নিঃস্ব (চুটি-গল্প)
মোক অলপ দুখ দিয়া।
সুখৰ সাগৰত ককবকাই মই আজি নিস্প্ৰাণ হৈ ৰ’লো।
মোৰ হিংসা হয় তোমালোকৰ দুখবোৰ দেখি।
হিংসা হয় তোমালোকৰ উৰুখা পঁজাবোৰ দেখি।
হিংসা হয় তোমালোকৰ চকুপানীবোৰ দেখি।
বগা
কাগজখিলাৰ ফালে চালে এবাৰ মেঘ’মল্লাৰ দুৱৰাই। নিজে আচৰিত হ’ল। এয়া কবিতা কবিতা লগা
নাইনে? দুৱৰাই কবিতা লিখিবলৈ ল’লে নেকি? নিজকে প্ৰশ্ন কৰিলে। আকৌ ভাবিলে দুৱৰাই।
এয়াটো জীৱনৰ সঁচা অনুভৱ। কবিতা হওকে বা নহওক। নিজকে যন্ত্ৰৰ দৰে ভবা মানুহজনে আজি
নিজকে অন্য ধৰণেৰে আৱিষ্কাৰ কৰিলে নেকি? চাৰিমহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাৰ
বেলকনীত আৰামী চকী এখনত বহি আছিল। ইফালে সিফালে চাই কাষতে কাগজ-কলম পাই হাতত তুলি
লৈছিল।
সুন্দৰ ফিৰফিৰিয়া বতাহ এজাকে বোধকৰো দুৱৰাৰ মনটোকো ভাবগধুৰ কৰি তুলিছিল। অদূৰত
কেইবাজনো
ৰিক্সাচালক আৰু দিন-হাজিৰা কৰা পৰিয়ালৰ বাসগৃহ। মাটিৰ মালিকে
সৰু
তৰ্জা
বেৰ দিয়া ঘৰকেইটামান সাজি দিছে। তাতে থাকে পৰিয়ালকেইটা। দুৱৰাৰ
তেওঁৰ
পাৰিপাৰ্শ্বিক আৰু প্ৰতিবেশীৰ ওপৰত আজি কেইদিনমানৰ পৰাহে দৃষ্টি
পৰিবলৈ
আৰম্ভ কৰিছে। সৰু সৰু দিন হাজিৰা কৰা পৰিয়ালকেইটাই বাৰু তেওঁক
জীৱনটোক
নতুনকৈ চাবলৈ শিকালে নেকি? তেওঁলোকৰ দৈনন্দিন কাজকৰ্মবোৰ চকুত
পৰিল।
আকৌ কেইশাৰীমান মনলৈ আহিল। সময় নষ্ট নকৰি আগতে লিখাখিনিৰ তলতে লিখা
আৰম্ভ
কৰিলে।
……আৰু হিংসা হয়,
যেতিয়া তোমাৰ দেউতাই অৰ্ধ-দিগম্বৰী দেহাৰে কাম
বিচাৰি যায়,
আৰু তোমাৰ মায়ে খালি টেমাত তোমাৰ বাবে খোৱা
বস্তু বিচাৰে,
আৰু আশা কৰে,
যাতে তেওঁ হাতত খাদ্যৰ টোপোলা এটা লৈ সোনকালে
কাষলৈ উভতি আহে।…
ধেৎ! দুৱৰাৰ দেখোন স্কুল-কলেজৰ দিনবোৰৰ মাজলৈ উভতি যোৱা যেন অনুভৱ হ’ল।
কিমান
দিন যেন কলমেৰে কাগজ বোলোৱা নাই! ঘহাই-পিহাই প্ৰেমৰ কবিতা কেইটামান
লিখিছিল
মহাবিদ্যালয়ত পঢ়ি থাকোতে। কিন্তু যাৰ বাবে লিখিছিল তেওঁকহে দিয়া
নহ’ল।
দুৱৰাই স্বগতোক্তি কৰিলে-
“এইবোৰ অনুভৱহে। ভাল লাগে দেখোন এনে সৰু সৰু
মানুহবোৰৰ জীৱন-প্ৰণালীবোৰ দেখি! নিজকেহে নিঃকিন, নিঃস্ব যেন লাগিছে!”
