱাত কিবা এটা হেৰোৱাৰ বেদনাত আকৌ অমলৰ মনটো আকৌ গধুৰ হৈ পৰি্ল। মনতে হিচাপ এটা কৰি চালে এইটো ছেপ্তেম্বৰ মাহ, বজাৰত লেছু ওলাবলৈও আৰু কেইবামাহো লাগিব। অমলৰ লেছুৰ গুটিটোৰ পৰা লাটুম এটা সাঁজি খেলিবলৈ বৰ মন গ’ল। “অ’ পূজালৈ দেখোন বেছি দিন নাই, পূজাত এইবোৰতো ওলায়েই” -অমলৰ মনত পৰিল। হলেও ঘৰত পুৰনা বস্তুবোৰৰ মাজত এবাৰ বিচাৰিব লাগিব, পাবও পাৰে। মনত আছে সৰু থাকোতে বাবাক তেনেকুৱা লাটুম এটা আনি দিছিল। গতিকে থাকিবও পাৰে। বাবাই বস্তুবোৰ পুৰণি হলেও পেলাই নিদিয়ে।

অমলে বাকী পথছোৱা খোজকাঢ়িয়ে আগবাঢ়িল। বেলিৰ পোহৰ আছিলেই, অদূৰত দেখিলে পথৰ দাঁতিত চাৰিজনমান কিশোৰে ‘মার্বল’ খেলি আছিল। অমল ৰৈ সিহঁতৰ খেল চাবলৈ ধৰিলে। এবাৰ এজনৰ ‘মার্বল’ এটা বাগৰি গৈ ওচৰৰ নর্দমাটোতে পৰিল। কিশোৰ জনে বৰ বিশেষ গুৰুত্ব নিদি পেন্টৰ পকেটৰ পৰা অন্য এটা উলিয়াই খেলিবলৈ ধৰিলে। অমলৰ মনত পৰিল সৰু্কালৰ কথা। এবাৰ এনেকৈ ‘মার্বল’ এটা ৰাজুহতঁৰ ঘৰৰ আগৰ লেতেৰা নলাটোত পৰা্ত ঘিণ নকৰি সি একেকোবে নলাটোত হাত ভৰাই ‘মার্বল’টো উলিয়াই আনিছিল। দুজনমানে ছিঃ ছিঃ বুলিছিল। হাতখন লেতেৰা নর্দমাটোত সোমোৱাত কিনো হৈছিল! ঘৰলৈ আহি ভালদৰে চাবোনেৰে হাত-ভৰি ধুই পেলাইছিল। লেতেৰাবোৰ কিবা লাগি থাকেনে! অমলে এনেয়ে পথৰ ওপৰত পায়চাৰি কৰি থাকিল। মাজে মাজে কিশোৰ কেইজনৰ ফালে চাই থকিল, কেতিয়ানো খেল শেষ কৰি যায় ইয়াৰ পৰা। কিয়নো অমলে নর্দমাটোৰ পৰা মার্বলটো হাত ভৰাই উলিয়াই আনিব বিচাৰিছিল। এনেকৈ বহুত সময় গ’ল। নাই সিহঁত খেলাতে মগ্ন। ভাবিলে সিহঁতৰ সন্মুখত নলাটোত হাত ভৰাই ‘মার্বল’টো বিচৰাটো ঠিক নহ’ব। অমলৰ বয়স হৈছে, তেনে কৰিলে লৰা কেইটাই পাগল বুলিও ভাবিব পাৰে। গতিকে অমলে পুনৰ আগলৈ খোজ ল’লে।

কিছুদূৰ আগবাঢ়ি ইফালে সিফালে চাই দোকান এখনত সোমাই ‘মার্বল’ আছেনে সুধিলে। সেইখনত নাই, দোকানীজনে অন্য এখন দেখুৱাই তাতে পাব বুলি ক’লে। দেখুৱাই দিয়া দোকানখনৰ পৰাই অমলে দহ টকাৰ নোট এখন দি মার্বল কেইটা লৈ পকেটত ভৰালে।
: “বেজবৰুৱা, কাৰ বাবে ইমানবোৰ মার্বল কিনিছে?” উচপ খাই উঠিল অমল। ঘূৰি চাই দেখে ভুদেব ডেকাক। তেওঁৰেই ওচৰ চুবুৰীয়া।
: “নাই নাই, মানে বাবাক লাগে” অমল সঁচাকৈয়ে অপ্রস্তুত হৈ মিছা কথা এটাকে কৈ দিলে।
“বাবাই মার্বল খেলে!? মইতো কেতিয়াও তাক মার্বল খেলা দেখা নাই”- ডেকাই অলপ আচৰিত হৈ কথাষাৰ সুধিলে।

