Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (৮) :: ভলীবল, চিনেমা আৰু ‘কমোড’



: অই এইপিনে আহ। আমাৰ লগত খেল।
: দাদা, মই কোনোদিনে ভলীবল খেলা নাই।
: একো নহয়, পাৰিবি। লগত আমি আছো নহয়! হৈ গল আমাৰ টিম। খেল আৰম্ভ কৰ।
মুনিনদাই কোনো কথা কবলৈ সুযোগে নিদিলে। ক্ৰিকেট, ফুটবল, টেবল টেনিচ এইবোৰ খেলি পাইছো। কিন্ত ভলীবলহে খেলিবলৈ নহল। দেখোতে দেখিছো বহুবাৰ। সমস্যা হল ছাত্ৰাবাসলৈ অহা দহ-পোন্ধৰ দিনমান হৈছেহে। ৰেগিংবোলা বস্তুটো তেনেকৈ নাই যদিও কিবাএটা ভয় ভয় লাগি আছিল। ৰেগিংৰ কথা আন কিছুমানৰ মুখত শুনি থাকো। প্ৰথমদিনা যে অটৰিক্সাৰ পৰা নামিয়েই ট্ৰাঙ্কটো মুৰত লৈ ছাত্ৰাবাসত প্ৰৱেশ কৰিব লাগিছিল। প্ৰৱেশ কৰোতে এপাহ গোলাপ দিছিল। কিন্তু দুহাতেৰে ট্ৰাঙ্কটো ধৰি ৰখাত দাদা এজনে মুখত সোমোৱাই দিছিল। আমিও গোলাপৰ ঠাৰিদালত দাঁতেৰে কামুৰি ধৰিছিলোঁ। ওপৰৰ বেলকনিৰ পৰা দাদাসকলে চিৎকাৰ কৰিছিল। সেইবোৰ কথা মনত পৰিল।

বন্ধৰ দিন হোৱাৰ বাবে ৰাতিপুৱাৰ ভাগতে খেল আৰম্ভ হৈছিল। খেলত ভুল কৰিলেও নিশ্চিতভাবে গালি খাব লাগিব। ইফালে জীৱনত প্ৰথমবাৰৰ বাবে ভলীবল খেলত অংশগ্ৰহণ কৰিছোঁ! দুবাৰমান মোৰ ফালেও বল আহিল। নাই হাত লগাবই নোৱাৰিলোঁ। দুজনমানৰ পৰা ভৰ্ত্সনা, টিটকাৰি উপহাৰ হিচাপে পালো। যতে বাঘৰ ভয় তাতে ৰাতি হোৱাৰ লেখিয়াকৈ মোৰ ক্ষেত্ৰতো তাকেই হল। জীৱনত প্ৰথমবাৰৰ বাবে ভলীবলটো হাতেৰে লগালো ঠিকেই, কিন্তু একে দলৰে মোৰ কাষতে থকা মুনিনদাৰ থুতুৰিতহে লাগিব লাগেনে! মুনিনদাই উস-আস লগালে। ইফালে মোৰ বুকুত দুৰু দুৰু কপনি! ভাগ্য ভাল আছিল বোধকৰো। মুনিনদাৰ কোনোবা অতিথি অহাত খেলখন অলপ সালসলনি কৰা হল। সাময়িক ভাবে ময়ো ৰক্ষা পৰিলোঁ।

দিনটো আছিল দেওঁবাৰ। আমি প্ৰথম বছৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰকেইজনে একেলগেই ভাত খাওঁ। মোৰ কথাটোও তাতে আলোচনা হল। আমি তিনিজনে অনুৰাধাছবিঘৰত কয়ামত সে কয়ামত তকচোৱাটো ঠিক কৰিলোঁ। অন্তত দিনটোত মোক নেদেখিলে মুনিনদাই কথাটো পাহৰি যাবও পাৰে। দুইবজাত মেটিনি শ্বো। দৌৰাদৌৰিকৈ আমি তিনিজন ওলালো। মই, বিপুল আৰু তুষাৰ।

চিনেমাচলি আছে। ঠিক ইন্টাৰভেলৰ আগে আগে হঠাত বিপুল চিটৰ পৰা উঠি গল। তুষাৰে সোধোতে মুখৰ ভিতৰত কিবা এটা কলে। কি কলে আমি দুয়োজনেই বুজি নাপালোঁ। দহ মিনিটমান পিছতেই ইন্টাৰভেলল। পোহৰ হল। আমি দুয়োজনেই বাহিৰলৈ আহিলো। কিবাকিবি কিনিলো চোবাবলৈ। নাই বাহিৰত বিপুলক নেদেখিলো। ভাবিলো সি আকৌ চিটতে বহিল নেকি? ঘন্টি বাজিলত আমি আকৌ চিটত বহিলো। আচৰিত! বিপুল নাই! ভাবিলো ডাঙৰবিধে পাইছিল নেকি? এতিয়াও হোৱাই নাইনে? কিন্তু আমিতো বাথৰুমতো সোমাইছিলো! নেদেখিলোঁ।

