Posts

Showing posts from March, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

উপাক-পাক :: ছাত্রাবাসৰ এডোখৰ (৪)

উপাক - পাক :: ছাত্রাবাসৰ এডোখৰ (৪) নৰহৰি বর্মনে ফোঁপাই জোঁপাই আহি ডঃ গোস্বামী চাৰৰ পদুলিমুখত উপস্থিত হ ’ ল। জপনাখন খুলি চিঞৰিলে - “ চাৰ , চাৰ আপোনাৰ হোষ্টেলত সাংঘাতিক কাণ্ড এটা হৈছে। ” ডঃ গোস্বামী চাৰ শৰীৰতত্ব বিজ্ঞানৰ অধ্যাপক আৰু আমাৰ মহাবিদ্যালয়খনৰ ছাত্রাৱাস এটাৰ তত্ত্বাৱধায়ক। “ কি হৈছে বর্মন , ভালদৰে কওঁকছোন ” – গোস্বামী চাৰে অণুজীৱবিজ্ঞানৰ প্রশিক্ষক বর্মনক সুধিলে। “ হোষ্টেলৰ ছাদত ছোৱালী এজনীক বহু কেইজনে আগুৰি ধৰি কিবাকিবি কৰি আছে। কি কম চাৰ , মোৰ ক ’ বলৈ লাজেই লাগিছে। তাইৰ দোপাট্টাখনো দুজনমানে ধৰি টনাটনি কৰি আছে। কি যে হ ’ ব চাৰ। ঘোৰ কলিকাল , লাজ - মানবোৰ নোহোৱাই হ ’ ল আজিকালিৰ এই ল ’ ৰা - ছোৱালীবোৰৰ। মোৰ চাবলৈয়ে মন যোৱা নাছিল। ল ’ ৰাটোক টিউচনত লৈ যাওঁতেই দেখিছিলোঁ। এতিয়াও দেখি আহিছোঁ। সিহঁতৰ ব্যভিচাৰৰ অন্ত নপৰিবই নেকি ? আবেলি চাৰি বজাৰে পৰা এইবোৰ চলি আছে ! এতিয়া আপুনি কি কৰে কৰক চাৰ। হোষ্টেলটোৰ বৰ বদনাম হ ’ ব। বহুতেই দেখিছে। ” – এক উশাহতে বর্মনে কথাখিনি কলে। “ চেহ ! ডাঙৰ কথাটো হ ’ ল নহয় ! এতিয়া কি কৰা যায়। “ স্বভাৱতে ঠাণ্ডা আৰু নির্জু প্রকৃতিৰ গোস্বামী চাৰে ভাবিবলৈ