           জৰুৰী কাম থকা বুলি কৈ দৌৰাদৌৰিকৈ অমল দোকানখনৰ পৰা ওলাই আহিল। অমলে ডেকাক কেনেকৈ কয় যে মার্বল বাবাৰ বাবে নহয়, তেওঁ নিজে খেলিবৰ বাবে কিনিছে। অমলে অকলেই খেলিব। চিন্তা কৰিলে বাবাই বাৰু মার্বল খেলিছেনে কেতিয়াবা, মার্বল হাতত লৈ পাইছেনে নাই তাৰো সন্দেহ আছে। বাবা হৈছে অমল বেজবৰুৱাৰ একমাত্র পুত্র। ঘৰত সকলোৱে মৰমতে বাবা বুলি মাতে। বাবা ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় এখনৰ অষ্টম শ্রেণীৰ ছাত্র। খুব ভাল পঢ়া শুনাত, বাবাই ৰাতিপুৱা ৫ বজাতে টোপনিৰ পৰা উঠে। মুখ হাত ধুই মাকে দিয়া গাখীৰ এগিলাচ ততাতয়াকৈ খাই ‘টিউচন’লৈ যায়। মাকে ইতিমধ্যে পাকঘৰত সোমাই ভাত, তাৰ স্কুলৰ ‘টিফিন’ৰ যা যোগাৰ কৰে। বাবা আহি পাই মানে মাকৰ ভাত পানী সাঁজু হৈ উঠে। সি দৌৰাদৌৰিকৈ গা-পা ধুই, ভাত-পানী খাই স্কুললৈ যাবলৈ ধাপলি মেলে। অকণমান পলম হলে স্কুল বাছখন ধৰিব নোৱাৰিব। স্কুলৰ পৰা আহি কিবা অলপ খাই আকৌ ‘মিউজিক’ৰ ক্লাছলৈ যাবলৈ সাজু হ’ব লাগে। মিউজিকৰ ক্লাচৰ পৰা আহি ‘হ’মৱৰ্ক’ বোৰ থাকেই, কিমান যে পঢ়া শুনা। গতিকে বাবাই মার্বল খেলে কেনেকৈ, সময় পায় জানো! নিজৰ স্কুল খনৰ বাহিৰত তাৰ কেইজন বন্ধু আছে, অমলে ভাবিলে। কোনোধৰণৰ খেল ধেমালীৰ বাবে তাৰ অৱশ্যে সময়ো নাই।
             আকাশ খন হঠাতে দেখোন ডাৱৰে আৱৰি ধৰিলে। অমলে এবাৰ ভাবিছিল যে দিনত ইমান গৰম হলে আবেলিলৈ বোধকৰো এজাক মান বৰষুণ দিব। নাই অমলে এতিয়া ঘৰলৈ নাযায়। তেওঁ বাহিৰতে ইফাল সিফাল কৰি বৰষুণ জাকৰ বাবে অপেক্ষা কৰা্টোকে ঠিক কৰিলে। বাঁওহাতে সোমাই যোৱা পথটোত খুব বেছি ঘৰ হোৱা নাই, কেঁচা মাটিৰ পথ। অমলে সেই পথটোৱেই বাচি ললে। অন্ততঃ চিনাকী লোক পোৱাৰ সম্ভাৱনা কম। অমলে খোজ কাঢ়িব, খোজ কাঢ়ি কাঢ়ি বৰষুণ এজাকৰ বাবে অপেক্ষা কৰিব। বাৰে বাৰে আকাশ খনৰ ফালে চাব ধৰিলে। আহিবনে সঁচাকৈয়ে এজাক বৰষুণ!

পিছদিনাখন দেওঁবাৰ। অমলে নিজে কৰি থোৱা পৰিকল্পনাবোৰ মনলৈ অহাত মনতো আনন্দৰে ভৰি পৰিল। বাবাই মাকৰ সৈতে ৰাতিপুৱাই মোমায়েকৰ ঘৰলৈ যাব দিনটোৰ বাবে। আইতাকৰ বছৰেকীয়া শ্রাদ্ধ উপলক্ষে, মোমায়েকে নিশা নিজে থৈ যাবহি। অমলৰ এটা অসুখ হৈছে, গতিকে শ্রাদ্ধলৈ নাযায়। গোটেই দিনটো অমল ঘৰত অকলে থাকিব, অমলে নিজে নিজৰ সেই অসুখটোৰ চিকিৎসা কৰিব। চিকিৎসাৰ বাবে সাজু হ’বলৈ আজি সেয়ে ছুটি লৈ আহিছে। লাহে লাহে আন্ধাৰ নামিছে, বিজুলী ঢেৰেকণিৰো শব্দ শুনিবলৈ পোৱা গৈছে। অমলৰ মনটো মুকলি মুকলি লাগিল, পেন্টৰ পকেটত হাত ভৰাই মার্বল কেইটা খেপিয়াই চালে। আছে, আছে। লোকে শব্দ শুনিব বুলি ভাবি মার্বল কেইটা ৰুমাল খনৰে বান্ধি ৰাখিছিল। অমলে ৰুমাল খনৰ বান্ধটো খুলি দিলে। মার্বল কেইটাই ইটুৱে সিটুৰ গাত লগ লগাত এটা সুৰীয়া শব্দ হ’ল, অমলৰ মনটো আনন্দতে নাচি উঠিল।