মনটো ভাল লগা নাছিল। এনেকুৱা ৰোমান্তিক চিনেমাখনৰ পৰিণতি যে ট্রেজিকব পাৰে ভবাই নাছিলো। বিপুলৰ কথাই আলোচনা কৰি কৰি তুষাৰ আৰু মই চিনেমাশেষ কৰি ছাত্ৰাবাস পালোহি। দহ মিনিটমান পিছত মোক তুষাৰে তাৰ কোঠালৈ লৈ গল। বিপুল তাৰ ৰুমমেট। দুয়োটা অনবৰত একেলগেই থাকে। আমি নাম দিছিলো- বুন্দিয়া-ভুজিয়া, কাপ-প্লেট। কিন্তু বিপুল হল বেছ ওখ-পাখ পালোৱান চেহেৰাৰ। তুষাৰ চাপৰ। গৈ দেখো বিপুলে গামোছা এখন পিন্ধি বিছনাত আওজি আলোচনী এখন পঢ়ি আছে।
: অই তোৰ কি হ? একো নোকোৱাকৈ গুছি আহিলিযে?
: হঠাতে পেটতো কামুৰিলে। তাৰ পিছত মই……
: ’! ঠিকেইতো আমিও ভাবিছিলো তই টইলেটত গৈছ। কিন্তু অনুৰাধা চিনেমা হলততো টইলেটআছে।
: শুনযদি মোক কথাখিনি কব দে! মাজত পেকপেকাই নাথাকিবি! অনুৰাধাৰ টইলেটত মই ঠিকেই সোমাইছিলো। কিন্তু ভৰি দিয়া চিটটো ইমান ওখ। আনটোত সোমালো। গৈ দেখো সেইটোও সেই একেই। কোনো দিনে তেনেকুৱা চিটত বহি পোৱা নাই। নাজানোও নহয় কেনেকৈ বহে! ভয়ো লাগিল, উঠিলে যদি পৰি যাওঁ! কি সমস্যা! ইফালে বৰ জোৰকৈও ধৰিছে। বাপ্পেকে জোতাৰে সৈতে দিলো উঠি ওপৰত। তহঁতেটো জানই মোৰ ওজন! সেইটোৱে মোৰ ভৰ সহিব নোৱাৰি জোৰে শব্দ কৰি কেৰকেৰকৈ ভাগি থাকিল। সিফালে অলপ পিছতে দৰ্জাত টোকৰ- কি হল কি হবুলি। মোৰ ভয়ো লাগিছে। কিংকৰ্তব্যবিমুঢ় হৈ পৰিলোঁ। লাহেকৈ মাত লগালো- নাই ঠিকেই আছো। বোধকৰোচিনেমা হলৰ দাৰোৱান জনেই হব। উপাই নাপাই এৰিব লগীয়াখিনি চুক এটাতে এৰি থৈ ধুই-পখালি গুছি আহিলো। মোৰ ওজন সহিব নোৱাৰাকৈ সেই চিটটো ইমান দুৰ্বলনে? আৰু এটা কথা এই চিটবোৰ ইমান ওখকৈ কিয় তৈয়াৰ কৰে! সৰু লৰা-ছোৱলী, চাপৰ মানুহবোৰে কেনেকৈ তাৰ ওপৰত উঠিব। সন্মুখত ধৰিবৰ বাবেও একো এডাল নাই! তুষাৰেই বা কেনেকৈ উঠিব। কাম নাই আৰু! কিয় যে এইবোৰ লগাই মানুহৰ নগুৰ-নাগতি কৰে!
: ধেৎ গাধ! সেইটোক কমোডবুলি কয়। ইউৰোপিয়ান স্টাইলৰ টইলেট। সেইটোত তেনেকৈ নবহে নহয়! তয়ো যে আৰু! -তুষাৰে মাজতে মাত লগালে।
মই আকৌ বিপুলক কলো-
: বাৰু বুজিলোঁ এইবোৰ কথা। তই কামফেৰা কৰি আকৌ চিনেমাখন চাব পাৰিলিহেতেঁন। কিয় গুছি আহিলি?
: ধেৎ! কেনেকৈ সোমাবি? সোমাব লৈছো, দাৰোৱানতোক দেখো এবাৰ মোৰ ফালে দৃষ্টি নিক্ষেপ কৰি মই সোমোৱা টইলেটটোলৈ সোমাই গৈছে। ভাবিলো এতিয়া নিশ্চয় ভঙা-ছিগা অৱস্থাত দেখি মোৰ পৰাই জৰিমনা ভৰাব। ইয়াকে ভাবি ভয়তে চিধাই তললৈ নামি গুছি আহিলো। এতিয়া বাদ দে এইবোৰ। চিনেমাখনৰ বাকী থকা কাহিনীটোকে ক। জুহি চাৱলা আমিৰ খানৰ বিয়াখন পিছে হলনে?
উপসংহাৰঃ- আজি কিছুবছৰ আগতে বিপুলৰ ঘৰলৈ গৈছিলো। নতুনকৈ ঘৰ সাজিছে। চালো। শুৱনিকোঠা কেইটাও দেখুৱালে। গোটেই কেইটা কোঠা নিজৰ পছন্দ আৰু সুবিধামতে নিৰ্মান কৰি লৈছে। বিপুলৰ শুৱনিকোঠাৰটইলেটৰ দুৱাৰখন আধা মেলখাই আছিল। দেখিলো টইলেটৰ ভিতৰত বেছ দামী ব্ৰ্যান্ডৰ কমোডএটাই স্থান লাভ কৰিছে।

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)