দুৱৰাই ‘বেলকনি’ৰ পৰাই অনুমান কৰিব পাৰিলে দিন-হাজিৰা কৰা পৰিয়ালটোৰ ৪-৫
বছৰীয়া ল’ৰাটোৱে সন্মুখৰে যোৱা শইকীয়া বেকাৰীৰ ঠেলাৰিক্সা খনৰ পৰা কিবা এটা
কিনি দিবলৈ মাকক কুটুৰিয়াই থকাৰ দৃশ্যটো। কেক-বিস্কুটেৰে ঠাহ খাই পৰা
ঠেলাৰিক্সাখনক আটায়ে বেৰি ধৰিছে। মাক এবাৰ জুপুৰিটোলৈ সোমাই গ’ল। ল’ৰাটো
শান্ত হ’ল। সিও জানে কিবা এটা খাবলৈ হ’লে হাতত টকা লাগিব। মাকে এতিয়া
দুটামান টিনৰ টেমা খুলি তাৰ পৰা টকা উলিয়াব। ল’ৰাটোৱে প্ৰফুল্ল মনেৰে এবাৰ
ঠেলাৰিক্সাখনলৈ এবাৰ তাৰ জুপুৰি ঘৰটোৰ খোলা দুৱাৰখনলৈ ঘনে ঘনে দৃষ্টি
সলাবলৈ ধৰিলে। তাৰো প্ৰতীক্ষাৰ অন্ত পৰিল মাক ওলাই আহিলত। কিন্তু উদাস মন আৰু দৃষ্টিৰে
মাকে পুতেকক কোলাত লৈ ভিতৰলৈ যাবলৈ ওলাল। চিঞৰ-বাখৰ কৰি হাত-ভৰি জোকাৰি
ল’ৰাটোৱে
মাকৰ কবলৰ পৰা মুক্ত হৈ ঠেলাৰিক্সাখনলৈ ঢাপলি মেলিলে। কোনোমতে
মাকে
কোলাত লৈ আহিল। দুখে-ৰাগে দুই থাপ্পৰো দিলে। দুৱৰাই কাষৰ মেজত ৰখা
কাপ-প্লেটজোৰলৈ
চালে। প্লেটখনত এতিয়াও তেওঁ নোখোৱাকৈ থকা দুখনমান বিস্কুট, এটুকুৰা কেক পৰি আছে।
দুৱৰাই জানে অলপ পিছতেই কাম কৰা তিৰোতা গৰাকীয়ে
সেইবোৰ পেলনীয়া বস্তুৰ টোপোলা এটাত সোমোৱাই থৈ দিব। দুৱৰাই কিবা
এটা
ভাবিলে। “শুকন্তি…শুকন্তি… শুনছোন।” – ঘৰৰ কাম কৰা তিৰোতাগৰাকীক চিঞৰিলে।
নাই তাই নুশুনিলে বোধকৰোঁ। দুটামান টকা মাকৰ হাতত দি আহিব পাৰিলে
মনটো ভাল লাগিলেহেঁতেন! পুতেকটোক ভাল লগা কিবা
এটা কিনি দিব পাৰিলেহেঁতেন। দুৱৰাই নিজে উঠিবলৈ
ললে।
“উস! বৰ দুখ পালোঁ।” – দুৱৰাৰ মুখৰ পৰা অস্ফুট
শব্দৰে কথাখিনি ওলাই আহিল। তেতিয়াহে হুচ আহিল দুৱৰাৰ এখন ভৰি তলৰ পৰা ওপৰলৈ
‘প্লাস্টাৰ’ কৰা আছে। মটৰ গাড়ী দুৰ্ঘটনা এটাত
পতিত
হৈ এই অৱস্থা। ভৰিৰ হাড়ৰ ওপৰত ‘প্লেট’ বহুৱাব লগা হৈছে।
এমাহ লাগিব। দহদিন হৈছেহে! বেলি লহিয়াবলৈ ধৰিছে। দুৱৰাই দিনহাজিৰা কৰা
পৰিয়ালটোৰ বন্ধ দুৱাৰখনৰ ফালে চাই থাকিল। শইকীয়া বেকাৰীৰ ঠেলাৰিক্সাখন যাবলৈ ওলাল।
দিনহাজিৰা কৰা লোকজন আহি পালে। দুৱাৰখনৰ ওচৰলৈ আহি কিবা এটা ক’লে। মাক-পুত্ৰ ওলাই আহিল।
পুতেকে
বেকাৰীৰ ঠেলাৰিক্সাখনৰ কথা পাহৰা নাছিল। পথলৈ চালে। মাকেও।
গিৰীয়েকক
কিবা এটা ক’লে। ঘৰ্মাক্ত দেহাৰে মানুহজনে ইতিমধ্যে পিৰালিত
দেহাটো
এৰি দিছিল। পিন্ধি থকা লুঙিখনৰ খোচনাৰ পৰা টকা পাঁচটা উলিয়াই
ঘৈণীয়েকৰ
হাতত দিলে। পুতেকে মাকৰ শাৰীৰ আচলত ধৰি টানি থাকিল। দুৱৰাই মন
কৰি
থাকিল আটাইকেজনৰে মুখৰ অভিব্যক্তিখিনি। ইতিমধ্যে মূলপথলৈ ওলাই যোৱা
শইকীয়া
বেকাৰীৰ ঠেলাৰিক্সাখনক চিঞৰিবলৈ ধৰিলে। সি হয়তো কেকুৰিটো পাৰ
হৈছিল।