বৰষুণৰ এটোপাল দুটোপাল অমলৰ গাত পৰিল। ইফালে সিফালে চাই অমলে আনন্দত জপিয়াই উঠিল। মার্বল কেইটাইও ইটোৱে সিটোৰ লগ লাগি সুৰীয়া শব্দৰ লহৰ তুলিলে। সঁচাকৈয়ে বৰষুণজাক আহিল। অমলে বৰশি এটা যোগাৰ কৰি থৈছে দুদিনমান আগতেই। কালি তেওঁৰ ঘৰৰ পিছফালৰ খালটোত বৰশি টুপিয়াব লাগিব। অমল বেজবৰুৱাই খোজৰ গতি আৰু হ্রাস কৰিলে। ইতিমধ্যে গৈ গৈ পথটো শেষ হোৱাত তেওঁ আকৌ ঘূৰি আহিছিল। বৰষুণজাক জোৰেৰে আহিল। তেওঁ চশমা যোৰ খুলি চোলাৰ জেপত ভৰালে। হেপাহ পলুৱাই বৰষুণত তিতিলে। “জ্বৰ উঠিব নেকি বাৰু? ছর্দি একা! এ যি হয় হৈ থাকক” অমলে এনেকৈয়ে ভাবিবলৈ ধৰিলে। পিছফালৰ পৰা অহা ‘মটৰ চাইকেল’ খনৰ পোহৰত অমলে দেখিলে অ’ত ত’ত দুই এটা পানীৰ ডোঙা বান্ধিছে। তেওঁৰ ঘৰৰ পিছচোতাল খনতো বৰষুণ দিলে পানী জমা হয়। কাইলৈ বাৰু থাকিবনে, কাগজৰ নাও সাজি মেলি দিব লাগিব। নহলে ৰাতি মাক পুতেক শুৱাৰ পিছতো নাও মেলিব পাৰিব। সিহঁতৰ আগত এইবোৰ কৰিব নোৱাৰি। বাবা আৰু মাকে তেওঁৰ অসুখটোৰ কথা বোধকৰো নাজানে।
অমল বেজবৰুৱাই পানীৰ ডোঙা এটাত জোতাৰে সৈতে জপিয়াই দিলে। গোটেই বোকা পানী বোৰ ছিটিকি আহি তেওঁৰ গাত পৰিল। কোনোফালে নোচোৱাকৈ তেওঁ আকৌ এবাৰ জপিয়ালে। আকৌ এবাৰ… কেইবাবাৰো। চিঞৰিম বুলি ভাবিও তেওঁ ৰৈ দিলে, কিন্তু বৰকৈ ইচ্ছা গৈছিল। এঘৰত কোনোবাই উদ্দাম সংগীত শুনি আছিল। অমলৰো গা উঠিল। ঠাইতে দুপাকমান ঘূৰিওঁ দিলে, জপিয়ালেও দুবাৰমান।
বৰষুণৰ কোলাহল…
মার্বল গুটিবোৰৰ শব্দৰ ঝনঝননী…
দিনৰ গৰমো যথেষ্ট কমি আহিল…
অমলৰ মনত এক বুজাব নোৱাৰা আনন্দই ক্রিয়া কৰিলে।
জীৱনটোক কেৱল মাত্র হাঁহি ধেমালিৰে উপচাই দিবৰ মন গ’ল।বহুদিনৰ মুৰত যেন অমলে বহুত কিবাকিবি পালে। গান নাগায় অমলে, কিন্তু গাবলৈ বৰ ইচ্ছা গ’ল।

“গা গা আজি গাই যা গীতকে গা
যা যা নাচি নাচি নিজক পাহৰি যা।
অ’ জীৱন আমাৰ এই জীৱন হাঁহিৰে ভৰা জীৱন
কান্দিনো ভাগৰো কিয়?………………”
বাকী খিনি অমলৰ মনত নপৰা হ’ল।

