Posts

Showing posts from May, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ভাত-ঘুমটি আৰু ‘ৰোল নং ৩৫’ :: ছাত্ৰাবাসৰ এডোখৰ (৬)

ভাত-ঘুমটি আৰু ‘ ৰোল নং ৩৫ ’ :: ছাত্ৰাবাসৰ এডোখৰ (৬) সময় দিনৰ এক বাজি ত্ৰিশ মিনিট। মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা। : Attention Please Students, Roll No.1 : Present Sir : Roll No. 2……. Roll No. 3……. …….. বংশগতিতত্ত্ব বিজ্ঞানৰ ডঃ মজুমদাৰ চাৰে হাজিৰা বহীত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ খতিয়ান লৈ আছে। : ………… : Roll No. 18 : Yes Sir চাৰ ক্ষন্তেক সময় ৰ ’ ল। মূৰটো ডাঙি সন্মুখলৈ চালে। সন্মুখত বহা আন ছাত্ৰ-ছাত্ৰীবোৰেও ডিঙি ঘূৰাই পিছলৈ চালে। : What’s your name? : Sirrrrr… Biplab Kr. Das. চাৰে ‘ ৰোল নং ১৮ ’ লৈ কিছু সময় চাই থাকি আকৌ উপস্থিতিৰ খতিয়ান ল ’ বলৈ আৰম্ভ কৰিলে। যেন কিবা এটা সুধিব লৈছিল , কিন্তু নুসুধিলে। : …………. : Roll No. 35 সঁহাৰি নোপোৱাত চাৰ অকণমান সময় ৰৈ সন্মুখলৈ চালে। তাৰ মানে মনোজ বৰা অনুপস্থিত। মনোজ বৰাৰ ‘ ৰোল নং ৩৫ ’ । বাকী ছাত্ৰ -ছাত্ৰীবোৰে ‘ ৰোল নং ১৮ ’ ত উপস্থিতি দিয়াজনৰ ফালে চাই ফিচিঙা-ফিচিঙি লগালে। : Roll No. 36…….. Roll No. 37……… ১.৩০ বজাৰ ‘ ক্লাছ ’ টোত বৰ টোপনি টোপনি ভাব হয়। ১২ বজাত ‘ ক্লাছ ’ শেষ কৰি গা-পা ধুই ভাত খাই ছাত্ৰাবাসৰ পৰা আকৌ আহিবৰ

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা- দ্বিতীয় খণ্ড (প্ৰবন্ধ)

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা ( প্ৰবন্ধ) (দ্বিতীয় খণ্ড ) ১৯৪৭ চনত চিলেটত হোৱা গণভোটে চিলেট জিলাখন দুভাগ হৈ পৰে । ইয়াৰে পূব অংশ কৰিমগঞ্জ ভাৰতৰ লগতে ৰৈ গৈছিল । আৰু বাকী অংশ বাংলাদেশৰ লগত চামিল হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসহযোগৰ সময়ত এই উপত্যকাৰ কেইবাজনো লোক চামিল হৈছিল । কামিনী কুমাৰ চন্দ , অৰুন কুমাৰ চন্দ , আব্দুল মটলিব মজুমদাৰ তেনে কেইজনমান গৰীয়সী ব্যক্তি আছিল । আব্দুল মটলিব মজুমদাৰে ফকৰুদ্দিন আলি আহমেদৰ লগলাগি সুকীয়াকৈ পাকিস্থান গঠনৰ বিৰোধিতা কৰিছিল । গুৱাহাটীৰ পৰা শিলচৰলৈ দূৰত্ব ৩৪৩ কি : মি : । জনসংখ্যা   আৰু পৌৰ প্ৰশাসনিক এলেকা ফালৰ পৰা অসমৰ গুৱাহাটীৰ পিছতেই দ্বিতীয় বৃহত্তম চহৰ । ইয়াৰ মুঠ মাটিকালি হৈছে ১৫ . ৭৫ বৰ্গ কি : মি : । শিলচৰৰ পিছতেই দ্বিতীয়খন প্ৰধান চহৰ হৈছে কৰিমগঞ্জ । বৃটিছসকলে ১৫৭ খন চাহবাগিছা এই উপত্যকাত স্থাপন কৰি থৈ গৈছিল । বৃটিছসকলৰ শাসনকালত বৰাক নদীৰ পাৰত বিভিন্ন ব্যবসায়িক কাৰ্য্যকলাপ চলিছিল । এঠাইত নদীৰ পাৰসমূহ সৰু - বৰ শিলেৰে আবৃত্ত হৈ থকা বাবে জাহাজ , নাওঁ আদি বান্ধিবলৈ সুবিধা হৈছিল । আৰু এইদৰে শিলৰ ওপৰতে হাট - বজাৰ আৰম্ভ