Posts

Showing posts from July, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (৮) :: ভলীবল, চিনেমা আৰু ‘কমোড’

: অই এইপিনে আহ। আমাৰ লগত খেল। : দাদা , মই কোনোদিনে ভলীবল খেলা নাই। : একো নহয় , পাৰিবি। লগত আমি আছো নহয়! হৈ গ ’ ল আমাৰ ‘ টিম ’ । খেল আৰম্ভ কৰ। মুনিনদাই কোনো কথা ক ’ বলৈ সুযোগে নিদিলে। ক্ৰিকেট , ফুটবল , টেব ’ ল টেনিচ এইবোৰ খেলি পাইছো। কিন্ত ভলীবলহে খেলিবলৈ নহ ’ ল। দেখোতে দেখিছো বহুবাৰ। সমস্যা হ ’ ল ছাত্ৰাবাসলৈ অহা দহ-পোন্ধৰ দিনমান হৈছেহে। ‘ ৰেগিং ’ বোলা বস্তুটো তেনেকৈ নাই যদিও ‘ কিবা ’ এটা ভয় ভয় লাগি আছিল। ‘ ৰেগিং ’ ৰ কথা আন কিছুমানৰ মুখত শুনি থাকো। প্ৰথমদিনা যে অট ’ ৰিক্সাৰ পৰা নামিয়েই ট্ৰাঙ্কটো মুৰত লৈ ছাত্ৰাবাসত প্ৰৱেশ কৰিব লাগিছিল। প্ৰৱেশ কৰোতে এপাহ গোলাপ দিছিল। কিন্তু দুহাতেৰে ট্ৰাঙ্কটো ধৰি ৰখাত দাদা এজনে মুখত সোমোৱাই দিছিল। আমিও গোলাপৰ ঠাৰিদালত দাঁতেৰে কামুৰি ধৰিছিলোঁ। ওপৰৰ বেলকনিৰ পৰা দাদাসকলে চিৎকাৰ কৰিছিল। সেইবোৰ কথা মনত পৰিল। বন্ধৰ দিন হোৱাৰ বাবে ৰাতিপুৱাৰ ভাগতে খেল আৰম্ভ হৈছিল। খেলত ভুল কৰিলেও নিশ্চিতভাবে গালি খাব লাগিব। ইফালে জীৱনত প্ৰথমবাৰৰ বাবে ভলীবল খেলত অংশগ্ৰহণ কৰিছোঁ! দুবাৰমান মোৰ ফালেও বল আহিল। নাই হাত লগাবই নোৱাৰিলোঁ। দুজনমানৰ পৰা ভৰ্ত্সনা , টিটকাৰি

কৃষ্ণদুলালৰ দুখ (চুটি গল্প)

কৃষ্ণদুলালৰ দুখ  হাঁহজাকৰ মাজৰ পৰা হঠাতে এটা কেনেকৈ নোহোৱা হ ' ল ? কথাটো আমাৰ অলপো বোধগম্য নহ ' ল । চকুৰ সন্মুখতে থকা মুঠ চাৰিটা হাঁহৰ পৰা তিনিটা কেনেকৈ হ ' ল ? লুকাই থাকিবলৈ অথবা ক ’ ৰবাত সোমাই থাকিবলৈ তেনেকুৱা জঙ্ঘল , খাল - বিল , ঘৰ একোৱেই নাই ওচৰে - পাজঁৰে । হাঁহৰ জাকটো আকৌ বাবুলহঁতৰ । আমি পাঁচ জনে ইজনে সিজনৰ লগত আলোচনা কৰিলো । কিন্তু কৃষ্ণদুলালে মুখেৰে একো মাতা নাই । সি দুখ পালে নেকি ? অলপ আগতে সি পথৰ ওপৰতে লুটি খাই পৰিছিল । ফাকুৱাৰ দিন । হয়তো স্ফুৰ্তিপানীৰ কবলতো পৰিব পাৰে । “ অই কৃষ্ণদুলাল , দুখ পালি নেকি ?” শিশিৰে সুধিলে । “ চাচোন চা ইয়াৰ পেটটো কেনেকৈ কপি কপি ফুলি গৈছে । হাতদুখনো দেখোন চাৰ্টৰ ভিতৰত । কৃষ্ণদুলাল তই ঠিকেই আছনে ? ব ’ ল ব ’ ল ঘৰলৈকে লৈ যাও ঁ ইয়াক ” _ বিতুলে হুলস্থুল লগালে । কৃষ্ণদুলালে একো নমতা দেখি আৰু পেটতো উখহি অহাত ভয় খাই আমি গোটেইকেইজনে তাক লৈ তাৰ ঘৰ পোৱালো ঁ গৈ । কৃষ্ণদুলালৰ মাতবোল নাই । গোটেইকেইজনকে দেখি কৃষ্ণদুলালৰ