        বহু দিন আগতে শুনা এই গানটো আজি অমলৰ ইমান ভাল লাগিলে যে ইয়াৰ পিছৰ খিনি জানিবলৈ বৰ মন গ’ল। বৰষুণজাক কমিবলৈ ধৰিলে। অমলে এতিয়া ঘৰলৈ উভতিবলৈ ধৰিলে। কি ঠিক তেওঁৰ পিছচোতালৰ পানীখিনি যদি শুকাই যায়, নাও কেনেকৈ মেলিব। থাকক, মাক পুতেকে দেখিলেও দেখক। অমলে ঠিক কৰিলে এতিয়াৰ পৰা তেওঁ মাজে মাজে অকলে হলেও মার্বল খেলিব, চিলা উৰুৱাব, বৰষুণ দিলে তিতিবও, কাগজৰ নাও সাজি পানীত মেলি দিব। অমলে অলপ দূৰ আহি চুক এটাত বিহাৰী চানাচুৰৱালা এজনক দেখি আগবাঢ়ি গ’ল। দীঘল মুঢ়াটোৰ ওপৰত থোৱা আইনাৰ বাকচটোৰ চাৰিওঁকাষে কেইবাজনো সৰু সৰু লৰা ছোৱলীয়ে বেৰি ধৰিছে।
“বাবু কি দিম, কিমানৰ দিম” চানাচুৰৱালাই ভাল গ্রাহক এজন বুলি ভাবি সৰু লৰা ছোৱলীকেইটাক এৰি অমলকে অগ্রাধিকাৰ দিলে।
: “গোটেই বোৰ মিহলি কৰি দহ পইচাৰ দে”।
অমলৰ কথা শুনি অবিশ্বাসেৰে ভৰা চাৱনি এটাৰে চানাচুৰৱালাজন মনে মনে থাকিল।
: “দে দে পাঁচটকাৰ, পিয়াজ অলপ বেছিকৈ দিবি” অলপ হাঁহি অমলে কলে।
       
          বাওঁহাতত কাগজৰে বান্ধি দিয়া টোপোলাতো লৈ সোঁহাত খন বাকচটোত ভৰাই দুটামান বাদাম ললে। অমলে এইবাৰ মনৰ আনন্দত কিবা এটা গুনগুনাই চানাচুৰ খাই খাই ঘৰলৈ বাট ললে।

          অমল বেজবৰুৱাৰ মুখৰ পৰা বিষণ্ণতাৰ ছায়াবোৰ দেখোন আঁতৰি গ’ল। কালি কি কি কৰিব মনতে ভাবিবলৈ ধৰিলে। কাগজৰে পদুম ফুল, কেমেৰা, ভীমৰ গদা সাঁজিব লাগিব, চিলা এখনো সাঁজিব লাগিব। এইবোৰ কৰি কৰি ভাগৰ লাগিলে বিছনাত শুই শুই অকণিৰ মহাভাৰত পঢ়িব। দূর্গা পূজালৈও বেছি দিন নাই। ইঃ অমল বেজবৰুৱাই পাহৰিছিলেই, শেৱালিজোপা ফুলিছেই দেখোন! ৰাতিপুৱা ৰাতিপুৱা শেৱালি ফুলবোৰ বুটলিবলৈ কিমান যে ভাল লাগিব, আজি ৰাতিয়েই গছজোপাৰ তলত বাতৰি কাকত কেইখনমান মেলি থৈ দিব লাগিব, ফুলবোৰ উঠাবলৈ সহজ হ’ব। অমলৰ আৰু এটা গানৰ কলি মনলৈ আহিল…
“আহিনক কোনে আনে,
আহিনক কোনে আনে…
নিয়ৰে জনালে শেৱালিয়ে…
আৰু শেৱালিয়ে ক’লে নিয়ৰে আনে।
দুৱৰীয়ে ক’লে কোমল হাঁহিৰে…
দুয়োজনে দুয়োজনে…”
       
       কাতি বিহুৰ দিনা তুলসী জোপা তেওঁৱে ৰুব, এইবাৰ কাকো ৰুবলৈ নিদিয়ে। গোটেই কাতি মাহটোত অমলেই চাকি জ্বলাব। কথাবোৰ মনতে পাগুলিয়াই পাগুলিয়াই ঘৰ আহি পালে।
প্রকৃততে অমলৰ এটা অসুখ হৈছে। হয়তো অমলৰ অসুখটোৰ চিকিৎসা আজিয়েই আৰম্ভ হৈ গৈছে। অৱশ্যে অমলে এইটো নিজেও অনুভৱ কৰিব পাৰিছে। অমল বেজবৰুৱাৰ অসুখটো ভাল হবনে বাৰু!?
(সাহিত্য ডট অৰ্গত প্ৰকাশিত)