দুৱৰাই নেদেখিলে। দুৱৰাৰ উৎকণ্ঠা বাঢ়িল। পায়নে নেপায়গৈ বা! তেওঁ
চকু
দুটা মুদি দিলে।
কিমান সময়
আছিল বা তেনেকৈ! সৰুকৈ কোলাহল এটা শুনি চকু মেলি দেখে পুতেকটোৰ
হাতত
‘পেটিচ’ এটা। সি ইতিমধ্যে অলপ খাইছে। তাৰে এচিকুট বাপেকক খুৱাবলৈ
চেষ্টা
কৰিছে। মাকে মুখত এক প্ৰশান্তিৰ হাঁহি লৈ কাষত ঠিয় হৈ আছে।
কুৱাঁটোৰ
পৰা পানী এবাল্টি উঠাবৰ বাবে মাক আগবাঢ়ি গ’ল। নিশ্চয় গিৰীয়েকৰ
ঘৰ্মাক্ত
দেহাটো শাঁত পেলাবৰ বাবে। ভেকাহি এটা মাৰি মানুহজনে বাল্টিটো
আজুৰি
ল’লে। খঙত কিবা এটা ক’লে। মানুহজনীয়ে লাজত নখ কামুৰি তলমুৱা হৈ ঠিয়
দি
থাকিল। ইমান সময় দুৱৰাই মানুহজনীৰ স্ফীত পেটতো দেখাই নাছিল। এতিয়া
ঘূৰি
দিয়াতহে দেখিলে। দুৱৰাই নিজৰ জীৱনৰ ক্ৰমণিকাখিনি দলিয়াই পেলাবৰ
মন গ’ল। দলিয়াই পেলাবৰ ইচ্ছা থাকিলেও পাৰি জানো? সুখৰ সাগৰত ককবকাই
থাকি পাৰ হৈ যোৱাবোৰ ইমানদিনে যেন পাহৰিয়েই আছিল। তেওঁৰ যে এখন সংসাৰ আছিল এতিয়াহে মনত
পৰিল। ক’ত গ’ল তেওঁৰ পত্নী আৰু পুত্ৰ। তেওঁলোক আঁতৰি গৈছিল নিঃশব্দে।
নহয়! তেওঁলোক সশব্দেহে আঁতৰি গৈছিল। তেওঁহে সুন্দৰী ‘চেক্ৰেটাৰি’, ‘ফাইভ
স্টাৰ হোটেল’, 'মেকড’নাল্ড’ৰ আমেজত কোনো আঁতৰি যোৱাৰ শব্দই
শুনা নাছিল। তাৰ পিছতো কিন্তু তেওঁৰ কোনো অসুবিধা হোৱা নাছিল। এই অট্টালিকাটো
তেওঁৰেই। চাকৰ-বাকৰৰে পৰিৱেষ্টিত ঘৰখনত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল।
বেছিখিনি
সময় ভ্ৰমণতে কটাইছিল। কিন্তু মটৰ গাড়ী দুৰ্ঘটনাটোৰ পিছতেই এই
দহদিনে
যেন তেওঁ জীৱনটোক নতুনকৈ চাবলৈ শিকিলে। দুৱৰাৰ দেখোন পত্নীৰ স্ফীত
পেটতো
দেখাৰ কথা মনত নপৰিল। তেওঁৰ সন্তানে আব্দাৰ কৰাৰ কথাও তেওঁৰ মনত
নপৰিল।
সন্তানৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিলে। তেওঁ আচৰিত হ’ল, তেওঁলোক
কেনেকৈ
১২ বছৰ তেওঁৰ লগত একেলগে আছিল…মানে এই একেখন ঘৰতে আছিল ! আজি এই
দিনহাজিৰা
কৰা পৰিয়ালটোৱেহে এই কথাবোৰ মনলৈ আনিলে নেকি? দুৱৰাই আকৌ কাগজ
কলম
উলিয়াই আজিৰ অনুভৱ খিনি লিখিবলৈ ল’লে।
মোক সুখৰ পৰা মুক্ত কৰা।
মোক এই শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা তোমাৰ
উৰুখা পঁজাটোলৈ লৈ যোৱা।
মোৰ গাত থকা দামী সাজযোৰ খহাই পেলোৱা,
মোক অৰ্ধ-উলংগ দেহাৰে থাকিবলৈ দিয়া।
মোক ‘কে.এফ.চি’,'মেকড’নাল্ড’ৰ পৰা মুক্ত কৰি লৈ
যোৱা।
ৰাতিপুৱা খালী পেট থাকি মই অপেক্ষা কৰিম বেলি
লহিৱাওলৈ,
তেওঁ কিবা এমুঠি আনিব
আমাৰ মুখত দুখৰ হাহিঁবোৰ বিৰিঙাব।
মোক অলপ দুখ দিয়া।
দিগন্ত
যাদৱ শৰ্মা
(diganta yadav sarma)
(সৃষ্টিৰ জিলিঙনি জুলাই'
২০১৩
ত প্ৰকাশিত)
Comments
Post a Comment